বহু প্ৰত্যাশিত নামৰূপ সাৰ কৰখানাৰ নতুন প্ৰকল্পৰ শিলান্যাস প্ৰধানমন্ত্ৰী মোদীৰ
১০ হাজাৰ ৭০০ কোটি টকাৰে নিৰ্মাণ হব লগীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন
২০১৪লৈ দেশত ২২৫লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন হৈছিল,এতিয়া ৩০৬ লাখ মেট্রিক টন ইউৰিয়া উৎপাদন হয়
নামৰূপৰ পৰা স্মৃতি কলিতা


প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘অসমৰ চাহ বাগিচাৰ লগত তেওঁৰ এক সুকীয়া সম্পৰ্ক আছে বুলি উল্লেখ কৰি কয় যে আজি অসমৰ বাবে এটা বিশেষ দিন। ডিব্রুগড় আৰু নামৰূপবাসীয়ে দশক জুৰি অপেক্ষা কৰি থকা সপোনটো আজি বাস্তৱত ৰূপান্তৰ হ’ল। আজি সকলোৱে অনুভৱ কৰিছে যে অসমে বিকাশৰ নতুন পথত আগুৱাইছে। এয়া এক আৰম্ভণিহে, আমি অসমক আৰু অধিক আগুৱাই নিব লাগিব বুলি মন্তব্য কৰে । নতুন উদ্যোগৰ আৰম্ভণি, ছেমি কণ্ডাক্টৰ, কৃষি ক্ষেত্রত নতুন উন্নয়ন, পৰ্যটনৰ বৰ্ধিত সম্ভাৱনাকে ধৰি অসম সকলো ক্ষেত্রতে আগবাঢ়িছে অসম ।বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰে উদ্যোগ আৰু যোগাযোগৰ ক্ষেত্ৰ খনত অসমক ব্যতিক্ৰমী ৰূপত সজাই তুলিছে । নৱ প্রজন্মক নতুন সপোন দেখিবলৈ সাহস দিছে’ বুলি জনসভাত উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পটো সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, ‘কৃষকৰ হিতৰ বাবে আমাৰ চৰকাৰে দিনে-নিশাই কাম কৰি আছে। কৃষি কল্যাণ যোজনাৰ অধীনত সকলোকে সাৰ যোগানৰ ব্যৱস্থা কৰা হৈছে। এই সাৰ কাৰখানাই এই কাৰ্যক অধিক সাফল্যমণ্ডিত কৰিববুলিও তেওঁ কয়। নামৰূপৰ এই প্রকল্পই সংস্থাপনৰ বহু পথ মুকলি কৰিব। প্রকল্পৰ কাম আৰম্ভ হোৱাৰ লগে লগে সংস্থাপন পাব বহুলোকে ।

‘কংগ্রেছে এই প্রকল্পক গুৰুত্ব সহকাৰে নল’লে, যাৰ ফলত নামৰূপ সাৰ কাৰখানা ক্ৰমাৎ বন্ধ হৈ গৈছিল আৰু ইয়াৰ প্রভাৱ পৰিছিল দেশৰ কৃষকৰ ওপৰত। কিন্তু কংগ্রেছ দলে কেৱল নিজৰ মুনাফা লাভতে ব্যস্ত থাকিল। কংগ্ৰেছৰ দিনত দেশৰ আন ৰাজ্যতো বহু সাৰ কাৰখানা বন্ধ হৈ গৈছিল । ইউৰিয়াৰ বাবে কৃষকে দীঘলীয়া শাৰী পাতিবলগীয়া হৈছিল।এতিয়াও বহু কাম কৰিবলৈ বাকী আছে। বন্ধ হৈ যোৱা কেইবাটাও প্রকল্প সিন্দ্ৰী , বাৰাউনি, ৰমাকুন্দ্ৰম, পুনৰুজ্জীৱিত কৰিছে বিজেপি চৰকাৰে।
তেওঁ লগতে উল্লেখ কৰে যে, ইউৰিয়াৰ ক্ষেত্রত আগন্তুক কেইবছৰমানৰ ভিতৰত আমি আত্মনিৰ্ভৰ হোৱাৰ পথত। ২০১৪লৈকে দেশত ২২৫লাখ মেট্ৰিক টন ইউৰিয়াহে উৎপাদন হৈছিল। কিন্তু এতিয়া ৩০৬লাখ মেট্রিক টন ইউৰিয়া উৎপাদন হ’বলৈ ধৰিছে। কিন্তু বছৰি ৩৮০ লাখ মেট্রিক টন ইউৰিয়াৰ প্রয়োজন দেশৰ কৃষকক।আমি শীঘ্রে এই লক্ষ্যত উপনিত হ’ব পাৰিম বুলি বক্তব্যত কয়। বিদেশৰ পৰা আমদানিকৃত ইউৰিয়াৰ বাবে অধিক মূল্য চৰকাৰে বহন কৰে।

এই জনসভাত আন কেইবাটাও প্ৰধান মন্ত্ৰীয়ে কেইবাটাও উল্লেখযোগ্য দিশ উল্লেখ কৰি কয়,– বৰ্তমান কৃষি সন্মান নিধিৰ ধন প্রত্যক্ষভাৱে কৃষকৰ একাউণ্টলৈ প্রেৰণ কৰা হৈছে’।‘ইয়াৰ অধীনত ৪লাখ কোটি টকা দিয়া হৈছে কৃষকসকলক’।৩৫ হাজাৰ কোটি টকাৰ নতুনকৈ দুখন আঁচনি গ্রহণ কৰা হৈছে’।ফচল বীমা যোজনাৰ সুবিধা দিয়া হৈছে কৃষকক’। ‘কৃষকৰ উন্নয়ন হ’লেহে দেশৰ উন্নয়ন হ’ব’ বুলি বক্তব্যত কয়।‘কিষাণ ক্রেডিট কাৰ্ডৰ জৰিয়তে পশুপালক, মৎস্যকপালকক সুবিধা দিয়া হৈছে’।‘১০লাখ কোটিৰ ঋণ্ৰৰো সুবিধা দিয়া হৈছে কৃষকক’। তেওঁ ‘অসমৰ কৃষক নেচনেল ফাৰ্মিঙৰ বাবে আগুৱাই আহিবল আহ্বান জনায়।পাম অইল মিছনো আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি কয় ‘ইয়াৰ জৰিয়তে কৃষকৰ আয়ো বৃদ্ধি হ’ব’।

উত্তৰ-পূবত হিংসাত্মক ঘটনা ৰোধ কৰাৰ ক্ষেত্রত গুৰুত্ব দিয়া হৈছে’।‘অসমৰ গৌৰৱক প্রতিনিধিত্ব কৰা প্রতিটো সম্পদকে কেন্দ্ৰই প্রতিষ্ঠা কৰিছে বুলি উল্লেখ কৰি কয় যে ‘সুধাকণ্ঠৰ ১০০ বছৰীয়া জয়ন্তী উদযাপনৰো ব্যৱস্থা কৰিছে’ চৰকাৰে। ভাষণত ‘ৰাছিয়াৰ ৰাষ্ট্রপতিকো অসমৰ ব্লেক টি উপহাৰ হিচাপে প্রদান কৰিছে বুলি কোৱাৰ লগে লগে সভা গৃহ হাতচাপৰি আৰু মোডী জয়ধ্বনিৰে উজ্বলি উঠে সভগৃহ।‘অসমৰ সন্মান বৃদ্ধিৰ প্রতিটো কাৰ্যকে প্রাথমিকতা দিছে বিজেপি চৰকাৰে’।‘কিন্তু আমাৰ এই কাম কংগ্রেছে বিৰোধিতা কৰি আহিছে’ বুলি কটাক্ষ কৰে ।‘সুধাকণ্ঠক ভাৰত ৰত্ন প্রদানৰ সময়তো সমালোচনা কৰিছিল কংগ্রেছে’।‘ছেমিকণ্ডাক্টৰৰো বিৰোধিতা কৰিছিল কংগ্রেছে’।দশক দশক ধৰি চাহ জনগোষ্ঠীয় লোকক ভূমিৰ অধিকাৰ দিয়া নাছিল কংগ্রেছে।কিন্ত্ত‘বিজেপি চৰকাৰে ভূমি অধিকাৰ প্রদান কৰি এক গৌৰৱময় পৰিচয় দিছে এওঁলোকক’।
আনহাতে বাংলাদেশী সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, কংগ্রেছে অবৈধ বাংলাদেশীক সুৰক্ষা প্রদান কৰিছে। সেয়ে ভোটাৰ তালিকা পুণৰীক্ষণৰ বিৰোধিতা কৰিছে ।কিন্তু বিজেপি ৰইজৰ ঢালৰূপে থিয় হৈ আছে।
শেষত প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, বিকশিত ভাৰত নিৰ্মাণত উত্তৰ-পূবৰ ভূমিকাই অধিক । উত্তৰ-পূব ভাৰত বিকাশৰ গ্র’থ ইঞ্জিনৰূপে পৰিগণিত হ’ব। নামৰূপৰ সাৰকাৰখানাৰ লাভ পশ্চিম বংগ, উত্তৰ প্রদেশও পাব। আগন্তুক দিনত উত্তৰ-পূব দেশৰ উন্নয়নৰ নতুন শক্তি হিচাপে পৰিচিত হ’ব।’
