ইতিহাস ৰচি এদিনীয়া শৃংখলা জয় নিউজিলেণ্ডৰ
নিৰ্ণায়ক মেচত ৪১ ৰানত পৰাস্ত ভাৰত
ইন্দোৰ:
প্রথম বাৰৰ বাবে এদিনীয়া শৃংখলা দখল কৰি ইতিহাস ৰচনা কৰিলে নিউজিলেন্ডে। ঘৰুৱা দল টীম ইণ্ডিয়াৰে খেলা তিনিখন এদিনীয়া মেচৰ শৃংখলাটো২ – ১ ত হস্তগত কৰে। শৃংখলাৰ অনুষ্ঠিত তৃতীয় তথা নির্ণায়ক মেচখনত নিউসিলেণ্ডে ভাৰতীয় দলটোক ৪১ ৰানত পৰাস্ত কৰে।আলহীৰ দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ৩৩৮ ৰানৰ লক্ষ্য পূৰণ কৰিবলৈ চেষ্টা কৰিও ভাৰতে ৪৬ অভাৰত সকলো উইকেট হেৰাই ২৯৯ ৰাণহে কৰিবলৈ সক্ষম হয়। দলীয় স্ক’ৰ ১৭৯ ৰানতে ৬ টাকৈ উইকেট হেৰাই ভাৰতে বিপদত পৰিছিল যদিও কোহলিয়ে হর্ষিও ৰাণাৰ সৈতে সপ্তম উইকেটত ৯৯ ৰান সংগ্রহ কৰি দলৰ বিপৰ্যয় ৰক্ষা কৰিছিল। কিন্তু মাত্র দুটা বলৰ ব্যৱধানত হর্ষিত আৰু মহম্মদ চিবাজে বিদায় লোৱাত ঘৰুৱা দলটোৰ পৰাজয় নিশ্চিত হৈ পৰে। এদিনীয়া ক্রিকেটত ৫৪ সংখ্যক শতক অৰ্জন কৰা কোহলীয়ে ১০৮ টা বলত ১০ট চাৰি আৰু তিনিটা ছয়েৰে ১২৪ ৰানৰ দুর্দান্ত ইনিংছ উপহাৰ দিয়ে। ইফালে, নীতিশ সুমানে
৫৩ আৰু হষিত ৰাণাই ৫২ ৰানৰ অবদান আগবঢ়ায়। ৰোহিত শর্মাই ১১, অধিনায়ক গিলে ২৩, শ্রেয়াচ আয়াৰে ৩ আৰু লোকেশ ৰাহুলেও মান ১ ৰান কৰে। নিউজিলেণ্ডৰ হৈ জেক ফ’লকেছ আক ক্রিস্টিয়ান ক্লার্ক উভয়ে সর্বাধিক তিনিটাকে উইকেট লাভ কৰে। ইয়াব পূর্বে টীম ইণ্ডিয়াৰ আমন্ত্রণ ক্রমে প্রথমে বেটিং কৰিবলৈ আহি প্রাথমিক বিপর্যত সত্ত্বেও ডাৰিল মিচেল আক গ্লেন ফিলিপছৰ দুর্দান্ত শতকৰ সহায়ত নিউজিলেন্ডে নিৰ্ধাৰিত ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ৩৩৭ ৰান সংগ্রহ কৰে।