...

নম্ৰতা বৰাৰ মৃত্যুৰ তদন্ত হবঃ মুখ্যমন্ত্ৰী ড° শৰ্মা

Spread the love

 

নম্ৰতা বৰাৰ মৃত্যুৰ তদন্ত হবঃ মুখ্যমন্ত্ৰী ড° শৰ্মা


নৱপ্ৰজন্মক সতৰ্ক হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

 

চাইন অন ডেস্কঃ

এগৰাকী তৰণী অধিবক্তাৰ মৃত্যুৱে জোকাৰি গৈছে সমগ্ৰ ! অধিবক্তা হৈও কিছু কিছু ক্ষেত্ৰত সংযম হোৱাৰ দৰকাৰ আছিল নেকি ? গুৱাহাটী মহানগৰীত ভাড়াতীয়া হিচাপে থাকি নিজকে সংযত কৰিব নোৱাৰিলে কিয় ? 


কিয় গুৱাহাটীৰ নিশাৰ মায়াত সোমাই পৰিব লগা হল অধিবক্তা নম্ৰতা ? 
গুৱাহাটীৰ মায়ানগৰীতেই ৰঙীন হৈ পৰে যুৱপ্ৰজন্ম। নিশা হৈ অহাৰ লগে লগেই মাতাল হৈ পৰে একাংশ যুৱক-যুৱতী। ক্ৰমাৎ উশৃংখল পৰিৱেশে 
আৱৰি ধৰা মহানগৰীত শেহতীয়াভাৱে সংঘটিত ঘটনা প্ৰৱাহে চিন্তিত কৰি তুলিছে সচেতন নাগৰিকক।

কেৱল গুৱাহাটী মহানগৰীতেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ছবিখন লাহে লাহে প্ৰকট হৈ উঠাত সাধাৰণ জনতাৰ কথা বাদেই, উদ্বিগ্ন হৈ পৰিছে স্বয়ং মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা । সেয়েহে সকলোকে এইক্ষেত্ৰত সতৰ্ক হ’বলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বন্ধুৰ সৈতে নিশা শ্বিলঙলৈ ফুৰিবলৈ গৈ মৃত্যুক সাবটি লোৱা অধিবক্তা নম্রতা বৰাৰ ঘটনাই লৈছে নতুন মোৰ।এই ঘটনাত ইতিমধ্যে নাম সাঙোৰ খোৱা কেইবাগৰাকীকো মেঘালয় আৰক্ষীয়ে সোধাপোছা আৰম্ভ কৰিছে।মেঘালয়ৰ নংপো আৰক্ষীয়ে শুকুৰবাৰে নিশা নম্ৰতাৰ নৈশ ভ্ৰমণৰ সংগীকেইগৰাকীক কেইবাঘণ্টাজুৰি জেৰা চলায়৷ বুধবাৰে পুৱতি নিশা মেঘালয়ৰ ৰি-ভই জিলাৰ চাংবাংলা অঞ্চলত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছিল নম্ৰতাৰ।এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তেই নৱপ্ৰজন্মক সতৰ্ক হ’বলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।

শনিবাৰে নলবাৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ সকলো অভিভাৱক, যুৱক-যুৱতীক সচেতন হোৱাৰ আহ্বান জনাই কয়…… “মই কেৱল এটাই অনুৰোধ কৰিম যিবিলাক কথা সমাজত আলোচনা হৈ থাকে অকণমান আমাৰ অভিভাৱকৰ পৰা ডেকা ল’ৰা-ছোৱালীলৈকে যাতে অলপ সচেতন হওঁ, সাৱধান হওঁ, সতৰ্ক হৈ থাকো।সামাজিক ক্ষেত্ৰতো এই বিষয়ত কাম কৰাৰ প্ৰয়োজন আছে।

প্ৰত্যেকটো ঘটনাৰ পৰা আমি শিকিব লাগে।

ইপিনে, নম্ৰতা বৰাৰ মৃত্যুৰ তদন্ত অসম আৰক্ষীয়ে কৰিব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়,”তদন্তৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত কোনো পদক্ষেপ ল’ব নোৱাৰে। কেৱল মেঘালয় আৰক্ষীক অসম আৰক্ষীয়ে সহায়হে কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *