...

আছুৰ শ্বহীদ দিৱসত গীতি-নৃত্যালেখ্য আৰু অংকীয়া নাট “পাৰিজাত হৰণ” মঞ্চস্থ

Spread the love

আছুৰ শ্বহীদ দিৱসত গীতি-নৃত্যালেখ্য আৰু অংকীয়া নাট “পাৰিজাত হৰণ” মঞ্চস্থ

নগাঁও,

অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত ১০ ডিচেম্বৰ দিনটো ৰাজ্যজুৰি পালন কৰা হয় শ্বহীদ দিৱস। সদৌ অসম ছাত্ৰ সন্থাই অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৬০গৰাকী শ্বহীদক স্মৰণ কৰি এই দিৱস পালন কৰে। নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত,কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আৰু কলিয়াবৰবাসীৰ সহযোগত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় কেন্দ্ৰীয় শ্বহীদ দিৱস। কলিয়াবৰৰ কুঁৱৰীটোলৰ ঐতিহাসিক গান্ধী খেলপথাৰত পুৱাৰে পৰা অনুষ্ঠিত কাৰ্যসূচীৰে ৮৬০গৰাকী শ্বহীদৰ ত্যাগক স্মৰণ কৰা হয়। নিশা সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰে কলিয়াবৰৰ শ্ৰীশ্ৰীচামগুৰি সত্ৰৰ জ্যেষ্ঠ সত্ৰীয়া,শিক্ষাসেৱী কমল চন্দ্ৰ গোস্বামীয়ে। বৰগীত আৰু সত্ৰীয়া নৃত্যৰ পিছতে বিশিষ্ট নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ ৰচনা আৰু সঞ্জীৱ শইকীয়া (গগন)ৰ পৰিচালনাৰে পৰিৱেশন কৰা হয় গীতি-নৃত্যালেখ্য “ভৱানীপুৰ”। অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিক সজীৱ কৰি তোলে গীতি-নৃত্যালেখ্যত ভাগ লোৱা কলা-কুশলীসকলে। সাংস্কৃতিক অনুষ্ঠানৰ অন্তিম কাৰ্যসূচী ৰূপে কলিয়াবৰৰ কলা-কুশলীসকলে পৰিৱেশন কৰে শ্ৰীমন্তশংকৰদেৱ বিৰচিত “পাৰিজাত হৰণ” অংকীয়া নাটখনি। সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামী ।

Leave a Reply

Your email address will not be published. Required fields are marked *