...

ব্ৰাজিল ভ্ৰমণ সামৰিলে প্ৰধানমন্ত্ৰীয়ে

Spread the love

ব্ৰাজিল ভ্ৰমণ সামৰিলে প্ৰধানমন্ত্ৰীয়ে

নামিবিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ব্ৰাজিল:

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ব্ৰাজিল ভ্ৰমণ সামৰি মঙলবাৰে উৰা মাৰিছে নামিবিয়া অভিমুখে।ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা ছিলভাৰ সৈতে বাণিজ্য আৰু সন্ত্ৰাসবাদকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক্স(X) ত প্ৰকাশিত এটা পোষ্টত এনেদৰে কয়, ‘‘ৰিঅ’ ডি জেনেৰিঅ’ত সফলতাৰে সম্পন্ন হোৱা ১৭ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলন আৰু ব্ৰাজিলিয়াত ৰাজ্যিক ভ্ৰমণৰ জৰিয়তে ব্ৰাজিল ভ্ৰমণৰ সামৰণি পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৫ খন দেশ ভ্ৰমণৰ অন্তিমটো গন্তব্যস্থান নামিবিয়াৰ দিশে ৰাওনা হৈছে।’’

মোদীয়ে ব্ৰাজিলিয়াত ৰাষ্ট্ৰপতি লুলাৰ সৈতে ইতিবাচক আলোচনাত অংশগ্ৰহণ কৰা বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ এক পোষ্টযোগে প্ৰকাশ কৰিছে।আলোচনাত বাণিজ্যিক সম্পৰ্কৰ বৈচিত্ৰ্যৰ লগতে পৰিকল্পিত আঁচনি, বহনক্ষম উন্নয়ন আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত প্ৰকাশিত এটা পোষ্টত কয় যে তেওঁ “ভাৰত-ব্ৰাজিলৰ বন্ধুত্বৰ প্ৰতি সদায় আবেগিক ৰাষ্ট্ৰপতি লুলাৰ সৈতে ফলপ্ৰসূ আলোচনা” সম্পন্ন কৰিছিল। মোদীয়ে এনেদৰে কয়, ‘‘আমাৰ আলোচনাত বাণিজ্যিক সম্পৰ্ক দৃঢ় কৰাৰ উপায়ো অন্তৰ্ভুক্ত কৰা হৈছিল আৰু সমান্তৰালকৈ দ্বি-পাক্ষিক বাণিজ্যৰ বৈচিত্ৰও অন্তৰ্ভুক্ত আছিল।আমি দুয়ো এই কথাত একমত যে অনাগত সময়ত এনে সংযোগ লাভৰ বাবে অপৰিসীম পৰিসৰ আছে।”

এই ভ্ৰমণৰ সময়ত ভাৰত আৰু ব্ৰাজিলে কেইবাটাও ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে চুক্তি স্বাক্ষৰ কৰে। মঙলবাৰে প্ৰধানমন্ত্ৰীগৰাকীক ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘‘গ্ৰেণ্ড কলাৰ অৱ দ্য নেশ্যনেল অৰ্ডাৰ অৱ দ্য চাউডাৰ্ণ ক্ৰছ’’ সন্মান প্ৰদান কৰা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *