...

ৰঙাপৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী

Spread the love

ৰঙাপৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী

কংগ্ৰেছৰ টিকট বঞ্চিত গিৰিণ ভূঞা হ’ব প্ৰাৰ্থী

কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান হোৱাৰ সম্ভাৱনা

বালিপৰা:

ক্ৰমাৎ আকৰ্ষণীয় হ’বলৈ ধৰিছে শোণিতপুৰৰ ৬৮ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট । সমষ্টিটোত কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগে লগে কংগ্ৰেছৰ ভিতৰচ’ৰাত একপ্ৰকাৰৰ বিদ্ৰোহৰ সূচনা হোৱা পৰিলক্ষিত হৈছে । সমষ্টিত কংগ্ৰেছৰপৰা এইবেলি প্ৰাৰ্থীত্ব বিচাৰিও প্ৰাৰ্থীত্বৰপৰা বঞ্চিত হৈছে দীৰ্ঘদিনে কংগ্ৰেছৰ সাংগঠনিক কাম-কাজত জড়িত ,ঠিকাদাৰ তথা জিলা কংগ্ৰেছৰ উপ-সভাপতি গিৰিণ কুমাৰ ভূঞা । ভূঞাক বঞ্চিত কৰি কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে জিলা সভাপতি কাৰ্তিক কুৰ্মীক । ইয়াকে কেন্দ্ৰ কৰি সমষ্টি কংগ্ৰেছৰ কৰ্মীৰ মাজত তীব্ৰ অসন্তুষ্টি পৰিলক্ষিত হোৱা বুলি জানিব পৰা গৈছে । সমষ্টিত কংগ্ৰেছত অব্যাহত আছে দলত্যাগৰ জোৱাৰ । টিকট বঞ্চিত গিৰিণ ভূঞাই কালি দলীয় নেতা-কৰ্মীক লগত লৈ আনুষ্ঠানিকভাৱে অখিল গগৈৰ ৰাইজৰ দলত যোগদান কৰিছে । ব্লক মণ্ডল ,জিলা পৰ্যায়ৰ বিষয়ববীয়াসকলেও যোগদান কৰিছে ৰাইজৰ দলত । আনহাতে জানিব পৰা মতে ৰঙাপৰা সমষ্টিত এইবাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হ’ব গিৰিণ ভূঞা । ৰঙাপৰা সমষ্টিত এইবেলি বিজেপি, কংগ্ৰেছ, ৰাইজৰ দল আৰু জয় ভাৰত দলৰ প্ৰাৰ্থীৰ মাজত নিৰ্বাচনী যুঁজ হোৱাটো নিশ্চিত । ইপিনে বাতৰি লিখা পৰ্যন্ত শাসনাধিষ্ঠ বিজেপি দলে ৰঙাপৰা সমষ্টিত নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই । বিজেপিৰ টিকটৰ বাবে সৰ্বাধিক চৰ্চাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ব্যক্তিগত সচিব, প্ৰশাসনিক অভিজ্ঞতাপুষ্ট যুৱক তুহিন হাজৰিকাৰ নাম থকা বুলি জানিব পৰা গৈছে।একেদৰে, বিভিন্ন কাৰণত সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীৰ এইবাৰ টিকট কৰ্তন হোৱাতো নিশ্চিত বুলি সমষ্টিৰ বিভিন্ন মহলত সৰৱ চৰ্চা চলা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *