...

খামেৰী দলংৰ তলত দ’মে-দ’মে ঔষধ , তীব্ৰ চাঞ্চল্য

Spread the love

খামেৰী দলংৰ তলত দ’মে-দ’মে ঔষধ , তীব্ৰ চাঞ্চল্য

নগৰবেৰা:

কামৰূপৰ নগৰবেৰা খামেৰী দলংৰ তলত কালি বিয়লিৰ পৰত কাৰ্টনে কাৰ্টনে ম্যাদ উকলা ঔষধ কোনোবাই পেলাই দিয়াত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিয়পে।একাংশ স্থানীয় যুৱকে দলংৰ তলৰ পানী যুঁৱলিৰ নিচেই কাষত বুজন পৰিমাণৰ চেলাইন ,বেজি ,টেবলেট ,চিৰাপ’ৰ বটল সিচৰিত হৈ থকা প্ৰত্যক্ষ কৰি তললৈ নামি গৈ দৰৱ-পাতিবোৰ লিৰিকিবিদাৰি চায়। সকলোবোৰ ম্যাদ উকলা দৰৱ আৰু কাষত ভালেসংখ্যক দৰৱৰ নাম লিখা কাগজ আদিও অ’ত-ত’ত চেদেলি-ভেদেলি হৈ পৰি থকা দেখা যায়। নিঃসন্দেহে কোনোবা ফাৰ্মাচীয়ে ম্যাদ উকলি যোৱাৰ বাবেই দৰৱ সমূহ এইদৰে জনশূন্য ,পৰিত্যক্ত দেখি দলংৰ তলৰ ঠাইখিনিত এইদৰে দৰৱ সমূহ পেলাই দিয়া বুলিহে সকলোৰে অনুমান ,অৱশ্যে কিছুপৰৰ পাছতেই স্থানীয় সচেতনস একাংশই দৰৱ সমূহ সেইস্থানৰ পৰা থূপাই অইন স্থানলৈ নিয়াৰ দিহা কৰা বুলিও জানিব পৰা গৈছে।ম্যাদ উকলাৰ পূৰ্বে ঔষধ খিনিৰ আনুমানিক মূল্য পঞ্চাশ হাজাৰ টকা হ’ব বুলি প্ৰত্যক্ষদৰ্শীৰ অনুমান কৰিছে।ঔষধ খিনিক লৈ সকলোৰে মনত চাঞ্চল্য ,কৌতূহল বিয়পে |

Leave a Reply

Your email address will not be published. Required fields are marked *