প্ৰতিশ্ৰুতি’ এক সংকল্প, সাহস আৰু ত্যাগৰ প্ৰতীকঃ নিতুমণি শইকীয়া
ডাঃ গায়ত্ৰী পল, ডাঃ কবীন্দ্ৰ ভাগৱতী, ডাঃ এম. এন বৰুৱা, ‘কৰুণাধাৰা’ক ‘প্ৰতিশ্ৰুতি’ৰ বঁটা প্ৰদান
চাইন অন ডেস্কঃ কেঞ্চাৰ সজাগতা আৰু প্ৰতিৰোধৰ হকে কাম কৰি অহা উজনিৰ ডিব্ৰুগড়স্থিত প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট চমুকৈ ‘প্ৰতিশ্ৰুতি’য়ে আজি প্ৰতিষ্ঠাৰ অষ্টম বৰ্ষ সম্পুৰ্ণ কৰি নৱম বৰ্ষত ভৰি দিলে৷ এই উপলক্ষ্যত আজি দিনজোৰা কাৰ্যসূচীৰে বৈৰাগীমঠস্থিত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ আউটড’ৰ ষ্টেডিয়ামৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সংগঠনটোৱে কেঞ্চাৰৰ ক্ষেত্ৰত অনবদ্য অৱদানৰ আগবঢ়োৱাৰ বাবে ডাঃ হেৰম্ব কুমাৰ ভৰালী সোঁৱৰণী বঁটা প্ৰদান কৰে ডাঃ মুনীন্দ্ৰ নাৰায়ন বৰুৱাক৷ লগতে কেঞ্চাৰৰ উৎকৃষ্ট উপশমী চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে ডাঃ কবীন্দ্ৰ ভাগৱতীক প্ৰদান কৰা হয় ড॰ প্ৰহ্লাদ কুমাৰ বৰুৱা সোঁৱৰণী বঁটা৷ সেইদৰে ডি.কে গগৈ শাস্ত্ৰী সোঁৱৰণী উপশমী সেৱা নেতৃত্ব বঁটা প্ৰদান কৰা হয় হায়দৰাবাদৰ উপশমী সেৱাত অগ্ৰণী ব্যক্তি ডাঃ গায়ত্ৰী পলটক৷ আনহাতে অশ্চিনীচৰণ চৌধুৰী সোঁৱৰণী কেঞ্চাৰ প্ৰতিৰোধী সমাজসেৱা বঁটা প্ৰদান কৰা হয় গুৱাহাটীৰ ‘কৰুণাধাৰা ট্ৰাষ্ট’ক৷
ইয়াৰ লগতে ‘প্ৰতিশ্ৰুতি’ৰ মেডিয়া বঁটা এইবাৰ প্ৰদান কৰা হয় ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক অনিল পোদ্দাৰক৷ বঁটাপ্ৰাপক সকলক প্ৰশংসাপত্ৰ, স্মাৰক, অংগবস্ত্ৰ, আৰনাই আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ ইয়াৰ উপৰিও নগদ ধনসহ স্মাৰক, অংগবস্ত্ৰ, আৰনাই আদিৰে সংগঠনটোৰ বীৰেন্দ্ৰনাথ বৰঠাকুৰ সোঁৱৰণী শ্ৰেষ্ঠ ভলন্টিয়াৰ বঁটা প্ৰদান কৰা হয় গুৱাহাটীৰ সীমা দেৱী হকক৷ ‘প্ৰতিশ্ৰুতি’ৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ, গুৱাহাটীৰ ৰ’য়েল গ্ল’বেল ইউনিভাৰচিটিৰ উপাচাৰ্য ড॰ অলক কুমাৰ বুঢ়াগোহাঁয়ে আদৰণি ভাষণ প্ৰদান কৰি গৌৰৱময় আঠটা বছৰ অতিক্ৰমি নটা বছৰত ভৰি দিয়াৰ উপলক্ষে সকলোকে শুভেচ্চা জ্ঞাপন কৰি আৰ্ত লোকৰ বাবে কাম কৰি যাবৰ বাবে আহ্বান জনায়৷ প্ৰসংগক্ৰমে এইক্ষেত্ৰত তেওঁ কেঞ্চাৰৰ বিৰুদ্ধেই নহয় ইয়াৰ আনুষংগিক কাৰণসমূহো চিনাক্ত কৰি তাৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে অনাগত দিনত কাম কৰি যাব বুলি ভাষণত উল্লেখ কৰে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ‘প্ৰতিশ্ৰুতি’য়ে কেঞ্চাৰ প্ৰতিৰোধৰ হকে কৰি অহা কামৰ শলাগ লৈ কয় যে ‘প্ৰতিশ্ৰুতি’ এক সংকল্প, সাহস আৰু ত্যাগৰ প্ৰতীক৷ তেওঁলোকে মানৱতাৰ কল্যাণৰ হকে সপোন দেখিছে৷ সময় আৰু শ্ৰম উছৰ্গা কৰিছে৷ সংগ্ৰামখন আগুৱাই নিবলৈ সাধনাও কৰিছে৷
এইসকল মানুহে আন একেধৰ্মী মানুহক তেওঁলোকৰ সেৱা আৰু ত্যাগক সন্মান দিছে যাৰ বাবে তেওঁলোকৰ মুখত ‘আনন্দৰ হাঁহি’ বিৰিঙি উঠিছে৷ প্ৰসংগক্ৰমে তেওঁ ৰাজ্যত চৰকাৰী আৰু বেচৰকাৰী চৈধ্যখন কেঞ্চাৰ হস্পিটেল থকা সত্ত্বেও ৰোগী বৃদ্ধিৰ বিষয়টো উল্লেখ কৰি ৰাইজৰ মাজত প্ৰতিৰোধ সম্পৰ্কীয় সজাগতা কাৰ্যসূচী বহু কম হোৱা বুলিও আক্ষেপ প্ৰকাশ কৰে৷ ‘প্ৰতিশ্ৰুতি’য়ে উজনি অসমত এখনি ‘কেঞ্চাৰ হচ্পিছ’ নিৰ্মাণৰ যি দাবী উত্থাপন কৰিছে তাত সহমত পোষণ কৰি গাহৰি মাংসৰ অধিক প্ৰচলন আৰু চাহ বাগিচাত কীটনাশক দ্ৰব্যৰ ব্যৱহাৰে কেঞ্চাৰ ৰোগৰ অধিক প্ৰাদুৰ্ভাৱ ঘটোৱা বু্লিও ভাষণত উল্লেখ কৰে৷ উক্ত অনুষ্ঠানত ‘প্ৰতিশ্ৰুতি’ৰ মুখপত্ৰখনিও উন্মোচন কৰে ড॰ অলক কুমাৰ বুঢ়াগোহাঁয়ে৷ অনুুষ্ঠানত ‘প্ৰতিশ্ৰুতি’ৰ দ্বাৰা সম্বৰ্ধিত কেউগৰাকী ব্যক্তিৰ লগতে ‘কৰুণাধাৰা ট্ৰাষ্ট’ৰ হৈ ডাঃ ৰুবী কটকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে৷ ‘প্ৰতিশ্ৰুতি’ৰ কোষাধ্যক্ষ মঞ্জুলা আগৰৱাল আৰু সম্পাদক পান্না ভৰালীয়ে আঁতধৰা অনুষ্ঠানত ‘প্ৰতিশ্ৰুতি’ৰ অবৈতনিক সঞ্চালক ডাঃ গায়ত্ৰী গগৈয়ে সংগঠনটোৰ কাম-কাজ সম্পৰ্কত আলোকপাত কৰি কয় যে কেঞ্চাৰ প্ৰতিৰোধী নৈমিত্তিক কাম-কাজসমূহৰ উপৰিও বিগত ছয় মাহত ২,৬০০ গৰাকীক জৰায়ু কেঞ্চাৰ ৰোধৰ এইছ.পি.ভি. ভেকচিন প্ৰদান কৰা হৈছে বুলি সদৰি কৰে৷
