...

ডিব্ৰুগড়ত উষ্ম সঁহাৰি লাভ:ৰবি শৰ্মাৰ একচন ধৰ্মীৰ অসমীয়া ছবি ‘ৰুদ্ৰ’

Spread the love

ডিব্ৰুগড়ত উষ্ম সঁহাৰি লাভ:ৰবি শৰ্মাৰ একচন ধৰ্মীৰ অসমীয়া ছবি ‘ৰুদ্ৰ’

 

চাইন অন ডেস্ক:

ৰাজ্যৰ বিশিষ্ট তথা প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা ৰূপক গগৈৰ পৰিচালিত অসমীয়া ছুপাৰষ্টাৰ ৰবি শৰ্মাৰ বহু প্ৰত্যাশিত একচন ছবি ‘ৰুদ্ৰ’ ২০২৫ চনৰ ২৭ জুনত সমগ্ৰ ভাৰতবৰ্ষত মুক্তি লাভ কৰাৰে পৰা ব্যাপক প্ৰশংসা লাভ কৰিবলৈ আৰম্ভ কৰিছে।
বহু কোটি টকাৰ একচন থ্ৰিলাৰ, ৰুদ্ৰাই এড্ৰিনেলিন চাৰ্জড ক্ৰমৰ সৈতে গভীৰ আৱেগিক বিষয়বস্তুৰ সংমিশ্ৰণ ঘটাইছে।যিয়ে বাস্তৱ জীৱনৰ পৰিস্থিতিক প্ৰতিফলিত কৰিছে।দৰ্শকক এক ৰুচিবোধৰ লগতে মনোৰঞ্জনৰে ভৰপূৰ চিনেমা ৰাইজৰ আগত প্ৰদান কৰিবলৈও সক্ষম হোৱা বুলিয়েই কব পাৰি।পৰিচালক ৰূপক গগৈৰ কাহিনীৰে সুন্দৰ চিত্ৰনাট্য, চিত্ৰগ্ৰহণৰ বাবে প্ৰশংসিত হৈছে।কাহিনী আৰু চিত্ৰনাট্যৰে সকলো শ্ৰেণীৰ দৰ্শকৰ বাবে আকৰ্ষণীয় আৰু মনোৰঞ্জন দায়ক কৰি তোলা হৈছে।
ৰবি শৰ্মাৰ নেতৃত্বত নিৰ্মিত এই ছবিখনত আদিল হুছেইন, জয় কাশ্যপ, আৰু আৰ্চিতা আগৰৱালাইও অভিনয় কৰিছে।এই চলচ্চিত্ৰত আৰু থিয়েটাৰ পটভূমিৰ প্ৰায় ৬০ জন অভিনেতাই সহযোগ কৰিছে বুলিও জানিব পৰা গৈছে।এই এনচেম্বল আৰু উচ্চ প্ৰডাকচনে ৰুদ্ৰক অসমীয়া চিনেমাৰ এক ল্যাণ্ডমাৰ্ক প্ৰডাকচন হিচাপে চিহ্নিত কৰে।
এই ছবিখনে সৰ্বভাৰতীয় পৰ্যায়ত মুক্তি লাভ কৰিছে।যিটো অসমীয়া চলচ্চিত্ৰ জগতৰ ৰাষ্ট্ৰীয় উপস্থিতি সম্প্ৰসাৰণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি।ডিব্ৰুগড়ত ৰুদ্ৰই গেলেৰিয়া চিনেমা আৰু জ্যোৎস্না চিনেমাত বিপুল সংখ্যক দৰ্শকৰে চিনেমাৰ প্ৰশংসিত প্ৰথম দৰ্শনী অনুষ্ঠানৰ শুভাৰম্ভ কৰে।য’ত দৰ্শকে বহু উৎসাহেৰে ছবিখনক উপভোগ কৰে।ছবিখনৰ শক্তিশালী কাহিনী, আকৰ্ষণীয় অভিনয়, আৰু চিনেমাৰ উৎকৃষ্টতাৰ বাবে দৰ্শকে ভুয়সী প্ৰশংসা প্ৰকাশ কৰে।
প্ৰচাৰ ভ্ৰমণৰ অংশ হিচাপে ৰবি শৰ্মা আৰু ছবিখনৰ প্ৰযোজকসকলে কালি ডিব্ৰুগড়ৰ গেলেৰিয়া আৰু জ্যোৎস্না দুয়োটা চিনেমা হল পৰিদৰ্শন কৰি দৰ্শকৰ সৈতে মত বিনিময় কৰে আৰু দৰ্শকৰ পৰা চিনেমাৰ পোনপটীয়াকৈ মতামত লয়।আনহাতে অভিনেতা ৰবী শৰ্মাৰ লগত চেলফি উঠিবলৈকে অনুৰাগীৰ হেতা-উপৰা কৰাও পৰিলক্ষিত হয়।
প্ৰযোজক অ’ পি গাৰোডিয়া, অৰবিন্দ গাৰোডিয়া, গৌতম বেৰিয়া, আৰু মৰাণহাটৰ অনুপ বেৰিয়াই প্ৰথম দুদিনত এই আপ্লুত সঁহাৰিৰ বাবে অত্যন্ত সুখ প্ৰকাশ কৰে।তেওঁলোকে দৰ্শকক সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰি অসমবাসীক স্থানীয় চিনেমাক উৎসাহিত কৰি যাবলৈ আৰু ৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগৰ বৃদ্ধিত অৰিহণা যোগাবলৈ আহ্বান জনায়।
আকৰ্ষণীয় কাহিনীভাগ আৰু আৱেগিক অনুৰণনেৰে ৰুদ্ৰাই অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নতুন মাপকাঠী নিৰ্ধাৰণ কৰি অনাগত দিনত বৃহৎ দৰ্শকক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *