পুনেৰ ইন্দ্ৰায়নী নৈত ভয়ংকৰ অঘটন
দলং খহি ২ জনৰ মৃত্যু, কেইবাজনো সন্ধানহীন
_পুনেৰ ইন্দ্ৰায়নী নৈৰ ওপৰত থকা লোৰ দলং খহি পৰাৰ ফলত এতিয়ালৈ ২ জনৰ মৃত্যু
৬ জনৰ অৱস্থা সংকটজনক_
পুনে:
মহাৰাষ্ট্ৰৰ পুনেৰ ইন্দ্ৰায়নী নৈত ভয়ংকৰ দুৰ্ঘটনা । মাভল তহচিলৰ ইন্দ্ৰায়নী নৈৰ ওপৰত নিৰ্মিত লোৰ দলং খহি প্ৰায় ২ গৰাকী লোকৰ মৃত্যু হয় । আনহাতে ৩২ গৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।আনহাতে উদ্ধাৰ হোৱা ৬ গৰাকী লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জনোৱা মতে মাভল তহচিলৰ কুণ্ডমালা অঞ্চলৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয় । বহু লোক নৈ উটি যায় যদিও একাংশক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ।
এই সন্দৰ্ভত এগৰাকী বিষয়াই কয় যে এন ডি আৰ এফৰ দলসমূহে সেই স্থানত উদ্ধাৰ অভিযান চলাই আছে । লেগাওঁ দভাড়ে আৰক্ষী থানাৰ এগৰাকী বিষয়াই কয়, “প্ৰাথমিক তথ্য অনুসৰি ইন্দ্ৰায়নী নৈত নিৰ্মিত লোৰ দলং খহি পৰাৰ পিছতে এজন ব্যক্তিক উটুৱাই নিয়াৰ আশংকা কৰা হৈছে, আনহাতে আন তিনিজনক উদ্ধাৰ কৰা হৈছে ।”
পৰ্যটকৰ ভিৰৰ মাজতে খহি পৰিল দলংখন
সন্ত টুকাৰামৰ সৈতে জড়িত পবিত্ৰ তীৰ্থনগৰী ডেহুত আছে এই দলংখন । ইন্দ্ৰায়নী নৈ পাৰ হ’বলৈ পথচাৰীয়ে এই দলংখন ব্যৱহাৰ কৰিছিল । দেওবাৰে অঞ্চলটোত পৰ্যটকৰ যথেষ্ট ভিৰ দেখা গৈছিল । দুৰ্ঘটনাৰ সময়ত দলঙৰ ওপৰত বা সমীপত বহু পৰ্যটক উপস্থিত আছিল ।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে দলংখন হঠাতে খহি পৰে, যাৰ বাবে দলঙত থকা লোকসকলে পলায়নৰ সুযোগ নাপালে । একে সময়তে নদীৰ প্ৰবল সোঁতে দলঙৰ পৰা পৰি যোৱা লোকবোৰক উটুৱাই লৈ যায় ।
এন ডি আৰ এফৰ দল নিয়োগ কৰা হৈছে।
আহতসকলক চিকিৎসালয়ত ভৰ্তি
ইন্দ্ৰায়নী নৈৰ দলংখন খহি পৰা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে কয়, “মাভলত দলং খহি পৰিছে । মই আয়ুক্ত, তহচিলদাৰ আৰু আৰক্ষী আয়ুক্তৰ সৈতে কথা পাতিছো । কিছু লোক আহত হৈছে, যাক চিকিৎসালয়লৈ লৈ যোৱা হৈছে । কিছু লোকো আবদ্ধ হৈ আছে । এন ডি আৰ এফৰ দল তাত উপস্থিত হৈছে । একাংশ লোক নৈত উটি যোৱাৰ সম্ভাৱনা আছে।”