ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্রমুখ নাগৰিক সন্মিলন
চাইন অন ডেস্ক:
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবর্ষ উপলক্ষে শুক্ৰবাৰে ডিব্ৰুগড় জিলা পুথিভঁৰালত প্রমুখ নাগৰিক সন্মিলন অনুষ্ঠিত কৰা হয়। উক্ত সন্মিলনত জিলা বিদ্যাৰ্থী প্ৰমুখ ড° কুলদীপ গোস্বামী ডাঙৰীয়াই আগ ধৰি কাৰ্য্যসূচী চলাই তথা সন্মানীয় অধিকাৰী সকলৰ পৰিচয় দাঙি ধৰে ডিব্ৰুগড় জিলাৰ জিলা কাৰ্য্যবাহ শ্ৰী অলক গগৈ দেৱে। জিলা সংঘচালক ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱা দেৱে সভাৰ উদ্দেশ্য ব্যাখ্যা প্ৰদান কৰে লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় সম্পৰ্ক প্ৰমুখ আদৰণীয় শ্ৰী ৰাম লাল জীয়ে বৌদ্ধিক প্ৰদান কৰি আমাৰ প্ৰাচীন অপৰাজেয়, বৈভৱশালি পৰম্পৰা তথা আমাৰ পূৰ্বপুৰুষ যাৰ দ্বাৰা আমি জীয়াই 
