...

হৰিনামৰ ধ্বনিৰে মুখৰিত নাহৰবাৰী

Spread the love

হৰিনামৰ ধ্বনিৰে মুখৰিত নাহৰবাৰী

জামুগুৰিহাটৰ নাহৰবাৰীৰ জ্যোতি-বিষ্ণু সমন্বয়ক্ষেত্ৰত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ

মূল তোৰণ, প্ৰদৰ্শনী দ্বাৰ, প্ৰতিনিধি শিবিৰ , কেন্দ্ৰীয় সেৱাবাহিনীৰ দ্বাৰ মুকলি
চাইন অন ডেস্ক:

শোণিতপুৰৰ নদুৱাৰ বিধানসভা সমষ্টিৰ জামুগুৰিহাটৰ নাহৰবাৰীত আজিৰেপৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংঘৰ বাৰ্ষিক অধিৱেশনখন তেজপুৰ জিলা শাখাৰ আতিথ্যত আৰম্ভ হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সমৱেত হোৱা লাখ লাখ ভক্তঈ ভিৰ কৰিছেহি নাহৰবাৰীৰ অনুষ্ঠানস্থলী । পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি ভকত-বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে অনুষ্ঠানস্থলী । অধিৱেশনস্থলীত আজি কাৰ্যসূচী অনুসৰি পৰিৱেশ নিকাকৰণ, অধিৱেশনৰ মূল তোৰণ, নামঘৰৰ দ্বাৰ, প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ দ্বাৰ, কেন্দ্ৰীয় সেৱাবাহিনীৰ শিবিৰ, প্ৰতিনিধি শিবিৰ আদি মুকলি কৰাৰ লগতে গছপুলি ৰোপণ কৰা হয় । অনুষ্ঠানস্থলীত সংঘৰ সভাপতিসহ সমূহ বিষয়ববীয়া, কাৰ্যকৰী সভাপতি তথা নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ তত্বাৱধানত অনুষ্ঠানস্থলীত ভক্তপ্ৰাণ ৰাইজৰ বাবে সকলোধৰণৰ সা-সুবিধা উপলদ্ধ কৰোওৱা হৈছে । একেদৰে, অনুষ্ঠানস্থলীত গজেন্দ্ৰ উপাখ্যানৰ প্ৰতীকপট, জ্যোতি-বিষ্ণুৰ প্ৰতিমূৰ্তি, শ্ৰীমন্ত শংকৰদেৱে ষাড় দমন কৰা কাৰ্য, গৰুড় পক্ষীত বহি থকা বিষ্ণু, নৰসিংহ, বিষ্ণুৰ বৰাহ অৱতাৰ আদি প্ৰতীকপট সজা যথাস্থানত উপস্থাপন কৰা হৈছে । প্ৰতিনিধি শিবিৰসমূহতো গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ঠায়ে ঠায়ে সংযোজন কৰাটোও এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা পৰিলক্ষিত হৈছে । অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠানৰ স্মৃতিগ্ৰন্থখনো আজি উন্মোচন কৰা হয় । উল্লেখ্য যে অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতি শোভাযাত্ৰাও অনুষ্ঠিত হ’ব । একেদৰে, অনুষ্ঠানৰ মূল সভাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *