অসম চাহ মজদুৰ সংঘৰ ‘ৰাধিকা সুন্দৰী’-২৫ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগীতা
প্ৰতিযোগিতাৰ ফাইনেল ৰাওণ্ড ডিব্ৰুগড় নাহৰতলী চাহ বাগিচাত
চাইন অন ডেস্ক:
অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ চাহ জনগোষ্ঠীয় মহিলা বা যুৱতী সকল চাহ বাগিচাতেই সীমাবদ্ধ নহয়। সেউজীয়া চাহবাগিচাৰ পৰা গৈ বিভিন্ন ক্ষেত্ৰত নিজৰ নিজৰ পাৰদৰ্শিতাৰে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে। এইবাৰ চাহ জনগোষ্ঠীয় কিশোৰী-যুৱতী সকলৰ সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত
পদক্ষেপ গ্ৰহণ কৰি অসম চাহ মজদুৰ সংঘই অনুষ্ঠিত কৰিছে ‘ৰাধিকা সুন্দৰী’-২৫ শীৰ্ষক এক সৌন্দৰ্য প্ৰতিযোগীতা। য’ত কেবল চাহ জনগোষ্ঠীয় যুৱতী তথা কিশোৰী সকলেহে অংশগ্ৰহণ কৰিব পাৰিব। ডিব্ৰুগড় হোটেল ট্ৰী কাউণ্টিত অনুষ্ঠিত কৰা অডিশ্যনত অসমৰ বিভিন্ন প্ৰান্তৰ চাহ বাগিচাত লুকাই থকা সৌন্দৰ্য সমাহাৰ ঘটাই সমাবেশ হলহি প্ৰায় দুই শতাধিক সুন্দৰী। এটি-কলি দুটি পাত চিঙিবলৈ নহয়! সৌন্দৰ্য প্ৰতিযোগিতাৰ ৰঙীন কাৰ্পেটত কেটৱাল্ক কৰিবলৈ অডিশ্যনত ভাগ ল’লে দুই শতাধিক চাহ গোষ্ঠীয় সুন্দৰী যুৱতীয়ে। এক লাখ টকা,৫০ হেজাৰ টকা আৰু ২৫ হেজাৰ টকাৰ আৰ্কষণীয় পুৰস্কাৰ ঘোষণাৰে অসম চাহ মজদুৰ সংঘই আয়োজন কৰা প্ৰতিযোগিতাৰ ফাইনেল ৰাওণ্ড অনুষ্ঠিত হ’ব ডিব্ৰুগড় নাহৰতলী চাহ বাগিচাত আয়োজন কৰা কেন্দ্ৰীয় কৰম সন্মিলনৰ মঞ্চত।