৯ হাজাৰ টকাই বিজেপিক বচাব নোৱাৰে:পৱন খেৰা
মুখ্যমন্ত্ৰী হিমন্তক আক্ৰমণ খেৰাৰ
অসমত পুনৰ কংগ্ৰেছ চৰকাৰ
গুৱাহাটী:
বিধানসভাৰ নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে অসমৰ ৰাজনৈতিক বাতাবৰণৰ ঢৌ বৃদ্ধি পোৱাৰ লগতে কংগ্ৰেছে শাসকীয় বিজেপি চৰকাৰৰ ওপৰত চোকা আক্ৰমণ কৰিছে।
বুধবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাই কয় যে নিৰ্বাচনৰ পূৰ্বে চৰকাৰে মহিলাক ৯ হাজাৰকৈ টকা বিতৰণ কৰিলেও ভোটাৰে পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন নকৰে।
খেৰাই কয়, ‘যেনেকৈ ছাত্ৰ-ছাত্ৰীয়ে গোটেই বছৰটো নষ্ট কৰি পৰীক্ষাৰ মাত্ৰ দুদিন আগতেই পঢ়া-শুনা আৰম্ভ কৰে, ঠিক তেনেদৰে এই চৰকাৰখনে এতিয়া নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে হঠাতে কাম কৰিবলৈ আৰম্ভ কৰিছে।
তেওঁ অভিযোগ কৰে যে বিজেপি চৰকাৰে বছৰ বছৰ ধৰি সাধাৰণ মানুহক প্ৰভাৱিত কৰা মূল বিষয়সমূহক আওকাণ কৰি এতিয়া ফলাফল দেখুৱাবলৈ হেতা-ওপৰা লগাইছে।
‘নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে চৰকাৰে হঠাতে টকা বিতৰণ, ফ্লাই অ’ভাৰ উদ্বোধন আৰু চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰিৰ কথা ক’বলৈ আৰম্ভ কৰিছে।ইমান দিনে মুখ্যমন্ত্ৰী জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টি কৰাত ব্যস্ত হৈ থাকিল।’

খেৰাই মুখ্যমন্ত্রীক ঠাট্টা-মস্কৰা কৰি কয় যে আধুনিক ঘাইপথৰ এআই-উৎপাদিত ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি অসমৰ পথ আন্তঃগাঁথনিৰ উন্নতি হিচাপে উপস্থাপন কৰিছে৷
শেহতীয়াকৈ গালগোটিয়াছ বিশ্ববিদ্যালয়ক লৈ হোৱা বিতৰ্ক আৰু এআইৰ সন্মিলনত কৰা অতিৰঞ্জিত দাবীৰ কথা উল্লেখ কৰি খেৰাই শৰ্মাক “গালগোটিয়া মুখ্যমন্ত্ৰী” বুলি অভিহিত কৰে।
খেৰাই কয়, ‘তেওঁ দাবী কৰে যে এআইৰ জৰিয়তে অসমৰ পথৰ উন্নতি হৈছে, কিন্তু বাস্তৱতা একেবাৰে বেলেগ।অসম এতিয়াও দুৰ্বল পথৰ অৱস্থা থকা ৰাজ্যসমূহৰ ভিতৰত স্থান লাভ কৰিছে।’-খেৰাই কয়।কংগ্ৰেছ নেতাগৰাকীয়ে শৰ্মাৰ বিজেপিত প্ৰৱেশক লৈ পূৰ্বৰ বিতৰ্ককো পুনৰ জগাই তুলে। তেওঁ পুনৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় যে তেওঁ দল সলনি কৰাৰ পূৰ্বে ঢাকাত এজন মৌলবীক লগ পোৱাৰ বাতৰি স্পষ্ট কৰক।
খেৰাই অভিযোগ কৰে যে শৰ্মাই কেৰিয়াৰৰ ৰাজনৈতিক অনিশ্চিত পৰ্যায়ত দেৱান মহম্মদ ছাইদুৰ ৰহমান ছিষ্টি চৈদাবাদী নামৰ এজন মৌলানাৰ পৰামৰ্শ মতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আগন্তুক নিৰ্বাচনত বিজেপিৰ জয়ৰ নিশ্চয়তা প্ৰদান কৰিব বুলি ধাৰণাটোক খেৰাই উলাই কৰে।
‘দহবছৰ পূৰ্বে তথাকথিত ‘মোডী যাদু’ৰ অন্ত পৰিল।এইবাৰ অসমত কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব।’
তেওঁ আস্থা প্ৰকাশ কৰে যে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ আৰু মিত্ৰশক্তিয়ে তেওঁ আখ্যা দিয়া “নতুন অসম আৰ্হি” দাঙি ধৰিব।বহু প্ৰচাৰিত “গুজৰাট মডেল”ৰ সৈতে ইয়াৰ বিপৰীতে খেৰাই কয় যে পিছৰটোৱে মাত্ৰ মুষ্টিমেয় লোককহে উপকৃত কৰিছে।‘সেই আৰ্হিটোৱে চাৰিজন গুজৰাটীক উপকৃত কৰিছিল — গৌতম আদানী, মুকেশ আম্বানী, নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহ।আমি কল্পনা কৰা অসম মডেলে প্ৰতিজন অসমীয়া নাগৰিকক উপকৃত কৰিব।’ৰাইজৰ দলৰ সৈতে
শেহতীয়াকৈ গৌৰৱ গগৈয়ে আলোচনাত বিৰতিৰ পৰামৰ্শ দি ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টৰ কথা উল্লেখ কৰি খেৰাই মন্তব্য কৰে যে, “সেই পোষ্টটোত কমা, ছেমিকলন আৰু প্ৰশ্নবোধক চিহ্ন আছে — কিন্তু এতিয়াও সম্পূৰ্ণ ষ্টপ নাই।”
তেওঁ লগতে কয় যে বিপুল আৰ্থিক আৰু প্ৰশাসনিক সুবিধা থকা দল এটাৰ সৈতে যুঁজিলে কেতিয়াবা মিত্ৰতাৰ প্ৰয়োজন হৈ পৰে।
ভোটাৰৰ পছন্দৰ ওপৰত এক উপমাৰে খেৰাই সংবাদমেলখনৰ সামৰণি মাৰে।
“কেতিয়াবা মানুহক আকৰ্ষণ কৰে এখন ঝলমলীয়া নতুন দোকানৰ প্ৰতি।কিন্তু কেইবাবাৰো প্ৰতাৰণা কৰাৰ পিছত তেওঁলোকে বিশ্বাস কৰা পুৰণি দোকানখনলৈ ঘূৰি আহে।অসমৰ ৰাইজে বিজেপিৰ চকু কপালত তুলিব পৰা প্ৰতিশ্ৰুতিৰ আঁৰৰ বাস্তৱতা দেখিছে। সেই প্ৰতাৰণামূলক দোকানখন এৰি কংগ্ৰেছলৈ উভতি যাব — নিৰ্ভৰযোগ্য পুৰণি দোকানখন।”
এ পি চি চিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই পৰিচালনা কৰা এই সংবাদমেলত প্ৰাক্তন বিধায়ক প্ৰণয় ৰাভা আৰু নৱ তালুকদাৰৰ লগতে এ পি চি চিৰ ছ’চিয়েল মিডিয়াৰ অধ্যক্ষ ঋতুপৰ্ণ কোঁৱৰৰ লগতে কেইবাজনো কংগ্ৰেছ নেতা উপস্থিত থাকে।