...

নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ-সংস্কৃত পণ্ডিত -সত্ৰাধিকাৰ-সমাজ সংগঠক প্ৰসন্ন কুমাৰ গোস্বামী আৰু নাই

Spread the love

নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ-সংস্কৃত পণ্ডিত -সত্ৰাধিকাৰ-সমাজ সংগঠক প্ৰসন্ন কুমাৰ গোস্বামী আৰু নাই

কলংপৰীয়া বাৰগঞা সমাজে বিভূষিত কৰিছিল “পূণ্য শ্লোক” উপাধিৰে

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

নগাঁও জিলাৰ তেলীয়া পহুকটা গাঁৱৰ নিবাসী,বিশিষ্ট শিক্ষাবিদ,সমাজ সংগঠক,সত্ৰীয়া সংস্কৃতিৰ পুৰোধা ব্যক্তি,সংস্কৃত পণ্ডিত,শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ সত্ৰাধিকাৰ,ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃতী শিক্ষক প্ৰসন্ন কুমাৰ গোস্বামী আৰু নাই। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা পুৰোধা ব্যক্তিগৰাকীয়ে সোমবাৰে পুৱা ৮:১১ বজাত নিজা বাসভৱনত বাধক্যজনিত কাৰণত দেহাৱসান ঘটে। উল্লেখ্য যে ১৯৪১ চনত জন্মগ্ৰহণ কৰা উচ্চ শিক্ষিত প্ৰসন্ন কুমাৰ গোস্বামীয়ে শিক্ষাকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মজীৱনৰ পাতনি মেলিছিল। পিছলৈ তেওঁ উৰিয়াগাঁৱৰ স্ত্ৰী শিক্ষাৰ অনুষ্ঠান শ্বহীদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় বিদ্যালয়ৰ লগতে ভাস্কৰ মজলীয়া বিদ্যালয়ৰো এগৰাকী প্ৰতিষ্ঠাপক শিক্ষক আছিল। ১৯৯৮ চনত গোস্বামী উৰিয়াগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে অৱসৰগ্ৰহণ কৰে। শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে ১৯৯৮ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰে গোস্বামী ক। শিক্ষকতাৰ সমান্তৰালকৈ সত্ৰাধিকাৰ তথা শিক্ষাবিদ গৰাকীয়ে সামাজিক,সাংস্কৃতিক,ধৰ্মীয় আৰু সাহিত্য জগতলৈ অনবদ্য বৰঙণি আগবঢ়াইছিল। গোস্বামী কৰৈয়নী বাৰগঞা সমাজৰ প্ৰতিষ্ঠাকালৰে পৰা একেৰাহে ৫৬বছৰ কাল সভাপতিৰ পদত অধিষ্ঠিত হৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজক ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধি ৰাখিছিল। তদুপৰি অংকীয়া ভাওনা প্ৰচাৰ-প্ৰসাৰৰ লক্ষ্যৰে বাৰগঞা সমাজৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা “হেজাৰী ভাওনা মহোৎসৱ”ৰ তেওঁ এগৰাকী মূল হোতা আছিল। বাৰগঞা সমাজলৈ দীৰ্ঘদিন আগবঢ়োৱা সেৱাৰ বাবে ২০১৭চনত গোস্বামীক কলংপৰীয়া বাৰগঞা সমাজে “পূণ্য শ্লোক” উপাধিৰে বিভূষিত কৰিছিল। আনহাতে সত্ৰীয়া সংস্কৃতিৰ সাধক ৰূপেও তেওঁ নিৰবিচ্ছিন সেৱা আগবঢ়োৱাৰ উপৰিও কেবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ আৰু কাকত- আলোচনীত বিভিন্নমুখী প্ৰবন্ধ পাতি ৰচনাৰে সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। গোস্বামীৰ ৰচিত গ্ৰন্থসমূহ হৈছে—“বিজুলী”,”শ্বহীদ ভোগেশ্বৰী ফুকননী চমু জীৱনী”,”বংশী গোপাল”, “শিক্ষা সংস্কৃতিৰ ৰহঘৰা”, “সুভাষিতাৱলী”। অসম সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি,নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ প্ৰতিষ্ঠাকালৰ কাণ্ডাৰী তথা সভাপতি,আন্তঃ হাইস্কুল পৰীক্ষা পৰিষদৰ সভাপতি,নগাঁও জিলা অধিবিদ্যা পৰিষদৰ সভাপতি,সংস্কৃত ভাষা বিকাশ মঞ্চৰ প্ৰতিষ্ঠাপক সদস্য, বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ ধৰ্মাচাৰ্য প্ৰমুখ,সুন্দৰম নাট্য গোষ্ঠীৰ উপদেষ্টা,কলংপৰীয়া শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক উপ-সভাপতিকে ধৰি বিভিন্ন অনুষ্ঠানৰ পদবী অলংকৃত কৰি সমাজলৈ অনবদ্য বৰঙণি আগবঢ়াইছিল। আনহাতে,অসম আন্দোলনৰ তেওঁ এগৰাকী সংগ্ৰামী যোদ্ধা আছিল। সমগ্ৰ নগাঁও জিলাৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰা গোস্বামীয়ে এগৰাকী সুদক্ষ অভিনেতা ৰাইজক বিমোহিত কৰিবলৈ সক্ষম হৈছিল। তদুপৰি নামাচাৰ্য হিচাপে অঞ্চলটোত তেওঁ জনাজাত হোৱাৰ উপৰিও ব্যক্তিগৰাকী এগৰাকী সু-বক্তা আছিল। বিশেষকৈ শৈক্ষিক আৰু ধৰ্মীয় দিশত তেওঁ প্ৰদান কৰা তত্বগধুৰ ভাষণেৰে সকলোকে মুগ্ধ কৰিছিল। ইপিনে,আজি পুৱা প্ৰয়াত ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে জিলাখনৰ লগতে অঞ্চলটোত এক শোকাকূল পৰিবেশৰ সৃষ্টি হয়। জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি গোস্বামীৰ গৃহত উপস্থিত হয়। কলংপৰীয়া বাৰগঞা সমাজ,অসম সত্ৰ মহাসভা নগাঁও জিলা সমিতি,নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থা,শ্বহীদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়,উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি,বঢ়মপুৰ প্ৰেছ ক্লাৱ,কলংপৰীয়া শাখা সাহিত্য সভা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,সুন্দৰম নাট্য গোষ্ঠী, উৰিয়া গাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু গুণমুগ্ধই তেওঁৰ গৃহত উপস্থিত হৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিয়লি কলঙৰ বাকৰিত প্ৰয়াত ব্যক্তিগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত প্ৰয়াত গোস্বামীয়ে পত্নী সহ দুই পুত্ৰ, দুই জীয়ৰী আৰু অনেক আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *