...

ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত বিনা চিকিৎসাৰে ৰোগীৰ মৃত্যুৰ অভিযোগ

Spread the love

ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত বিনা চিকিৎসাৰে ৰোগীৰ মৃত্যুৰ অভিযোগ

বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ হস্তক্ষেপ কামনা

চাইন অন ডেস্ক:

ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাল (ডিএমচিএইচ)ত কাৰ্যতঃ প্ৰায় বিনা চিকিৎসাত তথা চিকিৎসালয়ত কৰ্মৰত চিকিৎসা কৰ্মী একাংশৰ অমনোযোগিতাৰ বাবে এগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে মৃত লোকজনৰ আত্মীয়ই। অভিযোগ অনুসৰি যোৱাকালি বৃহস্পতিবাৰৰ পুৱা ধুবুৰী জিলাৰ বিলাসীপাৰাৰ গুটিপাৰাৰ আয়ানাল হ’কক ডিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল। কিন্তু ডিএমচিএইচ পুৰুষৰ ১নং ৱাৰ্ডত নম্বৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাৰ নামত তেখেতক মাথো এটা চেলাইন দিয়ে দায়িত্ব সামৰা হয়। আনকি, অভিযোগ এয়াও চিকিৎসা আৰম্ভ কৰাৰ বাবে কৰ্তব্যৰত নাৰ্ছ সকলক অনুনয় কৰাৰ পিছতো একো সুফল নোপোৱাৰ। আনকি পৰিয়ালৰ লোকৰ অনুৰোধক কেৰেপ নকৰি তেওঁলোক মোবাইলত ভিডিঅ’ দেখাতেই ব্যস্ত থকা বুলিও অভিযোগ কৰিছে ৰোগীজনৰ আত্মীয়ই। এইদৰেই পুৱাৰ পৰা নিশালৈ প্ৰায় বিনা চিকিৎসাতেই আয়নাল হ’কৰ অৱশেষত নিশা ডিএমচিএইচত ভৰ্তি থকা অৱস্থাতেই মৃত্যু হয়। অভিযোগ পৰিয়ালবৰ্গৰ। উল্লেখ্য যে, ধুবুৰীৰ এই চিকিৎসা মহাবিদ্যালয়খনত কৰ্মৰত একাংশ চিকিৎসক আৰু নাৰ্ছে নিজৰ কৰ্তব্য সঠিক ভাবে পালন নকৰাৰ প্ৰায়শঃ অভিযোগ শুনা যায়। তাৰেই পৰিপ্ৰেক্ষিতত, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ জিলাকে ধৰি চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ সৰ্বসাধৰণ ৰাইজৰ উন্নত চিকিৎসা সেৱাৰ একমাত্ৰ সাৰথিৰূপী ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত সঠিক চিকিৎসা সেৱা আগবঢ়োৱাৰ বিষয়টো লৈ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই সচেতন হোৱাটো কামনা কৰিছে বহুতেই; আৰু সমান্তৰালকৈ, বিষয়টো লৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ পৰিচালনা কমিটিৰ অধ্যক্ষ তথা বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই হস্তক্ষেপ কৰাটো কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *