...

পেহলগাম গোচৰৰ তদন্তৰ আপডেট

Spread the love

 

পেহলগাম গোচৰৰ তদন্তৰ আপডেট

 

সন্ত্ৰাসবাদী আক্ৰমণৰ জল্পনা-কল্পনাৰ সন্দৰ্ভত এন আই এ

নতুন দিল্লী:

সন্ত্ৰাসবাদী অপৰাধীক আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা অভিযুক্ত দুজনক যোৱা ২৩ জুন ২০২৫ তাৰিখে জম্মুস্থিত এন আই এ বিশেষ আদালতত হাজিৰ কৰোৱা হয় আৰু তেওঁলোকক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি এন আই এয়ে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে।

প্ৰেছ বিজ্ঞপ্তিটোত আৰু উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই সংবাদ মাধ্যমৰ কভাৰেজৰ প্ৰতি লক্ষ্য ৰাখিছে। দেখা গৈছে যে কিছুমান সংবাদ মাধ্যমৰ কভাৰেজ জল্পনা-কল্পনামূলক আৰু সেয়েহে বিভ্ৰান্তিকৰ।
২০২৫ চনৰ ২২ জুন তাৰিখৰ চৰকাৰী প্ৰেছ বিজ্ঞপ্তি অনুসৰি পুনৰ কোৱা হৈছে যে এই আক্ৰমণৰ সৈতে জড়িত দুজন অভিযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।তেওঁলোকৰ জেৰাৰ সময়ত তেওঁলোকে জড়িত তিনিজন অস্ত্ৰধাৰী সন্ত্ৰাসবাদীৰ পৰিচয় সম্পৰ্কে সবিশেষ প্ৰকাশ কৰে।

সন্ত্ৰাসবাদীৰ পৰিচয় সন্দৰ্ভত এন আই এয়ে যথেষ্ট প্ৰমাণ সংগ্ৰহ কৰিছে।ইয়াৰ ভিতৰত আছে ভুক্তভোগীৰ প্ৰত্যক্ষদৰ্শীৰ বিৱৰণ, ভিডিঅ’ ফুটেজ, কাৰিকৰী প্ৰমাণ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰা স্কেচ।এই সকলোবোৰ প্ৰমাণ সযতনে বিশ্লেষণ কৰা হৈছে আৰু এই পৰ্যায়ত এন আই এ কোনো সিদ্ধান্তত উপনীত হোৱা নাই।

প্ৰেছ বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে যে, “এন আই এয়ে আশ্বাস দিছে যে তদন্ত উচ্চতম মানদণ্ডৰ পেছাদাৰিত্বৰে চলি আছে আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ সকলো দিশ পুংখানুপুংখভাৱে পৰীক্ষা কৰা হৈছে।সন্ত্ৰাসবাদীসকলৰ পৰিচয় আৰু অধিক বিৱৰণ উপযুক্ত সময়ত ৰাজহুৱা কৰা হ’ব।”

Leave a Reply

Your email address will not be published. Required fields are marked *