...

১৪ ফেব্ৰুৱাৰীত অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Spread the love

১৪ ফেব্ৰুৱাৰীত অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

মৰাণৰ ফ’ৰ লেনত অৱতৰণ কৰিব যুঁজাৰু বিমানঃ ড০ হিমন্ত বিশ্ব শৰ্মা

চাইন অন ডেস্ক:
একালত ট্ৰাক চলিব নোৱাৰা অসমৰ ৰাজপথত অৱতৰণ কৰিব যুঁজাৰু বিমান৷শুক্ৰবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশাল জনসভাত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ অহা ১৪ ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিবলগীয়া চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ৰাফেল, ছুখয়ৰ দৰে যুঁজাৰু বিমান অৱতৰণ কৰি দেশৰ ভিতৰত ইতিহাস সৃষ্টি কৰিব বুলি উল্লেখ কৰে৷ আনহাতে সেইদিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাহনৰ বিপৰীতে বিমানেৰে অৱতৰণ কৰি অনুষ্ঠানত অংশ ল’ব বুলিও নিজৰ ভাষণত জানিবলৈ দিয়ে৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এসময়ত ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক চলিব পৰা নাছিল৷ ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মৰাণলৈকে আহিব৷ বাহনেৰে নহয়, বিমানেৰে ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব৷ মৰানৰ ৰাজপথত ৰাফেল, ছুখয়ৰ দৰে যুঁজাৰু বিমান অৱতৰণ কৰিব৷ ভাৰতৰ ভিতৰতে বিমান অৱতৰণ কৰিব পৰা ৰাজপথ অসমে হ’ব অগ্ৰণী ৰাজ্য৷ কোনে কল্পনা কৰিছিল যে, ট্ৰাক চলিব পৰা অৱস্থাত নথকা মৰাণৰ ৰাজপথত যুঁজাৰু বিমান অৱতৰণ হ’ব৷ একেটা প্ৰসংগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, নুমলীগড়-গোলাঘাটৰ মাজত ট্যানেল হ’ব বুলি কোনেও কল্পনা কৰিব পৰা নাছিল৷ এই ট্যানেলয়েদি যান-বাহনৰ লগতে ৰে’ল চলাচল কৰিব পাৰিব৷ আমি কোনো অসমীয়াই ইমান কাম হ’ব বুলি সপোন দেখা নাছিলো৷ এই কাম নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে কৰিলে৷ তৃতীয়বাৰলৈ অসমত বিজেপি চৰকাৰ গঠন কৰি দিলে, দেশৰ ভিতৰত অসমক এখন অগ্ৰণী ৰাজ্যলৈ পৰিণত কৰিম৷ এটা সময়ত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিবলৈ ৭-৮ ঘন্টাৰ সময়ৰ প্ৰয়োজন হৈছিল৷ নৰেন্দ্ৰ মোডীয়ে আজি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ দিলে৷ কেইদিনমানৰ পূৰ্বে কলিয়াবৰলৈ আহি কাজিৰঙাৰ ওপৰত ৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ্লাইঅভাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে৷ ইয়াৰ ফলত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ ১ ঘন্টা সময় হ্ৰাস পাব৷ ডিব্ৰুগড়ৰ পৰা নিৰ্বাচনী ৰণশিঙা বজাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কয়, উজনি অসমৰ ৰাইজে আমাক সদায়েই বেছি সমৰ্থন দি আহিছে৷ ২০২১ চনৰ নিৰ্বাচনত ডিব্ৰুগড় জিলাৰ আটাইকেইখন আসনত জয়ী হৈছিলো৷ ঠিক সেইদৰে তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, লক্ষীমপুৰ, গোলাঘাট, ধেমাজি সকলোৱে বিজেপি চৰকাৰ গঠনত সমৰ্থন জনাইছিল৷ নিৰ্বাচনৰ আগত আমি কৈছিলো যে, উজনি অসমক কেৱল ৰাজনৈতিক দৃষ্টিভংগীৰে নহয়, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশৰ পৰাও আমি আগবঢ়াই লৈ যাম৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমাক ধলা-শদিয়া দলং, বগীবিল দলং উপহাৰ দিলে৷ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত নামৰূপত ১২ হাজাৰ কোটি টকীয়া ইউৰীয়া-এমনীয়া প্ৰকল্পৰ আধাৰশিলা কৰে৷ আজি আমাৰ বাবে অত্যন্ত পবিত্ৰ দিন৷ ভাৰত স্বাধীন হোৱা ৭৭ বছৰ হ’ল৷ কোনেও ভাবিব পৰা নাছিল যে, গুৱাহাটীৰ বাহিৰত অসমৰ ৰাজধানী হ’ব, অসম বিধানসভাৰ দ্বিতীয় চৌহদো নিৰ্মাণ হ’ব পাৰে বুলি কোনেও ভাবিব পৰা নাছিল৷ আজি অকল ডিব্ৰুগড়ৰ বাবে নহয়, উজনি অসমৰ বাবে এটা গৌৰৱৰ দিন৷

ইফালে কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, এটা সময়ত আমাৰ পৰিচয় আছিল আন্দোলন, ধৰ্ণা, ধৰ্মঘট, বন্দুক, গুলী আৰু আমাৰ অসমখনৰ অশান্তি, অন্ধকাৰৰ কলীয়া ডাঁৱৰ৷ আজি আমাৰ ৰাজ্যখনলৈ পৰিৱৰ্তন আহিল৷ ৰাজ্যখনৰ প্ৰতিটো অঞ্চলতে বাট-পথ, মেডিকেল কলেজ আদি নিৰ্মাণ হ’ল৷ কংগ্ৰেছে অসমক ৬০ বছৰ শাসন কৰিছিল৷ ডিব্ৰুগড়ত এখন মেডিকেল হৈছিল৷ কিন্তু আজি বিজেপি চৰকাৰ অহাৰ পিছত চৰাইদেউ, গোলাঘাট, তিনিচুকীয়া, লক্ষীমপুৰ আদিত মেডিকেল কলেজ হ’ল৷ উজনি অসমত এই ব্যাপক পৰিৱৰ্তন কংগ্ৰেছ চৰকাৰে কেতিয়াও চিন্তা কৰিব পৰা নাছিল৷ কংগ্ৰেছে আমাক ধুতি, লুঙী, সূতা, কম্বল আৰু আঠুৱা৷ আৰু নৰেন্দ্ৰ মোডীয়ে আমাক দিছে ঢলা-শদীয়া দলং, বগীবিল দলং, চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৰংঘৰক সৌন্দৰ্যবৰ্ধন, দৰিদ্ৰ জনতাৰ বাবে উন্নয়নৰ জয়গান৷ কংগ্ৰেছে আমাক ৬০ বছৰ শাসন কৰিছিল, কিন্তু আমাৰ বাগানৰ শ্ৰমিকসকলক মাটিৰ পট্টা দিবলৈ সাহস নকৰিলে৷ বিজেপি চৰকাৰে ৯ ফেব্ৰুৱাৰীৰ পৰা বাগিচাৰ শ্ৰমিকৰ বাবে মাটিৰ পট্টাৰ আবেদন বিতৰণৰ কাম আৰম্ভ কৰিব৷ বিজেপি চৰকাৰে এক টকাও উৎকোচ নোলোৱাকৈ এক-ডেৰলাখ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *