...

মালিবাৰী চাকলা পাৰঘাটত অচিনাক্ত মৃতদেহ

Spread the love

মালিবাৰী চাকলা পাৰঘাটত অচিনাক্ত মৃতদেহ

তীব্ৰ চাঞ্চল্য!

নগৰবেৰা:
কামৰূপৰ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মালিবাৰীৰ চাকলা পাৰঘাটত শনিবাৰৰ পুৱাই এটা মৃতদেহক কেন্দ্ৰ কৰি চাঞ্চল্য বিয়পে |জলজলী নদীত ভাহি অহা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে এটা অচিনাক্ত মৃতদেহ৷ লগে লগে ৰাইজে খবৰ দিয়ে মন্দিৰা আৰক্ষীক৷ খবৰৰ ভিত্তিত মন্দিৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এছডিআৰএফ বাহিনীৰ সহযোগত মৃতদেহটো পাৰলৈ তোলে | মৃতদেহটো পুৰুষৰ আৰু বয়স প্ৰায় ৩৫ বছৰ হ’ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে৷ পিন্ধনত হাফপেণ্ট আৰু গেৰুৱা ৰঙৰ স্পৰ্টিং আছিল লোকজনৰ৷ অৱশেষত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচ লৈ প্ৰেৰণ কৰে৷ নৈৰ পানীত অচিনাক্ত লোকৰ মৃতদেহ ওলোৱাৰ ঘটনাই অঞ্চলজুৰি
চাঞ্চল্য বিয়পায়।

Leave a Reply

Your email address will not be published. Required fields are marked *