কামৰূপৰ ছমৰীয়া সমষ্টিৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত টুপামাৰীত ড্ৰাগছৰ বিৰুদ্ধে নিশা আৰক্ষীৰ এক বৃহৎ অভিযান চলে ,অভিযানত বুজন পৰিমাণৰ ড্ৰাগছ সহ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন টুপামাৰী গাঁৱৰ ছাদেক আলী বুলি জনা গৈছে।গোপন সূত্ৰৰ পম খেদি ছাদেক আলী নামৰ লোকজনৰ ঘৰত অভিযান চলাই ৪৬ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু প্ৰায় ৩০০ টা খালি কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে।অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কামৰূপ জিলা সমিতিৰ একাংশ কৰ্মকৰ্তাৰ সহযোগত টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চম্পক কলিতাৰ নেতৃত্বত চলে এই অভিযান।অভিযানত জব্দ কৰা ড্ৰাগছ খিনিৰ ওজন ৬১.৬৭ গ্ৰাম বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ইতিপূৰ্বেও একাধিকবাৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ হৈছিল ছাদেক আলী।আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ মাজতো টুপামাৰী আৰক্ষী চকীৰ বিভিন্ন এলেকাত চলিয়েই আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষীৰ এই অভিযানক ৰাইজে ভূয়সী প্ৰশংসা কৰাৰ লগতে শীঘ্ৰেই বৃহত্তৰ অঞ্চলটো ড্ৰাগছ মুক্ত কৰাৰ দাবী জনাইছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.