Skip to content বিশিষ্ট কবি, সাহিত্যিক অনুভৱ তুলসীৰ মহাপ্ৰয়াণ
চাইন অন ডেস্ক:
ৰাজ্যৰ এগৰাকী বিশিষ্ট কবি, সাহিত্যিক অনুভৱ তুলসীৰ মহাপ্ৰয়াণ ঘটে। আজি পুৱা ১০:০৫ বজাত গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত জনপ্ৰিয় কবি গৰাকীয়ে ৬৭ বছৰত শেষনিশ্বাস ত্যাগ কৰে।জনপ্ৰিয় কবিগৰাকী যোৱা শনিবাৰে ষ্ট্ৰ’কত আক্ৰান্ত হোৱাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
পৰিয়ালৰ পৰা জানিব পৰা অনুসৰি শনিবাৰৰ পৰাই হাস্পতালত চিকিৎসাধীন হৈ আছিল কবি তথা সাহিত্যিক অনুভৱ তুলসী।পৰৱৰ্তীকালত হাস্পতালৰ পৰাই মালিগাঁৱৰ বাসগৃহলৈ লৈ যোৱা হয় নশ্বৰদেহ। অনুভৱ তুলসী একাধাৰে কবি, অনুবাদক, চলচ্চিত্ৰ সমালোচক, গল্পকাৰ, সম্পাদক আছিল। কেৱল অসমীয়া সাহিত্যতেই নহয়, ভাৰতীয় সাহিত্যৰো এগৰাকী প্ৰতিথযশা কবি তথা সাহিত্যিক আছিল অনুভৱ তুলসী ।
১৯৫৮ চনৰ ৩ ডিচেম্বৰত নগাঁও জিলাৰ তুলসীমুখত জন্মগ্ৰহণ কৰা অনুভৱ তুলসীৰ পিতৃৰ নাম লক্ষ্মীকান্ত শইকীয়া আৰু মাতৃ আছিল লাবণ্য শইকীয়া । তুলসীমুখত স্কুলীয়া শিক্ষা লাভ কৰাৰ পিছত ১৯৭৯ চনত নগাঁও কলেজৰ পৰা ইংৰাজীত সন্মানসহ স্নাতক ডিগ্রী লাভ কৰে । ইয়াৰ পিছতেই ১৯৮৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্রী অর্জন কৰে ।
তেওঁ ১৯৯৭ চনত দোৰোণফুল’ৰ বাবে মুনীন বৰকটকী বঁটা, ২০০২ চনত কেন্দ্রীয় চৰকাৰৰ সংস্কৃতি দপ্তৰৰ জ্যেষ্ঠ ফেল’শ্বিপ লাভ কৰিছিল । তদুপৰি ২০১৫ চনত অন্তর্লিপি সাহিত্য বঁটা, ২০১৭ চনত সাহিত্যজ্যোতি বঁটা, ২০১৭ চনত অসম সাহিত্য সভাৰ শতবর্ষীয় সাহিত্য সম্মান, ২০১৯ চনত পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য সন্মান আৰু ২০১৯ চনত জমিৰুদ্দিন সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হয় । তুৰস্কৰ ইস্তানবুল, আমেৰিকাৰ অষ্টিন, গ্ৰীচৰ এথেন্স আৰু বাংলাদেশৰ ঢাকাত অনুষ্ঠিত বিশ্ব কবিতা আৰু সাহিত্য মহোৎসৱত কবিতা পাঠৰ বাবে তেওঁ আমন্ত্ৰিত হৈছিল । জাৰ্মানী, ফৰাচী, হাঙ্গেৰী, উজবেক আদি ভাষালৈও তেওঁৰ কবিতা অনুবাদ হৈছে ।