অনুষ্ঠানত ‘এইছ.পি.ভি. ভেকচিন চেম্পিয়ন’ হিচাপে চাৰিগৰাকী চিকিৎসক ক্ৰমে অনন্যা বৰুৱা, তৃষ্ণাশ্ৰী বৰা, দেৱাৰ্চনা বৰা, শাৰদজ্যোৎস্না অনন্যা শইকীয়াক মানপত্ৰ প্ৰদান কৰা হয়৷ অনুষ্ঠানত গুৱাহাটীৰ দাতা বাবুল পাঠকে ৫০ হেজাৰ টকা আৰু ধেমাজি বিজু বড়া দত্তই ‘প্ৰজেক্ট সম্ভৱ’ আঁচনিৰ বাবে ১০ হাজাৰ টকাৰ চে’ক্ প্ৰদান কৰে৷ ‘প্ৰতিশ্ৰুতি’ৰ উপসভাপতি দীপালি শইকীয়াই শলাগ জ্ঞাপন কৰা অনুষ্ঠানত কৰুণাধাৰা ট্ৰাষ্টৰ কাৰ্যবাহী সদস্য দেৱজিত হাজৰিকাকে ধৰি ‘প্ৰতিশ্ৰুতি’ৰ পেনেলৰ চিকিৎসকবৃন্দ, বিষয়ববীয়া, দাতা, ৰোগীৰ পৰিয়ালবৰ্গকে ধৰি শতাধিক ব্যক্তি উপস্থিত থাকে৷
আনহাতে পুৱাৰ পৰা দুপৰীয়ালৈকে অনুুষ্ঠিত ‘ফিজিঅ’থেৰাপি চাপ’ৰ্ট ইন পেলিয়েটিভ কেয়াৰ উইথ এ ফ’কাচ ইন লিমফ’ডেমা’ শীৰ্ষক কৰ্মশালাখনি উদ্বোধন কৰে মুম্বাইৰ উপশমী চিকিৎসা বিশেষজ্ঞ ড॰ কে. ভি. গনপটিয়ে৷ ‘প্ৰতিশ্ৰুতি’ৰ যুটীয়া সম্পাদক ডাঃ গৌৰাংগী গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰা উক্ত কৰ্মশালাত হায়দৰাবাদৰ ডাঃ গায়ত্ৰী পলত, ডিব্ৰুগড়ৰ ডাঃ কাবেৰী বৰা, ডাঃ ৱাছিম আক্ৰামূল হকে বিষয়টোৰ সম্পৰ্কত সাৰুৱা বক্তব্য আগবঢ়ায়৷ ডাঃ গায়ত্ৰী গগৈয়ে আঁতধৰা উক্ত কৰ্মশালাৰ সঞ্চালনা কৰে ডাঃ কবীন্দ্ৰ ভাগৱতী আৰু ডাঃ প্ৰবীণ ঠাকুৰে৷ উক্ত অনুষ্ঠানতে ‘প্ৰতিশ্ৰুতি’ৰ ‘আৰ থ্ৰি প্ৰজেক্ট’ৰ অধীনত কাম কৰা কৰ্মী সোণতৰা গগৈ, হালিমা বেগম, মামনি গগৈ, নিৰু কলিতা, শোভা দেৱী, মীনা তাঁতী, প্ৰ’টিন পাউদাৰসহ কিছু গৰম বস্ত্ৰ আৰু নগদ ধন আগবঢ়োৱা হয়৷ অনুষ্ঠানত ডাঃ দিলীপ কিলিং, ডাঃ আশা বৰা আদিয়ে নিজৰ অনুভৱ ব্যক্ত কৰে৷ এই অনুষ্ঠানটিৰ আঁতধৰে ডাঃ দীপশিখা ঠেঙালে৷ সন্ধিয়ালৈ ‘প্ৰতিশ্ৰুতি’ৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