...

বিশিষ্ট অস্থিৰোগ চিকিৎসক ডাঃ চাজিদ আহমেদৰ মৃত্যু

Spread the love

বিশিষ্ট অস্থিৰোগ চিকিৎসক ডাঃ চাজিদ আহমেদৰ মৃত্যু

গভীৰ শোকৰ ছাঁ

চাইন অন ডেস্ক:

ডিব্ৰুগড়ৰ কনভয় ৰোডৰ নিজকদমনি নিবাসী, বিশিষ্ট অস্থিৰোগ চিকিৎসক ডাঃ চাজিদ আহমেদৰ কালি ৫২ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।পিতৃ হাচিম উদ্দিন আহমেদে গড়কাপ্তানি বিভাগত চাকৰি সূত্ৰে অসমৰ বিভিন্ন ঠাইত থাকিব লগীয়া হোৱাত হাফলংত চাজিদ আহমেদৰ জন্ম হয় ১৯৭৪চনত । তেওঁ হাফলং হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ চিকিৎসা বিজ্ঞান পঢ়াৰ উদ্দেশ্যে ৰাছিয়ালৈ যায় আৰু তাত এম বি বি এছ কৰি পিছত অস্থিৰোগত ডিগ্ৰী লাভ কৰি ডিব্ৰুগড়লৈ আহে আৰু ডিব্ৰুগড়ৰ ব্যক্তিগত চিকিৎসালয়ত কৰ্ম জীৱনৰ পাতনি মেলি মৃত্যুৰ আগলৈকে ডিব্ৰুগড়ৰ অৰ্চনা হস্পিতাল, ব্ৰহ্মপুত্ৰ হস্পিতাল আদিত চিকিৎসক হিচাপে সেৱা আগবঢ়ায়।এগৰাকী অতি মেধা সম্পন্ন চিকিৎসক ডাঃ চাজিদ আহমেদ লায়ন্স ক্লাবৰ এগৰাকী সক্ৰিয় সদস্য আছিল। তেওঁ আছিল বিশিষ্ট শিল্পী প্ৰয়াত চৈয়দ ছাদুল্লাৰ ভাগিনীয়েক।মৃত্যুৰ সময়ত ৰাছিয়ান পত্নী অলিনা আহমেদ, এজন পুত্ৰ আৰু এগৰাকী কন্যাসহ পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। আজি আহমেদৰ জানাজা নালিয়াপুল কবৰ স্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। ডাঃ চাজিদ আহমেদৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *