ধুবুৰীত অবৈধ নাগালেণ্ড ৰাজ্যিক লটাৰী বিক্ৰী!
অভিযোগত আটক দুই – জব্দ মোবাইল,নগদ ধন,নাগালেণ্ড ৰাজ্যিক লটাৰীৰ ৫০টাকৈ টিকট
ধুবুৰী:
ৰাজ্যজুৰি লটাৰী খেলৰ টিকট বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰী থকাৰ সময়ত ধুবুৰীত অবৈধভাৱে নাগালেণ্ড ৰাজ্যিক লটাৰীৰ টিকট বিক্ৰী কৰি থকা অৱস্থাত দুজনকৈ ব্যক্তিক আৰক্ষীয়ে কৰায়ত্ত কৰা বুলি
জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত যোৱা নিশা প্ৰায় ৮-৩৫ টা মান বজাত ডিএছপি (পি) বি. ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে ধুবুৰীৰ আলীঘাট অঞ্চলত এক অভিযান চলাইছিল। উক্ত অভিযানত দুজন ব্যক্তিক অবৈধ ভাবে নাগালেণ্ড ৰাজ্যিক লটাৰী টিকট বিক্ৰী কৰি থকা অৱস্থাত হাতেনাতে ধৰা পৰে। ধৃত দুই ধুবুৰী চহৰৰ ১১নং ৱাৰ্ডৰ বাহাদুৰটাৰীৰ নন্দন দাস (২৬) আৰু দিনেশ দাস (৩৫) বুলি প্ৰকাশ। জানিব পৰা মতে, ধৃতদ্বয়ীৰ পৰা দুটা স্মাৰ্ট ফোন, নগদ ধন আৰু ৫০টা নাগালেণ্ড ৰাজ্যিক লটাৰীৰ টিকট উদ্ধাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, শেহতীয়ৈকৈ ধুবুৰী চহৰত আন কেইটামান অঞ্চলতো মুকলিকৈয়েই নাগালেণ্ডৰ “ডিয়াৰ লটাৰী”কে ধৰি মিজোৰাম ‘চুপাৰ কুইজ” নামৰ আন এবিধ লটাৰীৰ বহুল প্ৰচলন ঘটাৰ উপৰিও অবৈধ তাৰ নামৰ এবিধ জুৱাৰ টিকটো বিনা বাধায় মুকলিকৈ বিক্রি কৰা হৈ থকাৰো দীৰ্ঘদিনৰ পৰাই বুবু-বাবা আছে।