...

অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব

Spread the love

অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব

ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

চাইন অন ডেস্ক:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰাণত উজনি অসমৰ কেইবাটাও সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়। এই বিজয় সংকল্প সভাত বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকৰ উপস্থিতিৰে মৰাণত জনসমুদ্ৰৰ সূচনা হয়। এই সভাত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰে।কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, “দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ আটাইতকৈ মৰমৰ আৰু বিশ্বাসযোগ্য নেতা। তেখেতে দক্ষতা, যোগ্যতা, দৃঢ়তা, সততা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ যোগেদি বিশ্বৰ মানৱ সমাজৰ শক্তিশালী দৃষ্টি আকৰ্ষণ কৰিছে, যাৰ ফলত বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে প্ৰতিষ্ঠিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।”
সোণোৱালে কয়, “পোন প্ৰথমে সমবেত ৰাইজক মই আগন্তুক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই বিশাল সভাত অংশগ্ৰহণ কৰিছে শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টি, চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা সমষ্টি, ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া, দুলীয়াজান, চাবুৱা-লাহোৱাল, টিংখাং, খোৱাং আৰু ডিব্ৰুগড় – এই নটা বিধানসভা সমষ্টিৰ ৰাইজে। আজি এই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে ৰাইজে যি কষ্ট স্বীকাৰ কৰিছে, তাৰ বাবে মই প্ৰতিগৰাকী সমবেত লোকক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। বৰ্তমান অসমত জাতীয় জীৱনৰ অস্তিত্ব, মাটি, ভেটি, কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য আৰু ঐতিহ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত যোৱা দহ বছৰত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ফলত আজি অসমীয়া মানুহৰ মনত এই বিশ্বাস সৃষ্টি হৈছে যে বিজেপি মিত্ৰজোঁট থাকিলেহে আমি সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব পাৰিম। স্বৰ্গদেউ চাওলুং চুকাফাই গঢ়ি তোলা এই বৰ অসম চিৰদিনে অসমীয়াৰ হাতত থাকিব- এই বিশ্বাস আজি ৰাইজৰ মাজত দৃঢ় হৈছে। কাৰণ যোৱা দহ বছৰত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক আঠ লাখতকৈও অধিক মাটিৰ পট্টা প্ৰদান কৰা হৈছে বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দিনত। আৰু দুশ বছৰীয়া অসমৰ চাহ উদ্যোগৰ শ্ৰমিকসকলৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে তিনিলাখ তেত্ৰিছ হাজাৰ শ্ৰমিক পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা হৈছে আৰু তেখেতসকলৰ স্বাভিমান, কৃষ্টি, সংস্কৃতি, ভাষা আৰু সাহিত্যৰ সুৰক্ষা তথা প্ৰসাৰৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়া জাতীয় জীৱনৰ আটাইতকৈ ডাঙৰ অনুভূতি মাতৃভাষাৰ সুৰক্ষাৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ মাটি, ভেটি ভৱিষ্যতৰ দিনত অসমীয়াৰ হাতত যাতে স্থায়ীভাৱে থাকে, তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে যোৱা দহ বছৰত ৰাজ্য চৰকাৰখনক আহ্বান জনাইছিল যে অবৈধ বাংলাদেশী মুছলমান থকা অঞ্চলসমূহৰ পৰা তেওঁলোকক উচ্ছেদ কৰি সেই মাটি, ভেটি খিলঞ্জীয়াৰ হাতত অৰ্পণ কৰিব লাগে, যাতে আমি আগন্তক দিনত ক’ব পাৰোঁ– আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। এই মাটিৰ ওপৰত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব। ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব। চাওলুং চুকাফাই যিখন বৰ অসম আমাক উপহাৰ দিলে আৰু স্বৰ্গদেউসকলে যিখিনি উল্লেখযোগ্য অৱদান আগবঢ়ালে, তাৰ ফলশ্ৰুতিত আজি অসমীয়া জাতি শক্তিশালী হৈছে। সেয়েহে স্বৰ্গদেউসকলৰ স্মৃতি জড়িত চৰাইদেউ মৈদামক ইউনেস্কোৰ গুৰুত্বপূৰ্ণ ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী ৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপন কৰি তেখেতক বিশ্বৰ অন্যতম মহাবীৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰা হৈছিল, তাৰ বাবে আজি অসমীয়াৰ গৌৰৱ বৃদ্ধি পাইছে। অনাগত দিনবোৰতো নিশ্চিতভাৱে অসমৰ বৰাক, ব্ৰহ্মপুত্ৰ উপত্যকা, পাহাৰ-ভৈয়াম অঞ্চলত বসবাস কৰা সৰু-বৰ সকলো জাতি-জনগোষ্ঠীৰ মাটি, ভেটি, কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য আৰু ঐতিহ্য সম্পূৰ্ণৰূপে সুৰক্ষিত কৰা হ’ব। অসমীয়া জাতিয়ে আগন্তুক দিনত বিশ্বৰ অন্যতম শক্তিশালী জাতি হিচাপে নিজৰ পৰিচয় দাঙি ধৰিব — এইটো আমাৰ দৃঢ় লক্ষ্য। তাৰ বাবে উঠি অহা প্ৰজন্মক আধুনিক শিক্ষা, দক্ষতা আৰু আদৰ্শ, মূল্যবোধেৰে গঢ়ি তুলি শক্তিশালী নাগৰিক হিচাপে প্ৰস্তুত কৰিব লাগিব।এই যাত্ৰাত আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগিতা অত্যন্ত প্ৰয়োজন। আমাৰ মঞ্চত উপস্থিত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে আপোনালোকৰ শ্ৰীচৰণত মূৰ দোৱাই আশীৰ্বাদ বিচাৰিছে। গতিকে উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ বাবে এনডিএ-ৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনালোঁ।”এই সময়ছোৱাত মঞ্চত উপস্থিত থাকে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যসভাৰ সাংসদদ্বয় যোগেন মোহন আৰু তেৰছ গোৱালা প্ৰমুখ্যে বহুকেইটা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল।

Leave a Reply

Your email address will not be published. Required fields are marked *