প্ৰধানমন্ত্ৰী মোদী ১৪ ফেব্ৰুৱাৰীত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো হাইৱে এয়াৰষ্ট্ৰিপত কৰিব অৱতৰণ
ডিব্ৰুগড়ত বায়ুসেনাৰ পৰীক্ষামূলক উৰণ
মৰাণৰ আকাশ-বতাহ কঁপাই উৰিল চুখয়,ৰাফেল,তেজচ
চাইন অন ডেস্ক:
যেন এক যুদ্ধ সদৃশ পৰিৱেশ। এখনৰ পাছত এখন ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমানৰ অৱতৰণ আৰু উৰণ।বিকট শব্দ আৰু ধুলিৰ ধোঁৱা উৰুৱাই কৰিলে প্ৰকাণ্ড যুদ্ধ বিমানৰ অনুশীলন। ডিব্ৰুগড়ৰ মৰাণৰ বাইপাছত আজি পুৱাৰ ভাগত আয়োজন কৰা হয় ভাৰতীয় বায়ুসেনাৰ এই বিশেষ অনুশীলন।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অহা ১৪ ফেব্ৰুৱাৰীৰ ভ্ৰমণৰ পূৰ্বে আজি ডিব্ৰুগড়ৰ মৰাণৰ আকাশ-বতাহ কঁপাই ভাৰতীয় বায়ুসেনাৰ চুখয়-৩০ আৰু ৰাফেল যুঁজৰু বিমানে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত (ELF) পৰীক্ষামূলক উৰণ-অৱতৰণৰ অনুশীলন আৰম্ভ কৰে।এই ঐতিহাসিক ক্ষণত এনেধৰণৰ বিৰল আকাশী দৃশ্য প্ৰত্যক্ষ কৰিবলৈ স্থানীয় লোকৰ মাজত ব্যাপক উৎসাহদেখিবলৈ পোৱা যায়।উল্লেখযোগ্য যে, মৰাণত বিশেষভাৱে নিৰ্মিত ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘাইপথৰ এই এয়াৰষ্ট্ৰিপত চুখয়-৩০, ৰাফেল,তেজছ যুঁজাৰু বিমানৰ লগতে হাৰকিউলিছ আৰু এণ্টনভ এএন-৩২ (Antonov AN-32) পৰিবহণ বিমানে অৱতৰণ আৰু উৰণৰ কৌশল প্ৰদৰ্শন কৰে। সামৰিক বিমানসমূহৰ এই শক্তি প্ৰদৰ্শন চাবলৈ শ শ দৰ্শকে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয়। ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মিত এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰখনৰ কাষত ছাত্ৰ-ছাত্ৰী, শিশু আৰু স্থানীয় বাসিন্দাসকলে সমবেত হৈ হাত জোকাৰি জোকাৰি যথেষ্ট আনন্দ আৰু উল্লাহ প্ৰকাশ কৰে। এখনৰ পিছত এখনকৈ বায়ুসেনাৰ যুদ্ধ বিমানে ৰাষ্ট্ৰীয় ঘাইপথটোত চুই পুনৰ আকাশলৈ উৰা মৰা দৃশ্যই সকলোকে সন্মোহিত কৰে।জানিব পৰা অনুসৰি আজিৰে পৰা আৰম্ভ হোৱা আৰু ১৩ ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া এই পৰীক্ষামূলক উৰণসমূহ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ অন্তিম প্ৰস্তুতিৰ এক অংশ বিশেষ।উল্লেখ্য যে, ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এই কেন্দ্ৰটো উদ্বোধন কৰাৰ লগতে বায়ুসেনাৰ আকাশ প্ৰদৰ্শনীও প্ৰত্যক্ষ কৰিব। যোৱা সপ্তাহত স্থানটো পৰিদৰ্শন কৰা অসমৰ মুখ্য সচিব ৰবি কোটাই স্থানীয় লোকসকলক এই পৰীক্ষামূলক উৰণসমূহ চাবলৈ উৎসাহিত কৰিছিল।যোৱা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত এখন প্ৰস্তুতি সভাত কোটাই কৈছিল, "এইটো এই অঞ্চলটোৰ বাবে এক ঐতিহাসিক আৰু বিৰল অভিজ্ঞতা হ’ব। মই স্থানীয় ৰাইজক, বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু শিশুসকলক এই পৰীক্ষামূলক উৰণ আৰু মূল অনুষ্ঠানটো চাবলৈ আহ্বান জনাইছো, কাৰণ এয়া এক আপুৰুগীয়া অভিজ্ঞতা হ’ব।" এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰখন ভাৰতীয় বায়ুসেনাৰ বাবে এক গুৰুত্বপূৰ্ণ কৌশলগত মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।দেশৰ জৰুৰীকালীন অৱস্থা বা যুদ্ধৰ সময়ত যদি দেশৰ সদাব্যস্ত বিমান বন্দৰসমূহ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে, তেন্তে এনেদৰেই ৰাজপথত নিৰ্মিত বিকল্প ৰানৱে(ELF) সামৰিক বিমানৰ বাবে অত্যন্ত ফলপ্ৰসূ হ’ব।অহা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীৰ বিমানে মৰাণৰ এই ই.এল.এফ-ত পোনপটীয়াকৈ অৱতৰণ কৰি এক ইতিহাস ৰচনা কৰিব। উত্তৰ-পূব ভাৰতত প্ৰধানমন্ত্ৰীৰ বিমান ঘাইপথৰ এয়াৰষ্ট্ৰিপত অৱতৰণ কৰা এয়াই হ’ব প্ৰথম ঘটনা।
![]()
ইয়াৰ পিছতে মোদীয়ে কেন্দ্ৰটো উদ্বোধন কৰিব আৰু বৰ্তমানে পৰীক্ষামূলকভাৱে চলি থকা বিমানসমূহৰ আকাশী প্ৰদৰ্শনী প্ৰত্যক্ষ কৰিব। পৰীক্ষামূলক উৰণ আৰু মূল অনুষ্ঠানটোৰ সুচাৰু পৰিচালনাৰ বাবে ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যান-বাহনসমূহ যোৱা ৬ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ মৰাণ চহৰ হৈ পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডাইভাৰ্ট কৰা হৈছে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু আৰক্ষী অধীক্ষক অভিজিৎ গুৰভে বায়ুসেনাৰ বিষয়াৰ সৈতে সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰি আছে। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। "প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সকলো নিৰাপত্তা ব্যৱস্থা আৰু ড্ৰিল পৰীক্ষা কৰা হৈছে। অনুষ্ঠানটো সুৰক্ষিত আৰু সফল কৰিবলৈ আমি কোনো ধৰণৰ ক্ৰটি ৰাখিব বিচৰা নাই," এছএছপি গুৰভে কয়। পৰীক্ষামূলক উৰণৰ সফল সমাপ্তিয়ে এই বৃহৎ উদ্বোধনৰ পথ প্ৰশস্ত কৰিব আৰু ভাৰতৰ কৌশলগত বিমান আন্তঃগাঁথনিত মৰাণৰ নাম ইতিহাসত খোদিত কৰিব।
দেখিবলৈ পোৱা যায়।উল্লেখযোগ্য যে, মৰাণত বিশেষভাৱে নিৰ্মিত ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘাইপথৰ এই এয়াৰষ্ট্ৰিপত চুখয়-৩০, ৰাফেল,তেজছ যুঁজাৰু বিমানৰ লগতে হাৰকিউলিছ আৰু এণ্টনভ এএন-৩২ (Antonov AN-32)
পৰিবহণ বিমানে অৱতৰণ আৰু উৰণৰ কৌশল প্ৰদৰ্শন কৰে। সামৰিক বিমানসমূহৰ এই শক্তি প্ৰদৰ্শন চাবলৈ শ শ দৰ্শকে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয়।
১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মিত এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰখনৰ কাষত ছাত্ৰ-ছাত্ৰী, শিশু আৰু স্থানীয় বাসিন্দাসকলে সমবেত হৈ হাত জোকাৰি জোকাৰি যথেষ্ট আনন্দ আৰু উল্লাহ প্ৰকাশ কৰে। এখনৰ পিছত এখনকৈ
বায়ুসেনাৰ যুদ্ধ বিমানে ৰাষ্ট্ৰীয় ঘাইপথটোত চুই পুনৰ আকাশলৈ উৰা মৰা দৃশ্যই সকলোকে সন্মোহিত কৰে।জানিব পৰা অনুসৰি আজিৰে পৰা আৰম্ভ হোৱা আৰু ১৩ ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া এই পৰীক্ষামূলক উৰণসমূহ
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ অন্তিম প্ৰস্তুতিৰ এক অংশ বিশেষ।উল্লেখ্য যে, ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এই কেন্দ্ৰটো উদ্বোধন কৰাৰ লগতে বায়ুসেনাৰ আকাশ প্ৰদৰ্শনীও প্ৰত্যক্ষ কৰিব।
যোৱা সপ্তাহত স্থানটো পৰিদৰ্শন কৰা অসমৰ মুখ্য সচিব ৰবি কোটাই স্থানীয় লোকসকলক এই পৰীক্ষামূলক উৰণসমূহ চাবলৈ উৎসাহিত কৰিছিল।যোৱা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত এখন প্ৰস্তুতি সভাত কোটাই কৈছিল, "এইটো এই
অঞ্চলটোৰ বাবে এক ঐতিহাসিক আৰু বিৰল অভিজ্ঞতা হ’ব। মই স্থানীয় ৰাইজক, বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু শিশুসকলক এই পৰীক্ষামূলক উৰণ আৰু মূল অনুষ্ঠানটো চাবলৈ আহ্বান জনাইছো, কাৰণ এয়া এক আপুৰুগীয়া
অভিজ্ঞতা হ’ব।"
এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰখন ভাৰতীয় বায়ুসেনাৰ বাবে এক গুৰুত্বপূৰ্ণ কৌশলগত মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।দেশৰ জৰুৰীকালীন অৱস্থা বা যুদ্ধৰ সময়ত যদি দেশৰ সদাব্যস্ত বিমান বন্দৰসমূহ ব্যৱহাৰৰ অনুপযোগী
হৈ পৰে, তেন্তে এনেদৰেই ৰাজপথত নিৰ্মিত বিকল্প ৰানৱে(ELF) সামৰিক বিমানৰ বাবে অত্যন্ত ফলপ্ৰসূ হ’ব।অহা
১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীৰ বিমানে মৰাণৰ এই ই.এল.এফ-ত পোনপটীয়াকৈ অৱতৰণ কৰি এক ইতিহাস ৰচনা কৰিব। উত্তৰ-পূব ভাৰতত প্ৰধানমন্ত্ৰীৰ বিমান ঘাইপথৰ এয়াৰষ্ট্ৰিপত অৱতৰণ কৰা এয়াই হ’ব প্ৰথম ঘটনা।
ইয়াৰ পিছতে মোদীয়ে কেন্দ্ৰটো উদ্বোধন কৰিব আৰু বৰ্তমানে পৰীক্ষামূলকভাৱে চলি থকা বিমানসমূহৰ আকাশী প্ৰদৰ্শনী প্ৰত্যক্ষ কৰিব।
পৰীক্ষামূলক উৰণ আৰু মূল অনুষ্ঠানটোৰ সুচাৰু পৰিচালনাৰ বাবে ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যান-বাহনসমূহ যোৱা ৬ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ মৰাণ চহৰ হৈ পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডাইভাৰ্ট কৰা হৈছে।
ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু আৰক্ষী অধীক্ষক অভিজিৎ গুৰভে বায়ুসেনাৰ বিষয়াৰ সৈতে সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰি আছে। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।
"প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সকলো নিৰাপত্তা ব্যৱস্থা আৰু ড্ৰিল পৰীক্ষা কৰা হৈছে। অনুষ্ঠানটো সুৰক্ষিত আৰু সফল কৰিবলৈ আমি কোনো ধৰণৰ ক্ৰটি ৰাখিব বিচৰা নাই," এছএছপি গুৰভে কয়।
পৰীক্ষামূলক উৰণৰ সফল সমাপ্তিয়ে এই বৃহৎ উদ্বোধনৰ পথ প্ৰশস্ত কৰিব আৰু ভাৰতৰ কৌশলগত বিমান আন্তঃগাঁথনিত মৰাণৰ নাম ইতিহাসত খোদিত কৰিব।