...

*নগাঁৱৰ বেবেজীয়াৰ শংকৰ মাধৱ চিত্ৰকলা বিদ্যালয়ৰ অভিনন্দন অনুষ্ঠান সম্পন্ন*

Spread the love

 

নগাঁৱৰ বেবেজীয়াৰ শংকৰ মাধৱ চিত্ৰকলা বিদ্যালয়ৰ অভিনন্দন অনুষ্ঠান সম্পন্ন

 

#সপ্তম বৰ্ষৰ পৰীক্ষাত দুগৰাকী ছাত্ৰী জেনিছা শৰ্মা আৰু ভাস্বতী দেৱীৰ স্বৰ্ণ পদক

নগাঁও:-

নগাঁও জিলাৰ বেবেজীয়াৰ শংকৰ-মাধৱ চিত্ৰকলা বিদ্যালয়ৰ অভিনন্দনমূলক এক বিশেষ অনুষ্ঠান আজি অনুষ্ঠিত হয়৷বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানটিৰ আৰম্ভণিতে অতিথি তথা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক উদ্দেশ্যি আদৰণি ভাষণ আগবঢ়ায় চিত্ৰকলা বিদ্যালয়খনৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱাই৷ দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটিত বিদ্যালয়খনত ২০২৪-২৫ বৰ্ষত সুৰনন্দন ভাৰতীৰ অধীনত কলিকতা বʼৰ্ডৰ তত্বাৱধানত অনুষ্ঠিত হোৱা বছেৰেকীয়া অংকন পৰীক্ষাত সপ্তম বৰ্ষৰ দুগৰাকী ছাত্ৰী জেনিছা শৰ্মা আৰু ভাস্বতী দেৱীয়ে স্বৰ্ণ পদক অধিকাৰ কৰিবলৈ সক্ষম হোৱা বাবে দুয়োকে মানপত্ৰ আৰু ট্ৰফীৰে অভিনন্দন জনোৱা হয়৷ অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে ৰং-ৰেখাৰ অনুভৱ সকলো মানুহেই হৃদয়ঙ্গম কৰিব পাৰে বুলি মন্তব্য কৰে৷ উল্লেখযোগ্য যে শংকৰ মাধৱ চিত্ৰকলা বিদ্যালয়খনিয়ে চলিত বৰ্ষত সৰ্বভাৰতীয় পৰ্যায়ত ইনকম্পাৰেব’ল স্কুল অৱ দ্যা ইয়েৰ-২০২৫ ( Incomparable school of the year-2025 ) লাভ কৰি সুখ্যাতি কঢ়িয়াই আনিছে ৷ উক্ত বঁটা ইতিমধ্যে বিদ্যালয়ৰ অধ্যক্ষক কলকতাৰ খ্যাতনামা জ্ঞানমঞ্চৰ ৰংগমঞ্চত প্ৰদান কৰা হয়৷ চিত্ৰাংকন বিদ্যালয়খনৰ উপ-সভাপতি বীৰেণ শৰ্মালৈও তেওঁৰ কৰ্মৰাজিৰ বাবে “সেৱা নন্দন” সন্মান প্ৰদান কৰা বাবে শৰ্মাকো অনুষ্ঠানতে সম্ভাষণ জনোৱাৰ লগতে চিত্ৰাংকন বিদ্যালয়ৰ চাৰি গৰাকী শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে দীপিকা ডেকা,পল্লৱ শৰ্মা,নেহা বৰদলৈ আৰু চিন্ময় শৰ্মাক চিত্ৰনন্দন অভিধাৰে বিভূষিত কৰাত তেওঁলোককো অনুষ্ঠানতে অভিনন্দিত কৰা হয়৷ উল্লেখ্য যে যোৱা ৪ আৰু ৫ ডিচেম্বৰত কলকতাৰ দুটাকৈ বিখ্যাত সভাগৃহ “ইন্দুমতী” আৰু “জ্ঞান মঞ্চ”ৰ সভাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত উল্লিখিত বঁটাসমূহ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱা প্ৰমুখ্যে শিক্ষকসকলে গ্ৰহণ কৰি ৰাজ্যখনৰ লগতে নগাঁও জিলা আৰু স্বভূমি বেবেজীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে৷ অনুষ্ঠানৰ অন্তত শংকৰ মাধৱ চিত্ৰাংকন বিদ্যালয়ৰ সভাপতি গণেশ বৰাৰ শলাগৰ শৰাইৰে অনুষ্ঠানৰ পৰিসমাপ্তি ঘটে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *