...

ডিব্ৰুগড় বিশ্ববদ্যালয়ত ডঃ গোপাল চন্দ্ৰ হাজৰিকাৰ দুখন গ্ৰন্থ উন্মোচন

Spread the love

চাইন অন ডেস্ক:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি পেক্ষাগৃহত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকাৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ অংকশাস্ত্ৰ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক,বিশিষ্ট লেখক,সুবক্তা,অতিকে মেধাসম্পন্ন ডঃ গোপাল চন্দ্ৰ হাজৰিকাৰ দ্বাৰা ৰচিত সোঁৱৰণিৰ কুৱঁলী ফালি ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জীৱন আৰু গীতৰ আঁৰৰ কিছু কথা উন্মোচন কৰে অৱসপ্ৰাপ্ত প্ৰাধ্যাপক ডঃ প্ৰদীপ কুমাৰ বৰুৱা আৰু অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক প্ৰবীণ কুমাৰ গগৈয়ে। দুয়োগৰাকী উন্মোচকে লেখক তথা প্ৰসিদ্ধ গণিতজ্ঞ গোপাল চন্দ হাজৰিকাৰ দ্বাৰা ৰচিত দুয়োখন গ্ৰন্থ আৰু গ্ৰন্থাকাৰৰ বিষয়ে অতি সুন্দৰ আৰু ৰসালপূৰ্ণ বাবে ব্যক্ত কৰে। ডিব্ৰুগড় বিশ্ববদ্যালয়ৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালে গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ প্ৰদীপ গগৈ,তিনিচুকীয়া মহাবদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ,সুৰকাৰ ডঃ ভূবন গগৈয়ে গ্ৰন্থ ৰচনা আৰু ইয়াৰ অন্তৰালৰ বিভিন্ন দিশৰ সন্দৰ্ভত নিজৰ মনৰ ভাৱ ব্যক্ত কৰে।

বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকাই গ্ৰন্থ দুখনৰ লগত বিশ্ববিদ্যালয়ৰ বিশেষ ভাবে যোগসূত্ৰ থকা বুলি কয়। বিশ্ববিদ্যালয়ৰ স্মৃতি ৰোমন্থন কৰি ৰচনা কৰা গ্ৰন্থখনে ষাঠি বছৰীয়া শিক্ষানুষ্ঠানৰ খনৰ সৈতে বিশেষ ভাবে জঢ়িত বুলি কোৱা লগতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ লগত সংগতি ৰাখি ৰচনা কৰা দৰে কাকতলীয় ভাবে সংযোগ ঘটা বুলি নিজৰ ভাষণত উল্লেখ কৰে। অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডঃ শৰৎ কাকতি, ডঃ চন্দ্ৰন শৰ্মা,ডঃ শশীকান্ত শইকীয়া, ডঃ লখিৰাম শইকীয়া, ডঃ পল্লৱী ডেকা বুজবৰুৱা,ডঃ জয়দেৱ গোস্বামী, ডঃ ৰূপম শইকীয়া, ডঃ মুকুট হাজৰিকা ড কল্যাণ ভূঞা, ডঃ মানসী গগৈ, ডঃ জিতু বৰা, ডঃ উৎপল দাস, প্ৰকল্প ৰঞ্জন ভাগৱতী কে ধৰি বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা,গৱেষক ছাত্ৰ ছাত্ৰী সকল উপস্থিত আছিল।গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো আঁত ধৰে ডঃ মনশ্ৰী  চেতিয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *