...

খৃষ্টধৰ্মলৈ ধৰ্মান্তকৰণ কৰালে পাব ১০ হাজাৰ টকা!

Spread the love

 

 

খৃষ্টধৰ্মলৈ ধৰ্মান্তকৰণ কৰালে পাব ১০ হাজাৰ টকা!

 

অসুখ হলে,যীছুৰ নাম স্মৰণ কৰিলেই সকলো ভাল হব!
চিকিৎসাৰ দৰকাৰ নাই,সকলো যীছুৰ মহিমা!
ডিব্ৰুগড়ত ধৰ্মান্তকৰণৰ মায়াজালত শ-শ লোক!
মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ

চাইন অন ডেস্ক:

খৃষ্টধৰ্মলৈ ধৰ্মান্তকৰণ কৰাই দিব পাৰিলে পাব ১০ হাজাৰ টকা।অসুখ হলে,যীছুৰ নাম স্মৰণ কৰিলেই সকলো ভাল হব,চিকিৎসাৰ দৰকাৰ নাই।সকলো যীছুৰ মহিমা।এতিয়া এনে এক পৰিৱেশ ৰচনা হৈছে ৰাজ্যৰ দ্বিতীয় মহানগৰ ডিব্ৰুগড়ত।
অতি সম্প্ৰতি সমগ্ৰ অসমতে সন্দেহযুক্ত নাগৰিকে থিতাপি লোৱাৰ পিছত এইবাৰ আন এক ভয়ংকৰ দিশ উন্মোচিত হৈছে।হিন্দু যুৱতীক লাভ জেহাদৰ আলমত বিবাহ কৰোৱা,হিন্দুক ধৰ্ম্মান্তকৰণ কৰাৰ পাছত এইবাৰ সমগ্ৰ ৰাজ্য ভৰি পৰিছে খৃষ্টধৰ্মী পাদুৰী।অতি সংগোপনে এই সকল পাদুৰী এতিয়া ৰাজ্যৰ চুকে-কুনে ভৰি পৰিছে।সকলোৰে চকুৰ সন্মুখতে এই ঘটনা প্ৰবাহ সংঘটিত হৈ আহিছে যদিও যেন সকলো দেখিও নিমাত।হয়তো,কোনেও ইয়াৰ ভয়াবহতাৰ পূৰ্ৱানুমান কৰিব পৰা নাই।শেহতীয়াকৈ আমাৰ হাতত পৰা অভিযোগ অনুসৰি উজনিৰ প্ৰধানতঃ ডিব্ৰুগড় মহানগৰত এতিয়া অলিয়ে-গলিয়ে পাদুৰীৰ পাৰ্দূভাৱ।এই খৃষ্টানসকলহে প্ৰথমে শিক্ষাৰ প্ৰচাৰৰ বাবে অহা বুলি কৈ গোপনে ধৰ্ম্ম প্ৰচাৰত নামি পৰে।এনেদৰেই এতিয়া ডিব্ৰুগড় মহানগৰৰ নিৰ্মালী গাওঁ,তুলসী গাওঁ,মিলন নগৰ,ৰূপ নগৰ(পূৱ মিলন নগৰ),বাণীপুৰ আদি অঞ্চলত পাদুৰী সকলে থিতাপি লৈ ধৰ্ম্মান্তকৰণত নামি পৰিছে বুলিও গুৰুতৰ অভিযোগ উঠিছে।এগৰাকী মিজোৰামৰ পৰা অহা পাদুৰী খ্যাত লোকে এনে কাৰ্যত আগ-ভাগ লোৱাৰ অভিযোগ উঠিছে।তাতোকৈয়ো বিয়াগোম কথাতো হল যে ৰাজ্যৰ শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনৰ বাসগৃহৰ সমীপতে এক বাসগৃহৰ পৰাই খৃষ্টধৰ্ম প্ৰচাৰ চলাৰ অভিযোগ কৰিছে খোদ বিজেপিৰ প্ৰাক্তন জিলা সভাপতি উজ্জ্বল কাশ্যপে।কাশ্যপে আজি ‘চাইন অন’ৰ আগত কয় যে দীৰ্ঘ সময়ৰ পৰা ডিব্ৰুগড়ত এনে কাৰ্য চলি আহিছে।এয়া অতিকৈ ভয়ংকৰ কথা।ঘটনাৰ সন্দৰ্ভত ডিব্ৰুগড় ভ্ৰমণ কৰা মন্ত্ৰী পীয়ূষ হাজৰিকাক অৱগত কৰা হয় আৰু মন্ত্ৰী গৰাকীয়ে,দিল্লীলৈ উৰা মৰাৰ পূৰ্বে ততালিকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰে।মুখ্যমন্ত্ৰীয়ে ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছত ঘটনাৰ তদন্ত কৰাৰ নিৰ্দেশ দিয়ে ডিব্ৰুগড়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক।
আনহাতেদি মন্ত্ৰী পীয়ূস হাজৰিকাই ঘটনাৰ বুজ লৈ পোনে পোনে ডিব্ৰুগড়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ পৰা ঘটনাৰ বুজ লয় আৰু ডিব্ৰুগড়ত সংঘটিত এনে ঘটনাৰ বাবে যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰে।প্ৰাক্তন জিলা সভাপতি কাশ্যপে পুনৰাই কয় যে ইতিমধ্যেই ডিব্ৰুগড়ৰ মেডিকেল কলেজ চৌহদৰ পাঁচটা পাঞ্জাৱী পৰিয়ালক খৃষ্টধৰ্মীলৈ ধৰ্ম্মান্তকৰণ কৰিছে।উক্ত পৰিয়াল কেইটাই আৰ্থিক অনাটনত পৰি এনে কৰিব লগা হল বুলিও শিখ ধৰ্ম্মী লোকক অৱগত কৰা বুলি প্ৰকাশ কৰে কাশ্যপে।জানিব পৰা অনুসৰি পাঞ্জাৱী পৰিয়ালৰ লোকে ধমান্তকৰণ কৰিলে যদিও তেওঁবিলাকে নিজৰ পাগুৰি খুলি পেলোৱা নাই।সেয়ে সমাজত যাতে কোনেও গম নাপাই বা ধৰিব নোৱাৰাকৈ প্ৰতি দেওবাৰে গীজাত প্ৰাথনা কৰিবলৈ যোৱাৰ অভিযোগ উঠিছে।দেখা গৈছে যে প্ৰায় বিলাক নামঘৰৰ সমীপত এনে ধমান্থকৰণ কেন্দ্ৰ গঢ়ি উঠিছে।ডিব্ৰুগড়ৰ তুলসী গাওঁৰ নামঘৰৰ সমীপতেই আছে খৃষ্টধৰ্মী লোকৰ কাৰ্যালয় বা প্ৰাৰ্থনা গৃহ।কিন্তু প্ৰতিবেশী সকলেও আজি পৰ্যন্ত উমান নাপালে প্ৰকৃততে উক্ত গৃহত কিহৰ আলোচনা বা সভাৰ আয়োজন হয়।এনেদৰেই এনে পাদুৰীৰ পাৰ্দূভাবে, ডিব্ৰুগড়ত সামাজিক বাতাৱৰণ তথা জনগাঠনিত ভবিষ্যতে এক ব্যাপক প্ৰভাৱ পেলোৱাৰ পূৰ্ণ সম্ভাৱনা নুই কৰিব নোৱাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *