...

নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা সোণাৰিৰ প্ৰবীণ সাংবাদিক সূৰ্য বৰাক প্ৰদান

Spread the love

 

 

নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা সোণাৰিৰ প্ৰবীণ সাংবাদিক সূৰ্য বৰাক প্ৰদান

 

 

হিৰণ্য বৰালৈ প্ৰথম সঞ্জীৱ নন্দী সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা
বাংলাদেশ, ম্যানমাৰৰ অস্থিৰ অৱস্থাই সমস্যাৰ সৃষ্টি কৰিব উত্তৰ পূব ভাৰতত :: সুবীৰ ভৌমিক
নিৰ্মাণ হব ডিব্ৰুগড় প্ৰেছ ক্লাবৰ স্থায়ী ভৱনৰ নিৰ্মাণকাৰ্য

 

 

চাইন অন ডেস্ক:

ডিব্ৰুগড় প্ৰেছ ক্লাবে (ডিপিচি) সোমবাৰে ডিএইচএছকে স্বায়ত্তশাসিত মহাবিদ্যালয়, ডিব্ৰুগড়ত অনুষ্ঠিত কৰে চতুৰ্দশ বাৰ্ষিক নীলিম চৌধুৰী সোঁৱৰণী বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান। এই অনুস্থানত প্ৰয়াত সাংবাদিক নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰাৰ লগতে প্ৰথমবাৰৰ বাবে সঞ্জীৱ নন্দী যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰা হয়।

এই বছৰ ২০,০০০ টকা নগদ পুৰস্কাৰসহ সন্মানীয় নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা সোণাৰিৰ অসমীয়া প্ৰতিদিনৰ প্ৰবীণ সাংবাদিক সূৰ্য বৰাক প্ৰদান কৰা হয়। বৰাক দায়বদ্ধ সাংবাদিকতাৰ প্ৰতি তেওঁৰ অংগীকাৰ আৰু অসমৰ গণমাধ্যম ক্ষেত্ৰত তেওঁৰ উল্লেখনীয় অৱদানৰ বাবে এই স্বীকৃতি প্ৰদান কৰা হয়। তেওঁক এখন প্ৰশস্তিপত্ৰ আৰু ২০,০০০ টকাৰ চেক প্ৰদান কৰা হয়।
অতিথিসকল আৰু বিশিষ্ট ব্যক্তিসকলে নীলিম চৌধুৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সাংবাদিকতাৰ ক্ষেত্ৰত তেওঁৰ মূল্যৱান অৱদানৰ কথা অনুস্থানত স্মৰণ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক হিচাপে কাম কৰা চৌধুৰীয়ে তেওঁৰ কৰ্মজীৱনত বিভিন্ন গণমাধ্যমত সংবাদদাতা হিচাপে কাম কৰিছিল।

ইয়াৰোপৰি ডিব্ৰুগড় প্ৰেছ ক্লাবে প্ৰথমবাৰৰ বাবে সঞ্জীৱ নন্দী সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা ডিব্ৰুগড়ৰ এন.কে.টিভিৰ ডিব্ৰুগড় জিলাৰ ব্যুৰ’ হিৰণ্য বৰাক প্ৰদান কৰা হয়। এই বঁটাত এটি প্ৰশস্তিপত্ৰ আৰু ১০,০০০ টকাৰ চেক অন্তৰ্ভুক্ত আছিল।এই অনুস্থানতে উপলক্ষে জ্যোতিষ কুমাৰ পাটিৰ আৰু অভিক চক্ৰবৰ্তীৰ সম্পাদনাত ‘নীলিম’ নামৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হয়। এই স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট চাহ খেতিয়ক মৃগেণ জালানে। অনুস্থানত প্ৰয়াত নীলিম চৌধুৰীৰ জীৱন আৰু কৰ্মৰ ওপৰত সাংবাদিক অৰ্ণৱ শৰ্মা আৰু দেবজিৎ চুতীয়াৰ পৰিচালনাত এটি তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়।

অন্যহাতে, ভাৰতবৰ্ষৰ এগৰাকী প্ৰবীণ সাংবাদিক আৰু প্ৰাক্তন পূৰ্বাঞ্চল ভাৰতৰ ব্যুৰ’ চীফ সুবীৰ ভৌমিকে “বাংলাদেশ আৰু ম্যানমাৰত উন্নয়ন :: উত্তৰ-পূৰ্ব ভাৰতৰ বাবে নতুন সমস্যা” বিষয়ত স্মাৰক বক্তৃতা প্ৰদান কৰে। ভৌমিকে বাংলাদেশ আৰু ম্যানমাৰৰ বৰ্তমানৰ সংকট আৰু এই অঞ্চলৰ বাবে ইয়াৰ প্ৰভাৱৰ উওৰ পূব ভাৰতৰ ওপৰত পৰিব পৰা বিষয়ক আলোকপাত কৰিছিল। এই অনুষ্ঠানত উপস্থিত আছিল প্ৰফেচৰ সুবাসনা মহন্ত, অসমীয়া বিভাগৰ মুৰব্বী, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু প্ৰয়াত নীলিম চৌধুৰীৰ পত্নী; ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডাঃ শৈকত পাত্ৰ; সমাজসেৱক আৰু জনহিতৈষী চিএ জ্যোতি প্ৰসাদ কানৈ; বিশিষ্ট চাহ খেতিয়ক মৃগেন্দ্ৰ জালান; ডিএইচএছকে স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া; ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মানস জ্যোতি দত্ত; ডিপিচিৰ সম্পাদক ৰিপুঞ্জয় দাস আৰু অন্যান্যসকল।

ডিব্ৰুগড় প্ৰেছ ক্লাবে এই কাৰ্যসূচীত বিশিষ্ট এনআইএছ প্ৰশিক্ষক, ক্ৰীড়া সংগঠক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰণৱ বৰুৱাকো তেখেতৰ অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়। সভাপতিৰ মন্তব্যত মানস জ্যোতি দত্তই কয় সোনালী জয়ন্তী বৰ্ষ উদযাপন কৰি থকা ডিব্ৰুগড় প্ৰেছ ক্লাবৰ স্থায়ী ভৱনৰ নিৰ্মাণকাৰ্য অহা এমাহৰ ভিতৰত আৰম্ভ কৰা হব। যাৰ ফলত ক্লাবৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হব। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই ৰিপুঞ্জয় দাসে। অনুস্থানত নীলিম চৌধুৰী আৰু সঞ্জীৱ নন্দী পৰিয়ালৰ সদস্য সকলৰ উপৰিও শতাধিক গণ্য মান্য ব্যক্তি, ছাত্ৰ ছাত্ৰী উপস্হিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *