বিশিষ্ট সাহিত্যিক-পণ্ডিত-শিক্ষাবিদ ড° নগেন শইকীয়াক সন্মান পি চি প্ৰিণ্টছফ্টৰ
চাইন অন ডেস্ক:
বিশিষ্ট সাহিত্যিক-পণ্ডিত-গৱেষক-শিক্ষাবিদ তথা জাতীয় জীৱনৰ হকে মাত মাতি অহা এগৰাকী বুদ্ধিজীৱী ড° নগেন শইকীয়াৰ প্ৰতি সন্মান জনাই ডিব্ৰুগড়ৰ এটা ছপাশাল পি চি প্ৰিণ্টছফ্টে প্ৰতিষ্ঠানটোৰ ২০২৬ চনৰ কেলেণ্ডৰখনত শইকীয়াদেৱৰ এখন পূৰ্ণাংগ এখন ফটো ছপা কৰে৷ বিশিষ্ট সাহিত্যিকগৰাকীয়ে নিজেই তেখেতেৰ বাসগৃহত কেলেণ্ডাৰখন উন্মোচন কৰি কয়– “এটি অভাবনীয় কথা যে পি চি প্ৰিণ্টছফ্টে মোৰ বাবে এখন দিনপঞ্জী এইবাৰ মোৰ নামত উলিয়াইছে৷ মই সঁচাকৈয়ে আনন্দিত হৈছোঁ আৰু
সন্মান অনুভৱ কৰিছোঁ৷ মই আশা কৰোঁ আমাৰ এই ডেকাচামৰ মনৰ আশা-আকাংক্ষাই আমাৰ ৰাজ্যখন তথা আমাৰ জাতিটোৰ বাবে কামত আহক৷ পি চি প্ৰিণ্টছফ্টৰ স্বত্বাধিকাৰী প্ৰাঞ্জল পাত্ৰই মোৰ বাবে এটা বৰ ডাঙৰ কাম কৰিলে, মই তেওঁৰ হিয়াভৰা আশীৰ্বাদ জনালোঁ৷” উন্মোচনী অনুষ্ঠানটোত ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বীৰেন বৰুৱা, শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈ, নাট্যকাৰ-অভিনেতা ড° নীলিম চেতিয়া, সাংবাদিক যাদৱ গগৈ, আলোকচিত্ৰ শিল্পী সৌৰভ দুৱৰাৰ লগতে পি চি প্ৰিণ্টছফ্টৰ স্বত্বাধিকাৰ প্ৰাঞ্জল পাত্ৰ উপস্থিত আছিল৷ পাত্ৰই আঁত ধৰি কয় যে বিশিষ্ট পণ্ডিত-সাহিত্যিকগৰাকীক বিশেষ এটা সন্মান জনোৱাৰ উদ্দেশ্যে কেলেণ্ডাৰখনত ড° নগেন শইকীয়াৰ পূৰ্ণাংগ এখন আলোকচিত্ৰ ছপা কৰে৷ এবছৰীয়া কেলেণ্ডাৰখনৰ আয়ুস শেষ হৈ যোৱাৰ পাছতো যাতে অনুৰাগীসকলে শইকীয়াদেৱৰ ফটোখন ৰাখিব পাৰে, সেই সুবিধাৰে কেলেণ্ডাৰখন ডিজাইন কৰা হৈছে৷ গতিকে তেওঁ আহ্বান জনাই বছৰটো শেষ হৈ যোৱাৰ পাছতো যাতে কেলেণ্ডাৰখন পেলাই নিদি শইকীয়া ছাৰৰ ফটোখন কাটি সংৰক্ষণ কৰি ৰাখে৷ উল্লেখ্য যে ডিব্ৰুগড়ৰ এটি উল্লেখযোগ্য ছপাশালৰ স্বত্বাধিকাৰী প্ৰাঞ্জল পাত্ৰই পেছাগত ছপাশালৰ কামৰ সমান্তৰালতভাৱে ডিব্ৰুগড়ৰ বিভিন্ন সামাজিক-সাংস্কৃতিক কামত নিজকে নিয়োজিত কৰি ৰাখিছে৷ তেওঁ অসমৰ জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মৰ দিনত ‘ওপজা দিনৰ ৰং’ শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰে৷ অনুষ্ঠানত তেওঁ লিখা ‘কি দিলা গানেৰে তুমি’ শীৰ্ষক গীতটো অসমৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী তৰালি শৰ্মাৰ কণ্ঠদানেৰে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই মুকলি কৰে৷ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানটোত প্ৰাঞ্জল পাত্ৰৰ সংগীত প্ৰযোজনা প্ৰতিষ্ঠান ‘ভ’কেল নেষ্ট’ৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই আৰু ‘কি দিলা গানেৰে তুমি’ গীতটো শুভমুক্তি কৰে বিশিষ্ট ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে৷ ইতিমধ্যে গীতটো শ্ৰোতা ৰাইজে আদৰি লৈছে৷ এনেদৰেই যুৱ ব্যৱসায়ীগৰাকী ব্যৱসয়িক কাম-কাজৰ সমান্তৰালভাৱে সামাজিক-সাংস্কৃতিক কৰ্মবোৰ কৰি আহিছে৷