...

২৫ ডিচেম্বৰত নগাঁৱত নগাঁও কুইজ কাৰ্ণিভেল-২০২৫

Spread the love

*২৫ ডিচেম্বৰত নগাঁৱত নগাঁও কুইজ কাৰ্ণিভেল-২০২৫*

 

“পোহৰৰ চিয়াঁহীৰে ৰ’দৰ চিঠি”,”এখন নেদেখা নদীৰ সিপাৰে” আৰু “দ্যা স্পেকট্ৰাম” শীৰ্ষক তিনিখন কুইজ প্ৰতিযোগিতা
 প্ৰতিযোগিতাত যোগদানৰ শেষ তাৰিখ–২৩ ডিচেম্বৰ,‌মংগলবাৰ

 

নগাঁও:-

নগাঁও কুইজ ফ’ৰামৰ উদ্যোগত “নগাঁও কুইজ কাৰ্ণিভেল-২০২৫” শীৰ্ষক এলানি বিশেষ কুইজ প্ৰতিযোগিতাৰ ২৫ ডিচেম্বৰত
আয়োজন কৰা হৈছে। নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সহযোগত শিক্ষানুষ্ঠানখনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এই বিশেষ কুইজ প্ৰতিযোগিতাখনি তিনিটা বিশেষ ইভেণ্টত অনুষ্ঠিত হ’ব। পুৱা ১০ বজাৰ পৰা ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’বলগীয়া কুইজ প্ৰতিযোগিতাখনিৰ প্ৰথমেই “পোহৰৰ চিয়াঁহীৰে ৰ’দৰ চিঠি” শীৰ্ষক এক লিখিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । দ্বাদশ শ্ৰেণী পৰ্যন্ত ছাত্ৰী-ছাত্ৰীৰ মাজত সীমাবদ্ধ থাকিবলগীয়া এই কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰিব শাণ্ডিল্য মহন্ত আৰু অনুজ শংকৰ দেৱনাথে। প্ৰতিযোগিতাৰ বিজয়ীসকলক ক্ৰমে তিনি হাজাৰ,দুই হাজাৰ আৰু এক হাজাৰ টকাৰ নগদ ধনৰ উপৰিও ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হ’ব । ইয়াৰ পিছতে অনুষ্ঠিত হ’ব “এখন নেদেখা নদীৰ সিপাৰে” শীৰ্ষক এক বিশেষ কুইজ প্ৰতিযোগিতা। সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত এই কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰিব নগাঁও কুইজ ফ’ৰামৰ চন্দ্ৰজিৎ দাস আৰু নয়নজ্যোতি বৰাই। প্ৰতিযোগিতাৰ বিজয়ীসকলক ক্ৰমে দহ হাজাৰ,সাত হাজাৰ আৰু পাঁচ হাজাৰ নগদ ধনৰ উপৰিও মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হ’ব । ইয়াৰোপৰি প্ৰতিযোগিতাখনত চূড়ান্ত ৰাউণ্ডলৈ উন্নীত হোৱা দল কেইটিক প্ৰত্যককে এক হাজাৰ টকাকৈ নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হ’ব । একেদিনাই বিয়লি ২ বজাৰ পৰা “দ্যা স্পেকট্ৰাম” শীৰ্ষক এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । ভাৰতৰ আগশাৰীৰ জনপ্ৰিয় কুইজ পৰিচালক অভ্ৰ দাসে পৰিচালনা কৰিবলগীয়া এই কুইজ ৰ্প্ৰতিযোগিতাৰ বিজয়ীদলক ক্ৰমে দহ হাজাৰ,সাত হাজাৰ আৰু পাঁচ হাজাৰ টকাকৈ নগদ ধনৰ লগতে মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হ’ব। এই ইভেণ্টৰ চূড়ান্ত ৰাউণ্ডত উপনীত হোৱা দল কেইটিৰ প্ৰত্যেকে এক হাজাৰকৈ নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হ’ব । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিযোগীসকলক ২৩ ডিচেম্বৰৰ পূৰ্বেই যোগদান নিশ্চিত কৰিবলৈ নগাঁও কুইজ ফ’ৰামে আহ্বান জনাইছে । আগ্ৰহী সকলে সবিশেষ জানিবৰ বাবে ৯৪৩৫১২৮০৮১ অথবা ৯১০১১৯২২১২ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আয়োজক গোষ্ঠীয়ে জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *