...

মৰিগাঁৱৰ চৰাইবাহীৰ লক্ষীকান্ত নাথৰ মহানুভৱতা

Spread the love

 

মৰিগাঁৱৰ চৰাইবাহীৰ লক্ষীকান্ত নাথৰ মহানুভৱতা

 

দুষ্প্ৰাপ্য কাছ উদ্ধাৰ কৰি নদীত মুকলি

 

মৰিগাঁও:

অসমৰ নৈ, বিল , জলাশয় আদিৰ পৰা ক্ৰমাৎ বিলুপ্ত হবলৈ ধৰিছে কাছ ৷ এচাম অসাধু ব্যক্তি আৰু জলবায়ু পৰিবৰ্তনে জৈব্য বৈচিত্ৰৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। বিল জলাশয়ত থলুৱা মাছ কাছ আদি ক্ৰমাৎ বিলুপ্তি হবলৈ ধৰা সময়তে মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী অঞ্চলৰ লক্ষীকান্ত নাথ নামৰ এজন ব্যক্তিৰ মহানুভৱতাই প্ৰকৃতিপ্ৰেমীৰ মাজত এক আশাৰ সঞ্চাৰ কৰিছে ৷ জানিব পৰা মতে
মৰিগাঁৱৰ চৰাইবাহীৰ মায়েঙ্গীয়া গাঁৱৰ লক্ষীকান্ত নাথ নামৰ এজন কৃষকে পথাৰ ধান কাটিবলৈ যাওঁতে ধাননি পথাৰৰ পৰা উদ্ধাৰ কৰে এটি দুষ্প্ৰাপ্য কাছ৷ ক্ৰমাৎ দুষ্প্ৰাপ্য হোৱা কাছটো উদ্ধাৰ কৰি আজি পুনৰ চৰাইবাহীৰ সোনাই নৈত মুকলি কৰি দিয়ে ৷ উল্লেখ যে দুষ্প্ৰাপ্য হৈ পৰা কাছটোৰ বংশবৃদ্ধিৰ বাবে কৃষক জনে নৈত মুকলি কৰি মহানুভৱতাৰ পৰিচয় দিয়াৰ বাবে সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *