ডিচেম্বৰত অসমলৈআহিব আন্তঃৰাষ্ট্ৰীয় কণ্ঠশিল্পী পোষ্ট মেলোনে
চাইন অন ডেক্সঃ
অহা ৮ ডিচেম্বৰত অসমলৈ আহিব আমেৰিকাৰ বিশিষ্ট কণ্ঠশিল্পী পোষ্ট মেলোনে । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ববিখ্যাত কণ্ঠশিল্পীগৰাকীয়ে গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰিব । দেৰগাঁৱত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ পিছতে এই কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কনচাৰ্ট ইক’নোমিৰ ক্ষেত্ৰত অসমক আগবঢ়াই লৈ যোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কেবিনেটে । ইয়াৰ উপৰিও দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
তাৰ ভিতৰত অন্যতম হৈছে পিএছঅ’ৰ খৰচ । এতিয়াৰে পৰা ব্যক্তিগত পিএছঅ’ৰ খৰচ বহন কৰিব লাগিব আবেদন কৰা ব্যক্তিয়ে । মুখ্যমন্ত্ৰীয়ে কয়, “চৰকাৰে আজি এটা সিদ্ধান্ত লৈছে যে কোনোবা ব্যক্তিৰ যদি ভাবুকিৰ ধাৰণা থাকে তেওঁ আমাক পিএছঅ’ৰ বাবে আবেদন কৰিব পাৰিব । কিন্তু পিএছঅ’জনৰ সম্পূৰ্ণ দৰমহা সেই ব্যক্তিজনে দিব লাগিব । আমি পিএছঅ’ দিম কিন্তু মাহত ৭৫ হাজাৰ টকা চৰকাৰক দিব লাগিব ।” অৱশ্যে জীৱনৰ প্ৰতি ভাবুকি থকা লোকেহে পিএছঅ’ পাব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে ।
৮ ডিচেম্বৰত গুৱাহাটীলৈ আহিব পোষ্ট মেলোনে
অসম চৰকাৰৰ কনচাৰ্ট পলিচীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা ডিচেম্বৰ মাহত গুৱাহাটীত এক বৃহৎ কনচাৰ্ট অনুষ্ঠিত হ’ব । কনচাৰ্ট ইক’নোমিৰ ভৱিষ্যতৰ স্থান হিচাপে গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটক কেবিনেটত অনুমোদন দিয়া হয় । অৰ্থাৎ যি কোম্পানীয়ে অসমত কনচাৰ্ট অনুষ্ঠিত কৰিবলৈ আহিব তেওঁলোকে এই তিনিটা স্থানত কৰিব পাৰিব । মুখ্যমন্ত্ৰীৰ মতে কনচাৰ্ট ইক’নোমিৰ ক্ষেত্ৰত অসম ইমান দিনে বাদ পৰি আছিল । ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে আমেৰিকাৰ বিশিষ্ট কণ্ঠশিল্পী পোষ্ট মেলোনে অহা ডিচেম্বৰৰ ৮ তাৰিখে গুৱাহাটীত অনুষ্ঠান পৰিৱেশেন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ।