আসন্ন নিৰ্বাচনৰ আজি প্ৰচাৰৰ অন্তিম দিন ৷ আজিৰ দিনটোত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে হাজো-শুৱালকুছি বিধান সভা সমস্টিটোত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰে ৷ আজি সামৰণিৰ দিনটোত হাজো-শুৱালকুছি সমস্টিৰ অন্তৰ্গত শুৱালকুছি মণ্ডল সমিতিৰ অধীনস্থ লাচিত গড় পঞ্চায়ত অনুস্হিত হয় এখন নিৰ্বাচনী সভা ৷ লাচিতগড় পঞ্চায়তৰ নিৰ্বাচনী সমিতিৰ সভাপতি প্ৰদীপ দাসৰ সভাপতিত্বত অনুস্হিত সভাত মুখ্য অতিথি হিচাৱে অংশ গ্ৰহণ কৰি প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই ৰাজ্যখনৰ মহিলা সৱলীকৰণত ড°হিমন্ত বিশ্ব শৰ্মা নেতৃত্বতাধীন চৰকাৰখন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ অসমৰ দৰে কোনো এখন ৰাজ্যতে এনেদৰে মহিলা সৱলীকৰণৰ আচনি চৰকাৰে গ্ৰহণ কৰি নাই ৷ মহিলা সকল সকলো দিশতে সৱলীকৰণ হলেহে দেশ ৰাজ্যৰ উন্নতি সম্ভৱপৰ হৈ পৰে ৷ তেওঁ পুনৰ কয় যে আজিৰ দিনত মহিলা সকলে নিজৰ আয় নিজে কৰিব পৰা হৈছে ৷ স্বামীক আশাকৰি বহি থাকিবলগীয়া পৰিস্থিতি আজি অসমত নাই ৷ মহিলা সকলক ঘৰ দিছে, ৰেচন কাৰ্ড দিছে, ঘৰতে সৰু সৰু ব্যৱসায় কৰিবলৈ মহিলা উদ্যমিতা আচনি দিছে, অৰুণোদয় দিছে , শিক্ষাৰ্থী সকলক স্কুটি দিছে গতিকে বিভিন্ন আচনিৰ জৰিয়তে মহিলা সকলক স্বাভলম্বিতা কৰি তোলা হৈছে ৷ মহিলা সকল শক্তিশালী হোৱা মানেই দেশখন ৰাজ্যখন শক্তিশালী হোৱা ৷ অহা পাচ বছৰত মহিলা সকলৰ বাবে আৰু কেবাখনো আশাসুধীয়া আচনি গ্ৰহণ কৰিব নতুন চৰকাৰখনে ৷ সেয়েহে আমি সকলোৱে মিলি ৯ এপ্ৰিলত পুনৰ বিজেপি মিত্ৰজোটৰ চৰকাৰখন আনিব লাগিব ৷ তেওঁ কয় যে আজি যুৱক সকলক স্বাভলম্বি কৰি তুলিবলৈ দুই লাখ টকাৰ ঋণ দিয়া হৈছে ৷ পৰৱৰ্তী সময়ত পাচলাখকৈ আগবঢ়োৱা হব ৷ যুৱক সকলক নিবণুৱা হৈ থাকিলে সমাজ বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনা থাকে ৷ কিন্ত সংস্হাপিত বা স্বাভলম্বি হলে সমাজ সঠিক ভাৱে চলি থাকে ৷ চৰকাৰে সেয়েহে নিবণুৱা সকলক চলাৰ সঠিক পথ দিছে ৷ তেওঁ পুনৰ কয় গুৱাহাটীখনত বিগত পাচটা বছৰত কিমান পৰিবৰ্তন হৈছে ৷ সকলো দিশতে সুন্দৰ আৰু আকৰ্ষণীয় হৈছে ৷ পৰৱৰ্তী পাচটা বছৰত আৰু এশ শতাংশ আকৰ্ষণীয় হৈ উঠিব ৷ সেয়েহে এই উন্নয়নৰ ধুমুহা যাতে স্হবিৰ নহয় তাৰবাবেই বিজেপি মিত্ৰজোঁটৰ চৰকাৰক বিপুল ভোটত জয়ী কৰাব লাগে ৷ অসমৰ সম উন্নয়নে আজি অসমখনৰ চেহেৰা সলনি কৰি তুলিছে ৷ বিৰোধী সকলে উন্নয়ন স্বীকাৰ নকৰে ৷ তেওঁলোকে অসমৰ উন্নতি বেয়া পাই বাবেই চৰকাৰক সকলোতে সমালোচনা কৰে ৷ আমি বিৰোধীৰ কথাত গুৰুত্ব দি লাভ নাই ৷ আমি চিন্তা কৰিব লাগিব প্ৰত্যেকজন অসমবাসীয়ে সুখে সন্তোষে থাকি দুবেলা দুমুঠি খাই বৈ থাকিব লাগিব ৷ পূৰ্বৰ জালুকবাৰী আমাৰ আত্মা ৷ আমি কেতিয়াও আৰু কাহানিও এই অঞ্চলৰ ৰাইজক পাহৰিব নোৱাৰো ৷ আজিৰ পৰ্যায়লৈ পূৰ্বৰ জালুকবাৰী মানুহে আমাক আগুৱাই দিছে ৷ গতিকে আমি সদায় আছো আৰু সদায় থাকিম ৷ আপোনালোকৰ মৰম আমাৰ সদায় চিৰকাম্য ৷ আপোনালো দুগৰাকী বিধায়ক পাব ৷ এতিয়াৰজনৰ লগতে ড°হিমন্ত বিশ্ব শৰ্মাকো বিধায়ক হিচাৱে পাব ৷ আপোনালোকে ৯ এপ্ৰিলত হাটীৰ ছবিত ভোট দি ড°হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিব লাগিব ৷ হাজো-শুৱালকুছি সমস্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসক যিমান বেছিকৈ ভোট দি জয়যুক্ত কৰি সিমানে ড°হিমন্ত বিশ্ব শৰ্মা শক্তিশালী হব ৷ বিশিষ্ট মহিলা গৰাকীয়ে কয় যে অহাবাৰ অৰুণোদয় আচনিত তিনি হাজাৰ টকাকৈ লাভ কৰিব ৷ মুখ্যমন্ত্ৰী ড°শৰ্মাই ৰাইজৰ সপোনবোৰ পূৰণ কৰিবলৈ যত্নপৰ হৈ আছে ৷ মাত্ৰ অসমবাসীৰ সহযোগ দৰকাৰ ৷ আপোনালোক সকলোৱে মিলি ড°শৰ্মাৰ নেতৃত্বত পুনৰ বিজেপি মিত্ৰজোটৰ চৰকাৰখন আনি দিয়ক আৰু অসমখনত এক সুস্হ সৱল পৰিৱেশ গঢ়াত সহযোগ কৰক ৷ তেওঁ সেই অঞ্চলৰ মহিলা সকলৰ সকলো সমস্যা নিৰ্বাচনৰ পিছতে সমাধান কৰাৰো আশ্বাস দিয়ে অন্তিমখন নিৰ্বাচনী সভাত ৷ সভাত বিশিষ্ট সমাজকৰ্মী ড°কেশৱ চন্দ্ৰ কলিতা দিয়া ভাষণত মুখ্যমন্ত্ৰী ড°শৰ্মাই সমস্টিটোৰ লগতে অসমত কৰা উন্নয়ন সন্দৰ্ভত এক তত্বগধূৰ বক্তব্যৰে সকলোকে মুগ্ধ কৰে ৷ ড°কলিতাই ৯ এপ্ৰিলত সকলোকে দলেবলে ওলাই আহি হাটীৰ ছবিত প্ৰকাশ চন্দ্ৰ দাসক ভোট দি মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায় ৷ সভাত ডা°বীৰেন্সি মিশ্ৰ, পৰেশ দাস, দ্ৰুপদ দাস প্ৰমুখ্যে কেবা গৰাকীয়ে ভাষণ দিয়ে ৷ দ্ৰুপদ দাসে ভোটাৰ দিনা প্ৰত্যেককে একোগছিকৈ বন্তি প্ৰজ্বলন কৰি মুখ্যমন্ত্ৰীৰ নেতৃত্বত পুনৰ এনডিএৰ চৰকাৰ হোৱাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায় ৷ সভাত ৰাজ্যিক কৃষাণ মৰ্চাৰ সাঃ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যয়ো উপস্থিত থাকে ৷সভাৰ শেষত ৰিণিকি ভূঞাৰ সৈতে সকলোৱে হিমন্ত আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ শীৰ্ষক গীতটি নাচিবাগি পৰিবেশন কৰে ৷ ইফালে সমস্টিটোৰ অন্তৰ্গত প্ৰতিখন পঞ্চায়ততে প্ৰকাশ দাসৰ সমৰ্থনত আজি প্ৰচাৰৰ সামৰণিৰ দিনটোত বাইকৰেলী, পদযাত্ৰা আদি আদিৰে এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে ৷ কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ দলেয়ো শোভাযাত্ৰা, বাইকৰেলী আদি উলিয়াই ৷
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.