“এইবাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলত যদি ৮৫ শতাংশ লাভ কৰে,তেন্তে তেওঁলোকক ৫০ হাজাৰকৈ টকা উপহাৰ হিচাপে দিয়া হব।মই কথা দিলো”– ডিব্ৰুগড়ত এই মন্তব্য প্ৰশান্ত ফুকনৰ। যিমানেই ছাত্ৰ ছাত্ৰী নহওঁক কিয়!ডিব্ৰুগড় বিধান সভা সমষ্টিৰ অন্তৰ্গত যিকেইজন ছাত্ৰ ছাত্ৰীয়ে ৮৫ শতাংশ নম্বৰ লাভ কৰিব পাৰিব তেওঁলোকক এই উপহাৰ দিয়া হব।এই ঘোষণা ডিব্ৰুগড়ৰ বিধান সভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ। ডিব্ৰুগড় মহানগৰৰ মাজমজিয়াত আয়োজিত এক নিৰ্বাচনী সভাত প্ৰশান্ত ফুকনে এনেদৰেই ৰাইজক উদ্যেশী ভাষণ প্ৰদান কৰে।পুৱাৰ পৰা নিশা এপৰলৈ বৰ্ষীয়ান বিজেপিৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে মিত্ৰ জোঁটৰ দলীয় সদস্যক লৈ ডিব্ৰুগড়ত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।বিজেপি মিত্ৰজোঁটৰ অগপৰ ডিব্ৰুগড়ৰ জিলা কাৰ্যালয়টোৰ পৰাই সকলো নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱাৰ কথাও সদৰী কৰি প্ৰশান্ত ফুকনে কয় যে যিহেতু এজিপি, বিজেপিৰ মিত্ৰ জোঁটৰ অন্যতম দল।সেয়ে ডিব্ৰুগড়ত দুইটা দল সংঘবদ্ধ হৈ সমষ্টিত নিৰ্বাচনৰ প্ৰচাৰ চলোৱা হব। উল্লেখ্য যে ১৯৭২ চনৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা ১১ খন নিৰ্বাচনৰ ভিতৰত কংগ্ৰেছে ছয়বাৰ, বিজেপিয়ে চাৰিবাৰ আৰু জনতা পাৰ্টিয়ে এবাৰ জয়লাভ কৰিছে। এই আসনখনৰ ইতিহাস, অসমৰ অন্যতম বিশিষ্ট ৰাজনৈতিক পৰিয়ালৰ সৈতেও জড়িত। ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ পিতৃ কেশৱ চন্দ্ৰ গগৈয়ে ইয়াৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তিনিবাৰ আৰু জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে এবাৰ জয়ী হৈছিল। অৰ্থাৎ কেশৱ চন্দ্ৰ গগৈয়ে মুঠ চাৰিবাৰ অসম বিধানসভাৰ মজিয়া শোৱণি কৰিছিল।তেওঁ ১৯৮২ চনৰ জানুৱাৰীৰ পৰা মাৰ্চলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।আনহাতেদি এই পৰিৱৰ্তনৰ সূচনা হৈছিল ২০০৬ চনত, যেতিয়া ফুকনে ডিব্ৰুগড়ৰ পৰা জয়ী হোৱা প্ৰথমজন বিজেপি প্ৰাৰ্থী হিচাপে ইতিহাস ৰচনা কৰিছিল। তেওঁ কংগ্ৰেছৰ বিধায়ক ড° কল্যাণ কুমাৰ গগৈক মাত্ৰ ১৭৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল।সেই আৰম্ভণিৰ পিছত প্ৰশান্ত ফুকনে পদ্ধতিগতভাৱে এক শক্তিশালী নিৰ্বাচনী ভেটি ডিব্ৰুগড়ত গঢ়ি তুলিবলৈও সক্ষম হৈছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.