...

নগাঁও প্ৰেছ ক্লাৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

Spread the love

 

 

নগাঁও প্ৰেছ ক্লাৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

 

নগাঁও:-

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সমগ্ৰ দেশৰ সমান্তৰালকৈ নগাঁও জিলাতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটি নগাঁও জিলা প্ৰশাসন,জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যলয়ৰ উদ্যোগত আৰু নগাঁও প্ৰেছ ক্লাবৰ সহযোগত উদযাপন কৰা হয়। এই উপলক্ষে নগাঁও প্ৰেছ ক্লাবৰ ড° আবু হানিফা প্ৰেক্ষাগৃহত আয়োজিত সভাত সভাপতিত্ব কৰে নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জিতেন বৰকটকীয়ে। অসমৰ জাতীয় সংগীতেৰে আৰম্ভ কৰা সভাখনত আদৰণি ভাষণ প্রদান কৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়ঙীয়াই। কৃষ্ণ কিংকৰ খাটনিয়াৰে আঁত ধৰা আৰু নগাঁও প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক নিলোৎপল বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় ইংৰাজী বিষয়ৰ প্ৰবক্তা তথা বিশিষ্ট সাহিত্যি সমালোচক অৰিন্দম বৰকটকীয়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস-২০২৫ৰ মূল বিষয়বস্তু “বিভ্রান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্রদান” সম্পৰ্কত এক সুন্দৰ বিশ্লেষণ আগবঢ়ায়। সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মাই সংবাদসেৱীসকলক প্ৰেছ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি বিশেষকৈ কৃত্তিম বুদ্ধিমত্তা বা এ আইৰ দ্ৰুত বিৱৰ্তনৰ অগ্ৰগতি আৰু এইক্ষেত্ৰত সংবাদ মাধ্যমত এ আইৰ লাহে লাহে প্ৰভাৱ বিস্তাৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰে। সভাত নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাইও সংবাদসেৱীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। আজিৰ সভাতে নগাঁও জিলা প্ৰশাসন আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যলয়ৰ তৰফৰ পৰা উপস্থিত সকলো সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। সভাত অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাকে প্ৰমুখ্য কৰি নগাঁও প্ৰেছ ক্লাবৰ বিষয়ববীয়া আৰু সদস্যসকল,জিলাখনৰ বিভিন্ন প্ৰেছ ক্লাৱৰ প্ৰতিনিধিসকল,বিশিষ্ট গণ্য মান্য ব্যক্তি তথা জিলা তথ্য আৰু জনসংযোগ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দ উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *