নগাঁৱৰ উৰিয়াগাঁৱত তৃতীয় বাৰ্ষিক সিন্ধুৰা হাজৰিকা কাপ প্ৰাইজমাণি ফুটবল আৰম্ভ
নগাঁও:-
নগাঁও জিলাৰ উৰিয়াগাঁৱত তৃতীয় বাৰ্ষিক জুবিন গাৰ্গলৈ উৎসৰ্গিত ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা কাপ প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা-২০২৫ ৰবিবাৰে আৰম্ভ হয়। জুবিন গাৰ্গলৈ উৎসৰ্গিত প্ৰতিযোগিতাখনিৰ আৰম্ভণিতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। খেলখনিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰবাল শৰ্মা। ভাষণ প্ৰসংগত শৰ্মাই কয় যে ক্ৰীড়াই কঢ়িয়াই আনে সম্প্ৰীতিৰ বাৰ্তা। উৰিয়াগাঁও ৰাইজৰ সবল প্ৰচেষ্টাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কুটিল হাতোৰাৰ পৰা মুক্ত কৰি একেৰাহে তৃতীয়বাৰৰ বাবে খেল অনুষ্ঠিত কৰাটো সম্ভৱ হৈছে। হিউমেন ৰাইটছ
ডিফেণ্ডাৰ হিৰক জ্যোতি বৰাই জুবিন গাৰ্গৰ সান্নিধ্যৰ কথা উল্লেখ কৰি জুবিন গাৰ্গে ফুটবল খেলক সদায় অগ্ৰাধিকাৰ দি আহিছে।উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত নগাঁও ক্ৰীড়া সংস্থাৰ তৰফৰ পৰা নাছিৰ
আহমেদ উপস্থিত থাকে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক শুভ্ৰজিৎ গগৈয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী নাৰায়ন চন্দ্ৰ বনিয়া,কুশ ৰাম বৰা,জয়ন্ত বৰা, হলি শইকীয়া,দেবেন বৰা,মণ্টু শইকীয়া,বিকি হাজৰিকাৰ লগতে উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সভাপতি প্ৰভাত বৰা আৰু সম্পাদক ৰূপৰাম হাজৰিকাৰ উপৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সভাপতি নমিতা বৰা উপস্থিত থাকে । আজিৰ উদ্বোধনী খেলখন মʼহমৰীয়া বয়জ ক্লাব আৰু কাৰ্বি ষ্টুডেন্টছ এচ’চিয়েচন,নগাঁৱৰ মাজত অনুষ্ঠিত হয়। খেলখনত মʼহমৰীয়া বয়জ ক্লাবে বিজয় সাব্যস্ত কৰে। মʼহমৰীয়া বয়জ ক্লাবে কাৰ্বি ষ্টুডেন্টছ এচ’চিয়েচনক ৩-১ব্যৱধানত পৰাজিত কৰে। কাইলৈ অৰ্থাৎ সোমবাৰে আঞ্জুকপানী ফুটবল ক্লাব আৰু বঢ়মপুৰ ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জনাইছে ।