...

ঢকুৱাখনাৰ বিজেপি প্রার্থী নৱ কুমাৰ দলেৰ মনোনয়ন দাখিল

Spread the love

ঢকুৱাখনাৰ বিজেপি প্রার্থী নৱ কুমাৰ দলেৰ মনোনয়ন দাখিল

 

বিজেপি কর্মী-সমর্থকৰ উল্লাস:নামঘৰ-মন্দিৰত সেৱা লৈ মনোনয়ন

ঢকুৱাখনা:

ঢোলে-দগৰে পৰিবেষ্টিত হৈ গীত-মাতেৰে ঢকুৱাখনা সমষ্টিৰ আকাশ-বতাহ কঁপাই আজি কে’বা হেজাৰ সমৰ্থকসহ আনুষ্ঠানিকভাবে মনোনয়নপত্র দাখিল কৰে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্রার্থী নৱ কুমাৰ দলেই।লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্র দাখিলৰ পূর্বে অসংখ্য দলীয় কৰ্মী -সমর্থকৰ উপস্থিতিত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে ঢকুৱাখনাত।আজি পুৱাই ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা কাৰ্যলয়ত এক উৎসৱমুখৰ পৰিৱেশৰ মাজত প্ৰাৰ্থী দলে উপস্থিত হৈ দলীয় কর্মী আৰু সমর্থকসকলৰ সৈতে সমবেত হৈ আশিস গ্রহণ কৰে। তৃতীয়বাৰৰ বাবে ৭৭ নং ঢকুৱাখনা সমষ্টিৰ পৰা দলীয় টিকট লাভ কৰা নৱ কুমাৰ দলেৰ মনোনয়ন পত্র দাখিলক কেন্দ্ৰ কৰি ঢকুৱাখনা নগৰস্থিত বিজেপিৰ জিলা কাৰ্যলয়ত সমষ্টিটোৰ বিভিন্ন প্রান্তৰ পৰা অহা অগণন দলীয় নেতা-কৰ্মী,সমৰ্থকে ভিৰ কৰি আকাশ-বতাহ কঁপাই তোলে।ইয়াৰ পিছতেই তেঁও দলীয় সমর্থক-ৰাইজক লগত লৈ ঢোলে-ডগৰে মনোনয়ন-পত্র দাখিল কৰিবলৈ লখিমপুৰলৈ ৰাওনা হয়।বহুসংখ্যক সম্মানীয় ব্যক্তি আৰু বৃহৎ সংখ্যক দলীয় কার্যকর্তা, সমর্থকক লগত লৈ ঢকুৱাখনাৰ পৰা লখিমপুৰত উপস্থিত হৈ ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বাবে ৰিটাৰ্ণিং বিষয়া প্ৰভাত পেগুৰ
ওচৰত চতুৰ্থ বাৰৰ বাবে মনোনয়নপত্র দাখিল কৰে বিজেপিৰ প্ৰাৰ্থী দলেৱে।মনোনয়নপত্র দাখিলৰ বাবে যাত্ৰা আৰম্ভ কৰা দলেৱে সুদীৰ্ঘ যাত্রা পথৰ কে’বাঠাইতো নামঘৰ, মন্দিৰত আঁঠু লৈ নেদেখাজনৰ আশীৰ্বাদ গ্রহণ কৰা দেখা যায়। মনোনয়ন দাখিলৰ যাত্রা পথত ৰাইজে ফুলাম গামোচাৰে দলেক আদৰণি জনোৱাও পৰিলক্ষিত হয়।পাছত তেওঁ সাংবাদিকৰ আগত কয়, ‘সৃষ্টিকর্তা আৰু সমষ্টিৰ ৰাইজৰ আশীবাদ লৈ মনোনয়ন দাখিল কৰিলোঁ। সমষ্টিবাসী ৰাইজৰ যি মৰম আৰু আস্থা দেখিবলৈ পালো তাৰে বাবে অভিভূত বুলি মন্তব্য কৰি সমষ্টিবাসীৰ আশা-আকাংক্ষাবোৰ বাস্তৱ ৰূপ দিয়াই প্রধান কর্তব্য বুলি মত ব্যক্ত কৰে।প্রধানমন্ত্রী নৰেন্দ্র মোদী, ৰাষ্ট্রীয় সভাপতি নবীন নীতিন, মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শর্মা, ৰজ্যিক সভাপতি দিলীপ শইকীয়া সহ দলৰ নেতৃত্বক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি নৱ কুমাৰ দলেই পুনৰ কয় যে –
বাইজৰ আশীর্বাদত অহা সময়ছোৱাত মই সমষ্টিটোৰ উন্নয়নৰ বাবে অধিক কাম কৰাৰ প্রয়াস কৰিম। আজিৰ জনসমুদ্রই প্রমাণ কৰে বিজেপিৰ প্রতি বাইজ ধাৱমান হৈছে।’ তৃতীয়বাৰৰ বাবে অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ’ব। ঢকুৱাখনাবাসী ৰাইজৰ আশীর্বাদ মোৰ প্ৰেৰণাৰ উৎস বুলি তেওঁ উল্লেখ কৰে। উল্লেখ্য যে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিত বিজেপি দলৰ বিপৰীতে কংগ্ৰেছ দলে যুৱ নেতা আনন্দ নৰহক প্রার্থিত্ব প্রদান কৰিছে। ইয়াৰ লগতে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা ড° সুৰজিত দলে
কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব নাপাই নিৰ্দলীয় হিচাপে নিৰ্বাচনত অবতীৰ্ণ হৈছে। সমষ্টিত কংগ্ৰেছ দলৰ বিশেষ প্ৰভাৱ থকা অসম প্ৰদেশ কংগ্ৰেছৰ শিক্ষক কোষৰ উপাধ্যক্ষ
ড° সুৰজিত দলেৰ এই সিদ্ধান্তই কংগ্রেছী মহলক চিন্তিত কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *