এন এফ আৰৰ এক উল্লেখযোগ্য অভিযান্ত্ৰিক মাইলৰ খুঁটি অৰ্জন
অভিযান্ত্ৰিক আশ্চৰ্য্যকৰ মনিপুৰৰ ননী দলংখনক বিশ্বৰ আটাইতকৈ ওখ ৰেলৱে দলং হিচাপে গণ্য
জিৰিবাম – ইম্ফল ৰে’ল লাইনে মণিপুৰৰ সংযোগৰ পৰিৱৰ্তন ঘটাব, যাৰ ফলত অৰ্থনৈতিক বিকাশ আৰু আঞ্চলিক উন্নয়নৰ সূচনা হ’ব
মণিপুৰৰ জনপ্ৰিয়ভাৱে ন’নি দলং নামেৰে জনাজাত ১৬৪ নং আইকনিক দলংখনত গাৰ্ডাৰ লঞ্চিং সম্পূৰ্ণ কৰি নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱেই (এন এফ আৰ) এক উল্লেখযোগ্য অভিযান্ত্ৰিক মাইলৰ খুঁটি অৰ্জন কৰে। অভিযান্ত্ৰিক আশ্চৰ্য্য ননী দলংখনক বিশ্বৰ আটাইতকৈ ওখ ৰেলৱে ঘাট দলং হিচাপে গণ্য কৰা হয় যিখন ১১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিৰিবাম – ইম্ফল ৰেলৱে লাইন প্ৰকল্পৰ এক অবিচ্ছেদ্য অংগ।
অঞ্চলটোৰ জটিল ভূতাত্ত্বিক আৰু জলবায়ু প্ৰত্যাহ্বান সহ্য কৰিব পৰাকৈ ডিজাইন কৰা এই দলংখনে কঠিন পাহাৰীয়া ভূখণ্ড আৰু গভীৰ উপত্যকাক সামৰি লৈছে। ইয়াৰ ছুপাৰষ্ট্ৰাকচাৰ লঞ্চিঙৰ সফল সমাপ্তিয়ে ভাৰতৰ অন্যতম প্ৰত্যাহ্বানমূলক পৰিৱেশত অক্লান্তভাৱে কাম কৰি জড়িত দলসমূহৰ নিষ্ঠা, উদ্ভাৱন আৰু অভিযান্ত্ৰিক উৎকৰ্ষতাক প্ৰতিফলিত কৰে।নিখুঁত পৰিকল্পনা, অত্যাধুনিক নিৰ্মাণ কৌশল আৰু সমগ্ৰ এন এফ আৰ দলৰ নিষ্ঠাৰ জৰিয়তে আৰম্ভণিৰ কাম সফলতাৰে সম্পূৰ্ণ কৰাটো সম্ভৱ হৈছিল