...

বিশিষ্ট বুৰঞ্জীবিদ,প্ৰাক্তন অধ্যক্ষ নগেন কুমাৰ বৰুৱাৰ দেহাৱসান

Spread the love

বিশিষ্ট বুৰঞ্জীবিদ,প্ৰাক্তন অধ্যক্ষ নগেন কুমাৰ বৰুৱাৰ দেহাৱসান

ডিব্ৰুগড়ৰ লেজাই হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰে কৰ্মজীৱনৰ পাতনি

চাইন অন ডেস্ক:

অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, বুৰঞ্জীৰ গৱেষক, লিখক, সৰবৰহী সমাজকৰ্মী, দুৱৰাচুক ৰূপনগৰ নিবাসী তথা ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চাওডাঙ্‌ নগেন কুমাৰ বৰুৱাৰ আজি নিচেই পুৱা ৪-৫০ বজাত ডিব্ৰুগড়ৰ অপেক্ষা হস্পিটেলত ৯২ বছৰ বয়সত জীৱনাৱসান ঘটে৷ মৃত্যুৰ সময়ত তেখেতে পত্নী, তিনিজন পুত্ৰ, এগৰাকী কন্যা আৰু নাতি-নাতিনীকে ধৰি বহু আত্মীয়ক ইহসংহাৰত এৰি থৈ গৈছে৷ উল্লেখ্য যে অসমৰ যিকেইগৰাকী চিন্তাবিদে নীৰৱে বুৰঞ্জী-সাহিত্য চৰ্চা কৰি আছে, তাৰ ভিতৰত ডিব্ৰুগড়ৰ নগেন কুমাৰ বৰুৱা অন্যতম৷ ১৯৩৪ চনত শিৱসাগৰৰ মগনা গাঁৱত জন্ম লাভ কৰা নগেন বৰুৱাই চাউলকৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলি কোঁৱৰপুৰ হাইস্কুলৰপৰা মেট্ৰিক আৰু শিৱসাগৰ কলেজৰপৰা সন্মানসহ বি এ ডিগ্ৰী লাভ কৰে৷ পিছলৈ তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা এম. এ. আৰু বি. টি. ডিগ্ৰী প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে লাভ কৰে৷ আজীৱন শিক্ষাব্ৰতী নগেন কুমাৰ বৰুৱাই ১৯৬২ চনত ডিব্ৰুগড় জিলাৰ লেজাই হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণেৰে কৰ্মজীৱনৰ পাতনি মেলে৷ তেখেতে একাধিক বিদ্যালয়ত শিক্ষক তথা প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে সেবা আগবঢ়াই সুনাম অৰ্জন কৰিছিল৷ ১৯৭৭ চনত কাৰ্বি আংলঙলৈ গৈ বৰুৱাই হাওৰাঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে যোগ দিছিল৷ পাছত কাৰ্বি আংলং জিলা পৰিষদে ডকমকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে তেখেতক বদলি কৰে৷ ১৯৮৫ চনত অসম চৰকাৰে তেখেতক ডিব্ৰুগড় জিলাৰ লেঙেৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে বদলি কৰে৷ তেখেতৰ একক প্ৰচেষ্টাতে ১৯৮৫ চনত লেঙেৰী উচ্চ মাধ্যমিক বিদ্যলয় উচ্চতৰ মাধ্যমিকলৈ উন্নীত হয় আৰু ১৯৮৬ চনত লেঙেৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেন্দ্ৰ প্ৰতিষ্ঠা হয়৷ ইয়াৰ পাছত পুনৰ তেখেতক শিৱসাগৰ জিলা [বৰ্তমান চৰাইদেউ জিলা]ৰ সাপেখাটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পদলৈ বদলি কৰে৷ ১৯৯০ চনত বৰুৱাক ডিব্ৰুগড় নগৰৰ বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাপে বদলি কৰে আৰু এই বিদ্যালয়ৰপৰাই অধ্যক্ষ হিচাপে ১৯৯৯ চনত তেখেতে চাকৰি-জীবনৰপৰা অৱসৰ গ্ৰহণ কৰে৷ আজীৱন প্ৰধান শিক্ষক তথা অধ্যক্ষৰূপে কৰ্মজীৱন অতিবাহিত কৰা শিক্ষাবিদ গৰাকীৰ বিয়োগত ডিব্ৰুগড় তথা অসমৰ শৈক্ষিক সমাজ শোকত আজি ম্ৰিয়মান হৈ পৰে৷ তেখেতৰ পাৰ্থিৱ শৰীৰ ৰাজহুৱাভাৱে স্থানীয় ৰূপনগৰ ৰাজহুৱা নামঘৰ, দুৱৰাচুক ৰূপনগৰ চেতিয়াচুক প্ৰগতি সংঘৰ প্ৰাঙ্গণত আৰু তেখেতৰ অন্তিম কৰ্মস্থলী বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষা, শিক্ষক-শিক্ষয়িত্ৰী সহিতে উপস্থিত ছাত্ৰ-ছাত্ৰী সকলে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ অন্তত চিৰিং চাপৰি ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়৷

 

কলেজীয়া জীৱনতে কবিতা চৰ্চাৰে সাহিত্য জগতত প্ৰৱেশ কৰা নগেন কুমাৰ বৰুবাই পৰৱৰ্তী সময়ত ইতিহাসৰ গবেষণাত আত্মনিয়োগ কৰে আৰু এজন ইতিহাসবিদ হিচাপে খ্যাতি লাভ কৰে৷ নিৰ্ভীক লেখক বৰুৱাই অসম বুৰঞ্জীৰ বহু অনুদঘাটিত বা অন্য বুৰঞ্জীবিদে প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ কৰা তথ্যৰে তেখেতৰ লেখাক এক বিশেষ মাত্ৰা দিবলৈ সক্ষম হৈছে৷ বিভিন্ন কাকত-আলোচনীত বুৰঞ্জী বিষয়ক প্ৰবন্ধ প্ৰকাশ কৰা নগেন কুমাৰ বৰুৱাৰ প্ৰকাশিত গ্ৰন্থ হ’ল- ‘জাতীয় বীৰ লাচিত বৰফুকন’, চাৰিশতাধিক পৃষ্ঠাৰ ‘ছাওলুং চুকাফা ঃ জীৱন, কৰ্ম, কীৰ্তি আৰু পৰম্পৰা’, ‘লুইতৰ পাৰৰ বুৰঞ্জীকোষ’¸ শীৰ্ষক প্ৰায় ১৪০০ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ ইতিহাসৰ গৱেষণামূলক গ্ৰন্থ ইত্যাদি৷ তেখেতৰ কেইবাখনো গ্ৰন্থৰ পাণ্ডুলিপি ছপাশালত প্ৰকাশৰ পথত আছে৷ নগেন কুমাৰ বৰুৱাৰ ভাষা সহজ-সৰল আৰু উপস্থাপন ৰীতি বস্তুনিষ্ঠ আৰু বিশ্লেষণাত্মক৷ বিশিষ্ট বুৰঞ্জীবিদ গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে আজি পুৱাই তেখেতৰ বাসগৃহত শেষ শ্ৰদ্ধা জনাবৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু অনুৰাগীৰ ভীৰ পৰিলক্ষিত হয়৷ পুৱাৰপৰাই অঞ্চলটোত শোকৰ ছাঁ পৰে আৰু বিভিন্ন ব্যক্তি-অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *