...

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী

Spread the love

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী

মাৰ্ঘেৰিটাত দ্বিতীয় দিনাও স্তব্ধ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম কাজ

মাৰ্ঘেৰিটা:

 

 

মাৰ্ঘেৰিটাত সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচীৰ আজি দ্বিতীয় দিনাও অব্যাহত আছে। মাৰ্ঘেৰিটা উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়ৰ প্ৰাংগণত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী। ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ লগতে মাৰ্ঘেৰিটাতো অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। যাৰ ফলত স্তব্ধ হৈ পৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম কাজ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে দীৰ্ঘদিনে আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে ষাঠীবছৰ বয়সলৈ চাকৰিৰ সুৰক্ষা নিশ্চিত কৰা,এইছ আৰ পলিচি প্ৰনয়ন আৰু প্ৰয়োগৰ জড়িয়তে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ অধিকাৰ সুনিশ্চিত কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদ কাৰী সকলে চৰকাৰে তেওঁলোকৰ সমস্যা সমূ্হৰ সন্দৰ্ভত আওকণীয়া মনোভাব গ্ৰহণ কৰি অহাৰ অভিযোগ উত্থাপন কৰে।তেওঁলোকৰ সমস্যা সমূহ শীঘ্ৰে সমাধানৰ দাবী জনায়।অন্যথাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *