গভীৰ ষড়যন্ত্ৰৰ বলি হৈছিল নম্ৰতা; পৰিয়ালৰ অভিযোগ
আকৌ লাভ জেহাদ নে ? নে, নেপথ্যত আন কিবা বেলেগ ৰহস্য ?
গাড়ীত মুঠ ৫ গৰাকীকৈ যাত্ৰী থকাৰ মাজত,নিদিষ্ট এগৰাকীৰ হে কিয় দূৰ্ঘটনাত মৃত্যু হল ?
চাইন অন ডেস্কঃ
আকৌ লাভ জেহাদ নে ? নে, নেপথ্যত আন কিবা বেলেগ ৰহস্য ? গাড়ীত মুঠ ৫ গৰাকীকৈ যাত্ৰী থকাৰ মাজত,নিদিষ্ট এগৰাকীৰ হে কিয় দূৰ্ঘটনাত মৃত্যু হল ? আন কেই গৰাকীৰ শৰীৰত এটা আঁচোৰো নপৰিল কিয় ? কিয় দুগৰাকী গুৱাহাটীলৈ পলাই আহিব লগা পৰিস্থিতি হল ? এনেবিলাক অলেখ প্ৰশ্ন এতিয়া কেৱল পৰিয়ালৰ বাবেই নহয় ! সাধাৰণ জনতাকো দিকভ্ৰান্ত কৰি তুলিছে। হতবাক হৈ পৰিছে সকলো।হয়,
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কনিষ্ঠ অধিবক্তা নম্ৰতা বৰাৰ মেঘালয়ত এক পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাক লৈ তীব্ৰ চাঞ্চল্য আজিও অব্যাহত আছে। দুৰ্ঘটনাত এআইইউডিএফৰ যুৱনেতাৰ নাম সাঙোৰ খোৱাৰ লগে লগে স্বৃষ্টি হৈছে আন এক ৰহস্যৰ। তাৰ মাজতে নম্ৰতাৰ পৰিয়ালে এই ঘটনাত ষড়যন্ত্ৰৰ গোন্ধ পাইছে।
কনিষ্ঠ অধিবক্তাগৰাকীৰ পৰিয়ালৰ মতে এয়া দুৰ্ঘটনা নহয়। ইয়াৰ আঁৰত গভীৰ ষড়যন্ত্ৰ আছে।যাৰ বাবে পৰিয়ালৰ লোকে গোচৰটো মেঘালয়ৰ পৰা অসমলৈ হস্তান্তৰৰ দাবী জনাইছে।লগতে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ হস্তক্ষেপৰ আহ্বান জনাইছে।
উল্লেখ্য যে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শ্বিলঙলৈ ফুৰিবলৈ গৈ ৰহস্যজনক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল গোলাঘাট জিলাৰ কমাৰগাঁও বচাপথাৰৰ কনিষ্ঠ অধিবক্তা নম্ৰতা বৰাৰ। এই ঘটনাক সহজভাৱে ল’ব পৰা নাই নম্ৰতা বৰাৰ পৰিয়ালে।
নম্ৰতাৰ পৰিয়ালে জনোৱা মতে, AS-01-EV-9578 নম্বৰৰ বাহনেৰে নিশা ৫ গৰাকী সহযোগীৰ সৈতে শ্বিলঙলৈ গৈছিল নম্ৰতা। বাহনখনৰ চালকৰ আসনত আছিল এআইইউডিএফৰ এগৰাকী বিধায়কৰ পুত্ৰ আনায়াতুল ৱাদুদ।অভিযোগ অনুসৰি নম্ৰতাৰ মৃত্যুৰ পিছত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ সৈতে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল আনায়াতুল ৱাদুদ।
আৰক্ষী থানাত অন্য এজনক চালক হিচাপে পৰিচয় কৰাই দিছিল আনায়াতুল ৱাদুদে।যাৰ বাবে সমগ্ৰ দুৰ্ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে নম্ৰতাৰ পিতৃয়ে । সেয়ে সমগ্ৰ ঘটনাটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।
নম্ৰতাৰ মৃত্যু ঘটনাৰ সন্দৰ্ভত নম্ৰতাৰ পিতৃ ৰমেন বৰাই কয়, “মোৰ কন্যা গুৱাহাটী জে বি কলেজত তিনি বছৰীয়া আইনৰ পাঠ্যক্ৰম গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ত কনিষ্ঠ অধিবক্তা হিচাপে কাম আৰম্ভ কৰিছিল । মঙলবাৰে আদালতৰ পৰা ওলাই আহি ঘৰলৈ ফোন কৰি ৰূমত আছে বুলি কৈছিল আৰু বুধবাৰে পুৱাৰ ভাগত এটা ফোন আহিল আৰু ক’লে আজি শ্বিলঙৰ পৰা গুৰি আহোঁতে নম্ৰতা বৰাৰ দুৰ্ঘটনা হৈ মৃত্যু হৈছে ।”
“তাৰ পিছত মই লগত থকা মৃগাংক বৰুৱাক ফোন কৰিছো । তেওঁ ফোনটো উঠাই প্ৰঞ্জা হাজৰিকাক দিলে আৰু তেখেতে কয় যে আমি ছান ৰাইজ চাবলৈ আহিছিলোঁ, কিন্তু পলম হোৱাৰ বাবে ঘূৰি আহোঁতে ৰৈ থকা এখন বাহন অতিক্ৰম কৰোঁতে বেলেগ এখন বাহনে খুন্দা মাৰিলে আৰু নম্ৰতাই দুখ পাইছে।বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰিছো।” ……তেওঁ কয়।
“তাৰ পাছত আমি শ্বিলং অভিমুখে ৰাওনা হ’লো।কিন্তু বাটত নম্ৰতাৰ এজন বন্ধুক ফোন কৰিলো, তেখেতে শ্বিলং গৈ আছো বুলি ক’লে । বন্ধুগৰাকী উক্ত স্থানত উপস্থিত হোৱাৰ পাছত মই পুনৰ ফোন কৰিলো, তেতিয়া বন্ধুগৰাকীয়ে ক’লে মই নংপু আৰক্ষী থানাত আছো। কিন্তু মানুহবিলাকৰ ওপৰত মোৰ অলপ সন্দেহ হৈছে।” তেওঁ কয় ।
“তাৰ পিছত আমি নম্ৰতা বৰাৰ চিনিয়ৰ অধিবক্তাৰ সৈতে যোগাযোগ কৰি ঘটনাস্থলীত উপস্থিত হ’লো আৰু গম পালোঁ যিখন বাহন দুৰ্ঘটনাগস্ত হৈছিল সেই বাহনৰ পৰা নম্ৰতাক নমাই মৃগাংক আৰু প্ৰঞ্জাই বেলেগ এখন বাহনত নংপুৰ চিকিৎসালয়ত ভৰ্তি কৰাই আৰু বাকী পথ দুৰ্ঘটনা হোৱা বাহনখন আৰু তাত থকা আৰু দুজন ব্যক্তি পলাই আহিল ।” তেওঁ কয়।
পিতৃয়ে লগতে কয়, “চিকিৎসালয়ত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত বাহনৰ বিষয়ে সোধাত বাহনখন গ’ল বুলি কোৱাত আৰক্ষীয়ে বাহনখনৰ গৰাকীৰ নম্বৰ লৈ ফোন কৰাত মালিকে বেলেগ এজন চালক লৈ নংপু আৰক্ষী থানাত উপস্থিত হয়।কিন্তু নম্ৰতাৰ চিনিয়ৰ অধিবক্তাজন তাত উপস্থিত হোৱাৰ পাছত চালকৰ ওপৰত সন্দেহ হয় আৰু উক্ত বাহনত যাত্ৰা সকলোৰে সৈতে পৃথকে পৃথকে কথা পাতে। তেওঁলোকৰ কথাৰ মিল নাছিল। কিন্তু ভুৱা চালকজনক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি প্ৰদান কৰাত তেওঁ বাহনখন চলোৱা নাই বুলি স্বীকাৰ কৰে ।”
ঘটনাটো ষড়যন্ত্ৰমূলক বুলি অভিযোগ কৰি পিতৃয়ে কয়, “নম্ৰতাই ৰূমৰ পৰা ওলাই আহোঁতে তাইৰ আইফোন থৈ সাধাৰণ ফোন লৈ গৈছিল।কিন্তু যিহেতু ছানৰাইজ চাবলৈ গৈছিল তাইৰ আইফোনটো কিয় থৈ গৈছিল ? ইয়াৰ উপৰিও তাই ফুৰিবলৈ যোৱা কাপোৰ পৰিধান নকৰি ঘৰত পৰিধান কৰা সাধাৰণ কাপোৰ পৰিধান কৰি গৈছিল । মোৰ কন্যাই এনে ওলাই গ’লে কাপোৰ পৰিধান কৰাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ে । গতিকে এই সমগ্ৰ ঘটনাৰ বিষয়ে এক উচিত তদন্ত বিচাৰিছো ।”
তেওঁ লগতে কয় যে ইতিমধ্যে পৰিয়ালটোৱে নংপু আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে আৰু দিছপুৰ আৰক্ষী থানাতো গোচৰ ৰুজু কৰিছে। লগতে ঘটনাৰ উচিত তদন্তৰো দাবী জনাইছে পৰিয়ালটোৱে।
ঘটনাটোৱে এতিয়া সকলোকে স্তভিত কৰিছে।