আলফা(আই) বিস্ফোৰণৰ ষড়যন্ত্ৰ আৰু দিছপুৰ আই ই ডি উদ্ধাৰৰ গোচৰত NIAৰ ২ অভিযুক্তক গ্ৰেপ্তাৰ
চাইন অন ডেস্ক:
২০২৪ চনৰ স্বাধীনতা দিৱসৰ দিনা অসমত একাধিক বিস্ফোৰণ সংঘটিত কৰাৰ ষড়যন্ত্ৰৰ অংশ হিচাপে আলফা (আই) সন্ত্ৰাসবাদী সংগঠনে গুৱাহাটীৰ দিছপুৰ লাষ্ট গেটত স্থাপন কৰা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) উদ্ধাৰৰ সৈতে জড়িত আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই।
ডিব্ৰুগড় জিলাৰ বাসিন্দা, নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনটোৱে ৰচনা কৰা ষড়যন্ত্ৰত পোনপটীয়াকৈ জড়িত আছিল অভিযুক্ত ভাৰ্গব গগৈ আৰু চুমু গগৈ। তেওঁলোকৰ গ্ৰেপ্তাৰৰ লগে লগে RC-03/2024/NIA-GUW গোচৰত গ্ৰেপ্তাৰ হোৱা মুঠ অভিযুক্তৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে।
যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত দিছপুৰ আৰক্ষীৰ পৰা এই গোচৰৰ তদন্ত গ্ৰহণ কৰা এন আই এয়ে যোৱা মাহত এই গোচৰৰ তিনিজন অভিযুক্তক বিএনএছ, ইউএ(পি) এক্ট আৰু দ্য এক্সপ্ল’ছিভছ ছাবষ্টেন্স এক্টৰ বিভিন্ন ধাৰাত অভিযোগনামা দাখিল কৰিছিল।
এই গোচৰৰ তদন্ত অব্যাহত আছে।