...

নৱ কুমাৰ দলেক জয়ী কৰোৱাৰ লক্ষ্যৰে বিশাল সমৰ্থক

Spread the love

নৱ কুমাৰ দলেক জয়ী কৰোৱাৰ লক্ষ্যৰে বিশাল সমৰ্থক

ঢকুৱাখনাত বিজেপিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

ঢকুৱাখনা:

নিৰ্বাচনলৈ মাত্ৰ চাৰিটা দিন বাকী থকা অৱস্থাত ঢকুৱাখনা বিধানসভা সমষ্টিত বিজেপি তথা এনডিএৰ প্রার্থী নৱ কুমাৰ দলেয়ে অব্যাহত ৰাখিছে যুদ্ধকালীন তৎপৰতা। সমষ্টিটোৰ তিনিবাৰৰ বিধায়ক নৱ কুমাৰ দলেয়ে বিগত দিনকেইটাত তৃণমূল পর্যায়ত নির্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে।ঢকুৱাখনা সমষ্টিত নৱ কুমাৰ দলেক অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী কৰোৱাৰ লক্ষ্যৰে নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰিছে বিজেপি মিত্রজোঁটৰ সহযোগী দল অসম গণ পৰিষদ, সম্মিলিত গনশক্তি, অসমৰ নেতা-কৰ্মীসকল। সমান্তৰালকৈ বিজেপিৰ ভাবাদর্শ আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কৰ্ম দক্ষতাৰ প্ৰতি বিশেষভাৱে অনুগত আৰু আকৃষ্ট হোৱা টিম ঢকুৱাখনাৰ নেতৃত্বত বিজেপি দলীয় নেতা-কর্মীয়ে তেওঁলোকৰ প্ৰাৰ্থীগৰাকীৰ নিশ্চিত বিজয়ৰ পথ প্রশস্ত কৰাৰ বাবে দিন-ৰাতি একাকাৰ কৰি নিৰ্বাচনী প্রচাৰত জঁপিয়াই পৰা পৰিলক্ষিত হৈছে।বুথভিত্তিক সভাসমূহত ৰাইজৰ বিশেষভাৱে মহিলাসকলৰ বুজন পৰিমাণৰ উপস্থিতিয়ে উৎসাহিত কৰি তুলিছে বিজেপিৰ কৰ্মকৰ্তাসকলৰ লগতে কর্মী আৰু সমর্থকসকল।ইয়াৰ মাজতে আজি বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী নৱ কুমাৰ দলেয়ে সমষ্টিটোৰ বিভিন্ন পঞ্চায়তত অব্যাহত ৰাখিছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ।শনিবাৰে পুৱাই চাউলধোৱা পঞ্চায়তত উপস্থিত হৈ পঞ্চায়তটোৰ কৰকণি খেলপথাৰ, থেকেৰাগুৰি ৰাস মঞ্চ,চাউলধোৱা ৰংগমঞ্চ আৰু শ্ৰীমন্তপুৰ ৰাস মঞ্চত অনুষ্ঠিত হোৱা চাৰিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে। প্ৰতিখন নিৰ্বাচনী সভাত প্ৰৱেশ কৰাৰ সময়ত অগণন লোকে দলেক আদৰণি জনোৱাৰ লগতে আর্শীবাদ প্রদান কৰে। পদূলিয়ে পদুলিয়ে ৰাইজে ‘ নৱ কুমাৰ দলে জিন্দাবাদ’, ‘বিজেপি জিন্দাবাদ’, ‘আকৌ এবাৰ বিজেপি চৰকাৰ’ আদি ধ্বনি দি এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে। ঠায়ে ঠায়ে প্ৰাৰ্থী নৱ দলেয়ে জ্যেষ্ঠ নাগৰিকৰ লগত মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ আশিস গ্রহণ কৰে।ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁ‌টৰ জয়ধ্বনিৰে মুখৰিত হৈ পৰা চাউলধোৱা পঞ্চায়তৰ চাৰিওখন সভাতে ৰাইজৰ সঁ‌হাৰি,বিপুল সমৰ্থন লাভ কৰি দলেয়ে কয় যে- ৰাইজৰ অভূতপূর্ব
সহাৰিয়ে এই কথা প্রমাণ কৰে যে সমগ্র অসমৰ ৰাইজ এতিয়া বিজেপিৰ পক্ষত আছে। ৰাইজে বিচাৰে উন্নয়ন আৰু বিকাশ। এইবাৰ অসমত পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ হ’ব । জাতি-মাটি-ভেটি সুৰক্ষিত কৰাৰ বাবে বিজেপিয়ে কাম কৰি আহিছে আৰু অনাগত দিনতো ইয়াৰ ধাৰাবাহিকতা অব্যাহত থাকিব।ইফালে নিৰ্বাচনী প্ৰচাৰ সভাতে চাউলধোৱা পঞ্চায়তৰ কংগ্ৰেছকে ধৰি অন্য দল-সংগঠনৰ কেইবাগৰাকীও কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিত যোগদান কৰে। বিয়লিলৈ সমষ্টিটোৰ অৱনৰি পঞ্চায়তত উপস্থিত হৈ দুখনকৈ নিৰ্বাচনী সভাত অংশগ্রহন কৰি উন্নয়নৰ স্বাৰ্থত ৰাইজক বিজেপিক ভোট দিবলৈ আহ্বান জনায়।নিৰ্বাচনী প্ৰচাৰ সভাত
ঘিলামৰা মণ্ডল বিজেপিৰ সভাপতি শোভন দত্ত,জিলা পৰিষদৰ সদস্যা ইন্দিৰা চিন্তে কুম্বাং, এম এম কে’ৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং,পঞ্চায়ত সভানেত্ৰী পিংকুমনি হাজৰিকা , মণ্ডল প্রভাৰী হেমন্ত গগৈকে ধৰি মিত্ৰজোঁ‌টৰ বিষয়ববীয়াসকল উপস্থিত থাকে।আনহাতে সমষ্টিটোত নিতৌ বিজেপিৰ কৰ্মকর্তা, কর্মী আৰু সমর্থকসকলে ৰাইজৰ পদূলিয়ে পদূলিয়ে নির্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *