দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ প্রধানমন্ত্রী
৪৭ হাজাৰ কোটিৰ প্ৰকল্পৰ আধাৰশিলা-উদ্বোধন কৰিব মোদীয়ে
চাইন অন ডেস্ক:
বিধানসভা নিৰ্বাচনৰ প্রাক্ষণত ৰাজ্যবাসীৰ বাবে ৪৭ হাজাৰ কোটি টকাতকৈয়ো অধিক ব্যয়সাপেক্ষ প্রকল্প উদ্বোধন-আধাৰশিলা
স্থাপনৰ লক্ষ্যৰে আজি দুদিনীয়াকৈ অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্রতিটো ভ্রমণতে অসমবাসীক কেইবাটাও উন্নয়নমূলক প্রকল্প প্রদান কৰি অহা প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ হ’ব বিশেষ আকর্ষণীয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্রী মোদীৰ ভ্ৰমণ সন্দৰ্ভত
বিস্তৃত ব্যাখ্যা কৰি উল্লেখ কৰে যে ১৩ মাৰ্চত বিয়লি কোকৰাঝাৰত উপস্থিত হ’বলগা প্ৰধানমন্ত্ৰীগৰাকীয়ে বিটিচিবাসীৰ বাবে ৪,৫৭৪ কোটি টকাৰ উন্নয়নৰ প্ৰকল্প উদ্বোধন কৰিব। ১৩ মাৰ্চত কোকৰাঝাৰত এক বিশাল জনসভাক সম্বোধন কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰ-গেলেফু ৰে’ললাইনৰ আধাৰশিলা স্থাপনৰ লগতে ১,১০০ কোটি টকাৰ পথ নিৰ্মাণৰ আধাৰশিলাৰ লগতে তিনিখনকৈ নতুন ৰে’ল ক্রমে কামাখ্যা-চার্লাপল্লী, অমৃত ভাৰত এক্সপ্ৰেছ, নাৰেংগী-আগৰতলা এক্সপ্ৰেছ, গুৱাহাটী-নিউ জলপাইগুৰি এক্সপ্ৰেছৰ শুভ
উদ্বোধন কৰিব। একে সময়তে প্রধানমন্ত্রীয়ে অসমমালা-৩.০ৰ অধীনত ৩,২১৭ টকা ব্যয়সাপেক্ষে এই ৮৮৩ কিলোমিটাৰ পথ আৰু ৩৬খন নতুন দলঙৰো প্ৰকল্পৰ ভূমি পূজন কৰিব। উক্ত দিনা গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৮,৮৪১ কোটি টকাৰ প্ৰকল্প মুকলি কৰিব। এই প্রকল্পই ৩,৬৩৩ কোটি টকা ব্যয়সাপেক্ষে ফৰকাটিং-তিনিচুকীয়া দ্বৈত ৰে’ললাইনৰ প্ৰকল্প সাঙুৰি লোৱাৰ লগতে ১,১৮০ কোটি টকা ব্যয়সাপেক্ষে ৰঙিয়া-মুৰ্কংচেলেক, চাপৰমুখ-ডিব্ৰুগড় ৰে’লপথৰ বৈদ্যুতিকৰণ প্ৰকল্পৰো উদ্বোধন কৰিব। তদুপৰি ২১০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া কামাখ্যা ৰে’ল ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰোপৱে’ৰ শিলান্যাস, গুৱাহাটীৰ বেতকুছিত নির্মিত একতা ম’ল আৰু ২,৩২০ কোটি টকা ব্যয়সাপেক্ষে কপিলী জলবিদ্যুৎ প্ৰকল্পৰ শুভাৰম্ভ কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীয়ে ১৫,৪৩০ কোটি টকা ব্যয়সাপেক্ষে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈকে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্ত মেগা ঘাই প্রকল্পৰো আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ দ্বিতীয় দিনা অর্থাৎ ১৪ মার্চত তেওঁ ২২,৮৬৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগা গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ হাইৱে’ৰ শিলান্যাস কৰিব। মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰীৰ আগমনত কাইলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচীটো হ’ব ৩.৫ লাখতকৈ অধিক চাহ বাগিচাৰ পৰিয়াল আৰু অন্যান্য খিলঞ্জীয়া লোকক ভূমিপট্টা প্রদান। ২০০ বছৰৰ গৌৰৱময় ঐতিহ্যক সম্মান জনাই আজি প্রধানমন্ত্ৰীৰ হাতেৰে চাহ শ্রমিকক ভূমিপট্টা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে সকলো প্রস্তুতি সম্পন্ন কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কার্যসূচী সন্দর্ভত সামাজিক মাধ্যমত উল্লেখ কৰিছে যে কাইলৈ ৰাজ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক দিন হ’ব। স্বাধীনতাৰ সাত দশকৰো অধিক সময় ধৰি চলি অহা এক দুখভৰা বঞ্চনাৰ অৱসান ঘটাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৩.৫ লাখৰো অধিক চাহ বাগিচাৰ পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান কৰিব। এই পদক্ষেপে অসমত চাহ শ্রমিক ভাই-ভনীসকলৰ স্বাভিমান, সুৰক্ষা আৰু অধিকাৰক নতুন দিশ প্ৰদান কৰিব। আনহাতে গুৱাহাটীত কাইলৈ প্রধানমন্ত্রীয়ে উদ্বোধন কৰিবলগা একতা ম’লত অসমৰ প্ৰতিখন জিলা তথা ভাৰতৰ প্ৰতিখন ৰাজ্যৰ দোকান উপলব্ধ হ’ব। একেদৰে বাইহাটা চাৰিআলি আৰু তেজপুৰৰ মাজত ১৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৫ পথটো চাৰিলেনলৈ উন্নীত কৰাৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱাৰ কথাও সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছে। ১৫,৪৩১ কোটি টকাৰ এই প্ৰকল্পটোৰ অধীনত আছে ১৭ কিলোমিটাৰ ব্ৰাউণ্ডফিল্ড প্ৰসাৰণ আৰু ৬৫ কিলোমিটাৰ গ্রীনফিল্ড বাইপাছ আৰু নতুন সংৰেখা। প্রকল্পটোৰ মূল বৈশিষ্ট্য হৈছে- ১৫খন বৃহৎ সেতু, ১৯খন উৰণ সেতু, ৪৩ আণ্ডাৰ পাছ আৰু তেজপুৰৰ ওচৰত এক জৰুৰী অৱতৰণৰ সুবিধা। এই প্রকল্প বাস্তৱায়িত হ’লে অসমৰ উত্তৰপাৰত পশ্চিমবংগ সীমান্তৰ কোকৰাঝাৰৰ পৰা অৰুণাচল প্ৰদেশৰ সীমান্তৰ ধেমাজি পর্যন্ত একাধাৰে চাৰিলেনযুক্ত সংযোগ স্থাপন হ’ব।