নগাঁৱৰ ডুমডুমীয়া বংশী বদন-বংশী গোপাল সত্ৰৰ নৱনিৰ্মিত তোৰণ আৰু বাটচ’ৰা মুকলি
ডিজিটেল সংবাদ, নগাঁও, ৮ নবেম্বৰঃ “সত্ৰসমূহ অসমৰ জাতীয় জীৱনৰ স্পন্দন। ৰাজ্যৰ সত্ৰসমূহৰ সন্মুখত প্ৰত্যাহ্বান আহি পৰিছে। ব্যতিক্ৰম নহয় ওপৰ ডুমডুমীয়া সত্ৰও । এই সত্ৰৰ উন্নয়নৰ বাবে চৰকাৰে পদক্ষেপ লৈছে। সত্ৰলৈ পৰিৱৰ্তন আনিবলৈ সামাজিক আৰু ৰাজনৈতিক সহযোগিতাৰ প্ৰয়োজন আছে । ইয়াৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পূৰ্ণাংগ সত্ৰ আয়োগ গঠন কৰি সত্ৰসমূহলৈ আইনগত আৰু আৰ্থিক সহযোগিতা প্ৰদানৰ পৰিকল্পনা লৈছে।” এই মন্তব্য নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ। শনিবাৰে দুপৰীয়া নগাঁও জিলাৰ বটদ্ৰৱা থানৰ উত্তৰ দিশত অৱস্থিত ওপৰ ডুমডুমীয়া বংশী বদন আৰু বংশী গোপাল সত্ৰৰ নৱনিৰ্মিত তোৰণ আৰু বাটচ’ৰা মুকলি কৰি বিধায়ক শৰ্মাই লগতে কয় যে মই ওপৰ ডুমডুমীয়া বংশী বদন আৰু বংশী গোপাল সত্ৰৰ উন্নয়নৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিম। যদিওবা মোৰ সমষ্টিৰ অন্তৰ্গত নহয়, তথাপিও মোৰ চেষ্টা আৰু সহযোগিতা সদায় এই সত্ৰখনিৰ প্ৰতি থাকিব।
জিলাখনৰ পশ্চিমাঞ্চলৰ ঐতিহ্যমণ্ডিত ওপৰ ডুমডুমীয়া বংশী বদন আৰু বংশী গোপাল সত্ৰৰ নৱনিৰ্মিত তোৰণ আৰু বাটচ’ৰা মুকলি অনুষ্ঠানটি ধৰ্মীয় পৰম্পৰাৰে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয়। পুৱা ৬বজাত খোল প্ৰসঙ্গ,আইসকলৰ পানী তোলা-নাম প্ৰসঙ্গৰ পাছত ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰীশ্ৰী বাসুদেৱ সত্ৰ হাবিবৰঙাবাৰীৰ সত্ৰাধিকাৰ অনুপম মহন্তই । এই অনুষ্ঠানতে পুৱা শিল্পী জুবিন গাৰ্গ,দীপক শৰ্মা,ৰামচৰণ ভৰালীকে আদি কৰি সদ্য প্ৰয়াত শিল্পীসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। দুপৰীয়া ভকতসকলক নাম কীৰ্তনৰ পাছত নিশা “কলিৰ পৰাজয়” শীৰ্ষক ভাওনা পৰিবেশন কৰা হয়।