...

নলবাৰীৰ বৰক্ষেত্ৰীত ভয়ংকৰ নাও দুৰ্ঘটনা

Spread the love

নলবাৰীৰ বৰক্ষেত্ৰীত ভয়ংকৰ নাও দুৰ্ঘটনা

নিহত তিনিগৰাকীৰ নাম ঘোষণা জিলা প্ৰশাসনৰ

সন্ধানহীন কেইবাজনো যাত্ৰী

চাইন অন ডেস্ক:

নলবাৰীৰ বৰক্ষেত্ৰীত ভয়ংকৰ নাও দুৰ্ঘটনা।বৰক্ষেত্ৰীৰ গোৰাক্ষাট্টাৰী-নদিয়া পাৰঘাটত নাও দুৰ্ঘটনা।
নাও ভাগি নৈৰ বুকুত সন্ধানহীন হৈ পৰিছে কেইবাজনো যাত্ৰী ৷
দুৰ্ঘটনাত কেইবাজনো ছাত্ৰ-ছাত্ৰী সন্ধানহীন হোৱাৰ আশংকা৷
চৰাঞ্চলৰ পৰা নৈৰ সুতি পাৰ হৈ গোৰাক্ষাট্টাৰী-নদিয়া পাৰঘাটলৈ আহি আছিল নাওখন৷
অত্যাধিক যাত্ৰী কঢ়িয়াই নৈৰ সুতি পাৰ হবলৈ চেষ্টা কৰিছিল নাৱৰীয়াই৷
নাওখনত আছিল বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় শতাধিক লোক৷
নৈৰ বুকুৰ পৰা জীৱন্তে উদ্ধাৰ হৈছে কেইবাজনো লোক৷
স্থানীয় লোকে নৈৰ বুকুত যন্ত্ৰচালিত নাৱৰ সহায়ত চলাইছে উদ্ধাৰ অভিযান।
দুৰ্ঘটনাত পতিত নাওখনত নাছিল কোনো ধৰণৰ নিৰাপত্তা৷
নাওখনত নাছিল লাইফ জেকেট।আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ হাততো নাই নাওখনৰ যাত্ৰীৰ তথ্য।
বৰক্ষেত্ৰী নাওঁ দুৰ্ঘটনাত
নিহত তিনিগৰাকীৰ নাম ঘোষণা জিলা প্ৰশাসনৰ
🎯গফুৰ আলী(৫০)
🎯 আৰিয়ান আলী,তৃতীয় শ্ৰেণী(৮ বছৰ)
🎯মাজিদুল ইছলাম(১৫)নৱম শ্ৰেণীৰ ছাত্ৰ, ৰামপুৰ জনতা হাইস্কুল

Leave a Reply

Your email address will not be published. Required fields are marked *