ডিব্ৰুগড়লৈ নতুন বন্দে ভাৰত ৰেল; ৰেলৱে আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নৰ ঘোষণা
ডিব্ৰুগড়ৰ যুৱ নেতা তথা সচেতন নাগৰিক পৰাগ দত্তৰ বিশেষ উদ্যোগ
চাইন অন ডেস্ক:
উজনি অসমৰ যাতায়াত ব্যৱস্থাৰ বাবে এক বিশেষ খবৰ। ডিব্ৰুগড়ৰ পৰা এখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেল আৰম্ভ কৰাৰ লগতে চহৰখনৰ ৰেলৱে আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নৰ কথা নিশ্চিত কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে।
ডিব্ৰুগড়ৰ যুৱ নেতা তথা সচেতন নাগৰিক পৰাগ দত্তই ২০২৫ চনৰ ২১ ডিচেম্বৰত ডিব্ৰুগড়ৰ ৰেলৱে আন্তঃগাঁথনি উন্নয়নৰ দাবী জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত ৯ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে চহৰখনৰ

ইয়াৰ উপৰিও, ডিব্ৰুগড়ৰ গাভৰুপথাৰ, নালীয়াপুল,কদমনী আৰু চিৰিং গাঁও কলনীত ৰেল কৰ্মচাৰীসকলৰ বাবে নতুন আৱাসিক গৃহ নিৰ্মাণ কৰা হ’ব, যিয়ে কৰ্মচাৰীসকলৰ দীৰ্ঘদিনৰ বাসস্থানৰ সমস্যা সমাধান কৰিব।
চৰকাৰৰ এই সঁহাৰিক আদৰণি জনাই পৰাগ দত্তই কয়, “ডিব্ৰুগড়ৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত। নতুন বন্দে ভাৰত এক্সপ্ৰেছ আৰু পৰিকল্পিত আন্তঃগাঁথনি উন্নয়নে আমাৰ চহৰখনৰ সংযোগ ব্যৱস্থা সলনি কৰিব আৰু অৰ্থনৈতিক বিকাশত গতি প্ৰদান কৰিব।”
ৰেলৱে সূত্ৰই নিশ্চিত কৰিছে যে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনত ডিব্ৰুগড় আৰু গুৱাহাটী সংযোগী এখন বন্দে ভাৰত এক্সপ্ৰেছ বৰ্তমান পৰিকল্পনাৰ পৰ্যায়ত আছে। এই ছেমি-হাইড স্পীড ৰেল সেৱাই অসমৰ এই দুখন গুৰুত্বপূৰ্ণ চহৰৰ মাজত ভ্ৰমণৰ সময় যথেষ্ট হ্ৰাস কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত অঞ্চলটোত ব্যৱসায় আৰু পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি পাব।

ডিব্ৰুগড় ৰেলৱে ৱৰ্কশ্বপক ৰাষ্ট্ৰীয় মানলৈ উন্নীতকৰণৰ সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ, কিয়নো ই কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে চহৰখনক উত্তৰ-পূবৰ এক প্ৰধান ৰেল মেৰামতি কেন্দ্ৰ হিচাপে গঢ়ি তুলিব। লগতে ডিব্ৰুগড় টাউন ষ্টেচনৰ আধুনিকীকৰণে হাজাৰ হাজাৰ দৈনিক যাত্ৰীৰ ভ্ৰমণৰ অভিজ্ঞতা উন্নত কৰিব।এই উন্নয়নমূলক পদক্ষেপসমূহ উত্তৰ-পূবৰ ৰেল আন্তঃগাঁথনি উন্নত কৰা আৰু উন্নত সংযোগৰ জৰিয়তে অঞ্চলটোক দেশৰ বাকী অংশৰ সৈতে অধিক ফলপ্ৰসূভাৱে সংলগ্ন কৰিব।
