ৰাজহুৱা পৰামৰ্শ জাৰি ডিব্ৰুগড় জিলা প্ৰশাসনৰ
ফোন কল,মেছেজ আদিৰে ধনৰ বিনিময়ত ভূমি সম্পৰ্কীয় কাম-কাজ কৰাৰ প্ৰস্তাৱ দি প্ৰতাৰণা
প্ৰৱঞ্চনামূলক ফোন বা মেছেজৰ কোনো সঁহাৰি নিদিবলৈ প্ৰশাসনৰ আহ্বান
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলা প্ৰশাসনে ফোন কল আৰু মেছেজৰ জৰিয়তে ধনৰ বিনিময়ত ভূমি সম্পৰ্কীয় কাম-কাজ চলোৱাৰ প্ৰস্তাৱ দি মানুহক প্ৰতাৰণা কৰাৰ অপচেষ্টা চলোৱাৰ খবৰ পোৱাৰ পিছতে এক ৰাজহুৱা পৰামৰ্শ জাৰি কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে।
চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত এফআইআৰ দাখিল কৰা হৈছে।এনে ধৰণৰ প্ৰৱঞ্চনামূলক ফোন বা মেছেজৰ কোনো সঁহাৰি নিদিবলৈ প্ৰশাসনে আহ্বান জনাইছে।
তদুপৰি নাগৰিকসকলক অচিনাকি নম্বৰৰ পৰা এনে কোনো যোগাযোগ পালে তৎকালীনভাৱে প্ৰশাসনক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
এনে প্ৰৱঞ্চনামূলক কামত জড়িত ব্যক্তি বা গোটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিছে জিলা প্ৰশাসনে।