নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত একতাৰ পদযাত্ৰাৰ সমদল
বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন বঁটা বিজয়ী নয়ন মণি শইকীয়াক সম্বৰ্ধনা
নগাঁও:-
লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে ভাৰত চৰকাৰে সমগ্র ৰাষ্ট্ৰজুৰি ঐক্যৰ পদযাত্ৰাৰ আয়োজন কৰিছে । দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি বল্লভভাই পেটেলৰ অতুলনীয় অৱদানক প্ৰতীকী সন্মান জনায়,ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “এক ভাৰত,আত্মনির্ভৰ ভাৰত” গঢ়াৰ সংকল্পৰ লগত সংগতি 

নগাঁও চহৰখনৰ পাঁচ সহস্ৰাধিক বিভিন্ন বিদ্যালয়,মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,নৱম অসম আৰক্ষী বাহিনীৰ বেণ্ড,ধিং খ্ৰাইছজ্যোতি স্কুলৰ এন.চি.চি. বেণ্ড,কঠীয়াতলী চেইণ্ট থমাছ স্কুলৰ বেণ্ড আৰু হলী ক্ৰছ স্কুলৰ বেণ্ডৰ দল,এন.চি.চি,এন.এছ. এছ,আৰক্ষী আৰু বিশিষ্ট নাগৰিক সকলে অংশগ্ৰহণ কৰা উক্ত পদযাত্ৰাটিৰ শুভাৰম্ভ কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। উল্লেখ্য যে,এই একতাৰ পদযাত্ৰায়ে চহৰখনৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি পুনৰ নেহৰুবালি বাকৰিত সমাপ্ত হয়। পদযাত্ৰাৰ সময়ছোৱাত নগাঁও ক্লক টাৱাৰৰ সমীপত বাটৰ নাট আৰু কমাৰ্চ কলেজৰ সমীপত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকলে বড়ো নৃত্য পৰিবেশন কৰে। আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি নেহৰুৱালিৰ অনুষ্ঠানস্থলীত কেবাখনো আত্মনিৰ্ভৰ বিপনীৰ ষ্টল স্থাপন কৰা হয়। আজিৰ এই অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া,নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা, অতিৰিক্ত আয়ুক্ত ক্ৰমে-সুদীপ নাথ,দেবাহুতি বৰা,বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়ক মুকুট ৰাভা,সমাজকৰ্মী সুৰেশ বৰাকে প্ৰমুখ্য কৰি জিলা ক্ৰীড়া বিষয়া প্ৰতিম বৰুৱা,জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল,ক্ৰীড়া বিভাগৰ বিষয়া-কৰ্মচাৰীসকল আৰু বহুসংখ্যক ৰাইজ উপস্থিত থাকে ।

